গুৱাহাটী,8 জুন: 8 জুন অৰ্থাৎ আজিৰ পৰা দুবছৰ পূৰ্বে অসমৰ কাৰ্বি আংলং জিলাত সংঘটিত হৈছিল মানৱ সমাজক লজ্জিত কৰা এক চূড়ান্ত অমানৱীয় ঘটনা । কাৰ্বি আংলঙৰ ডকমকাৰ কাংথিলাংছ' জলপ্ৰপাতলৈ ফুৰিবলৈ যোৱা গুৱাহাটীৰ দুই যুৱক অভিজিত নাথ আৰু নিলোৎপল দাসক সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰ কৰি মৰিয়াই মৰিয়াই হত্যা কৰিছিল একাংশ মানৱৰূপী দানৱে । অভি-নীলৰ এই নিৰ্মম হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা ছ’চিয়েল মেডিয়াত বিয়পি পৰাৰ পিছত দেশৰ লগতে সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিবাদ দেখিবলৈ পোৱাৰ লগতে ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছিল । উজনিৰ পৰা নামনিলৈকে অভি-নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কঁপাই তুলিছিল অসমবাসী ৰাইজে ।
পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে এই গণ প্ৰহাৰৰ ঘটনাৰ তদন্তৰ গতিত ক্ষীপ্ৰতা প্ৰদান কৰি 47 জন লোকক গ্ৰেপ্তাৰ কৰি 800 পৃষ্ঠা জোৰা এক অভিযোগনামা ডিফু আদালতত দাখিল কৰে ৷ পৰৱৰ্তী সময়ত 2018 চনৰ 4 চেপ্তেম্বৰত এই গোচৰটো নগাঁও আদালতলৈ বদলি কৰা হয়। অসমবাসী ৰাইজৰ লগতে অভি-নীলৰ পিতৃয়ে এই গোচৰটো ফাৰ্ষ্ট্ৰ ট্ৰেক আদালতত চলাবলৈ দাবী জনোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মঞ্জিত ভূঞাৰ ডিভিজনেল বেঞ্চে গোচৰটোৰ বিচাৰ ফাৰ্ষ্ট্ৰ ট্ৰেক আদালতত চলাবলৈ নগাঁও আদালতৰ মুখ্য ন্যায়াধীশক নিৰ্দেশ প্ৰদান কৰে ৷
বিগত ডেৰ বছৰ ধৰি অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত 71 গৰাকী সাক্ষীৰ ভিতৰত 21 গৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণৰ বিপৰীতে 50 গৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিবলৈ এতিয়াও বাকী আছে । এই অমানৱীয় হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাটো অতি দুখজনক বুলি অভি-নীলৰ পিতৃদ্বয়ে মন্তব্য প্ৰকাশ কৰি কেইবাগৰাকী চাক্ষুক সাক্ষীয়ে ভাষ্য সলনি কৰাক কেন্দ্ৰ কৰি শংকিত হৈ পৰাৰ কথা প্ৰকাশ কৰে ৷
আনহাতে, অভি-নীলৰ হত্যাকাণ্ডৰ পিছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ ফলত এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ আশা প্ৰকাশ কৰা হৈছিল যদিও ডাঃ দেবেন দত্ত,সনাতন ডেকা,দেৱাশীষ গগৈ আদি কেইবাজনো গণ প্ৰহাৰৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে । ইয়াৰ একমাত্ৰ কাৰণ হৈছে লেহেমীয়া বিচাৰ প্ৰক্ৰিয়া । গণ প্ৰহাৰৰ নিচিনা অমানৱীয় ঘটনা ৰোধ কৰা আৰু এনে ঘটনাৰ লগত জড়িত ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰ দেশত বৰ্তমান এণ্টি মব লিনচিং আইন প্ৰণয়ন কৰাটো অতিকৈ প্ৰয়োজন । উক্ত আইন প্ৰণয়নৰ বাবে সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াৰ লগত যুঁজ চলাই যাব অভি-নীলৰ পিতৃদ্বয়ে। ইতিমধ্যে সমাজকর্মী শইকীয়াই দেশৰ বিভিন্ন প্ৰান্তৰ সমাজকৰ্মী সকলৰ লগত এই সম্পৰ্কে আলোচনাত মিলিত হৈছে । দেশত এণ্টি মব লিনচিং আইন প্ৰণয়নৰ যুঁজত উত্তৰ-পূৱক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিব অসম সন্তান সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই ।
লগতে চাওকঃ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীলৈ সহায়ৰ হাত বিজেপি নেতাৰ