ETV Bharat / state

এক্সেল কেয়াৰ চিকিৎসালয়ৰ বিৰুদ্ধে কৰ’ণাৰ নামত ব্যৱসায়ৰ অভিযোগ - ক'ভিড-19 ৰ চিকিৎসা

মহানগৰীৰ বৰাগাওঁস্থিত এক্সেল কেয়াৰ চিকিৎসালয়ৰ বিৰুদ্ধে সম্প্ৰতি উত্থাপিত হৈছে এক বিস্ফোৰক অভিযোগ ৷ কৰ’ণা ভাইৰাছৰ পৰীক্ষাত নিগেটিভ ফলাফল লাভ কৰা ৰোগীক পজিটিভ সজোৱাৰ বাবে উঠিপৰি লাগিছে চিকিৎসালয় কৰ্তৃপক্ষ ৷ চিকিৎসালয়খনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে শিলচৰৰ ৰীতা নাথ নামৰ এগৰাকী মহিলাই ৷

Complaint against Excel Care hospital in the name of Covid 19 businessComplaint against Excel Care hospital in the name of Covid 19 business
এক্সেল কেয়াৰ চিকিৎসালয়
author img

By

Published : Aug 5, 2020, 7:58 AM IST

গুৱাহাটী,5 আগষ্ট: ৰাজ্যৰ একাংশ ব্যক্তিগত চিকিৎসালয়ে কৰ’ণা ভাইৰাছৰ চিকিৎসাৰ নামত চলাই গৈছে ব্যৱসায় ৷ এই অভিযোগ উত্থাপন কৰিছে চিকিৎসালয়ত চিকিৎসা গ্ৰহণৰ উদ্দেশ্যে অহা ৰোগীয়ে ৷ মহানগৰীৰ বৰাগাওঁস্থিত এক্সেল কেয়াৰ চিকিৎসালয়ৰ বিৰুদ্ধে সম্প্ৰতি উত্থাপিত হৈছে এক বিস্ফোৰক অভিযোগ ৷ কৰ’ণা ভাইৰাছৰ পৰীক্ষাত নিগেটিভ ফলাফল লাভ কৰা ৰোগীক পজিটিভ সজোৱাৰ বাবে উঠিপৰি লাগিছে চিকিৎসালয় কৰ্তৃপক্ষ ৷ চিকিৎসালয়খনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে শিলচৰৰ ৰীতা নাথ নামৰ এগৰাকী মহিলাই ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মহিলাগৰাকীয়ে বিগত দেওবাৰে হৃদৰোগজনিত কাৰণত ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি হৈছিল ৷ ইতিপূৰ্বে মহিলাগৰাকীয়ে শিলচৰত কোভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰিছিল যদিও পুনৰায় এক্সেল কেয়াৰ চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ স্বাৱ পৰীক্ষা কৰে ৷ উক্ত স্বাৱ পৰীক্ষাৰ ফলাফলত ৰীতা নাথৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিষয়ে পোহৰলৈ আহে ৷

এক্সেল কেয়াৰ চিকিৎসালয়ৰ বিৰুদ্ধে ব্যৱসায়ৰ অভিযোগ

আনহাতে, মহিলাগৰাকীৰ পৰিয়ালে এই পৰীক্ষাৰ ফলাফলত সন্তুষ্ট নহৈ পুনৰায় মহিলাগৰাকীৰ স্বাৱ পৰীক্ষা কৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ কিন্তু উক্ত দুয়োখন চিকিৎসালয়ৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত প্ৰকৃত সত্য ওলাই পৰে ৷ এক্সেল কেয়াৰ চিকিৎসালয় কৰ্তৃপক্ষৰ এনে মইমতালিৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰীতা নাথৰ পৰিয়ালবৰ্গই ৷ পৰিয়ালটোৱে ৰোগীৰ জীৱনক কেন্দ্ৰ কৰি চিকিৎসালয়খনে কৰা হেতালিৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে চৰকাৰক ৷

লগতে চাওকঃ কন্টেইনমেন্ট জ'নত নাই কোনো বাধা-বাধকতা, প্ৰশাসনৰ নিৰ্লিপ্ততা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.