গুৱাহাটী,৯ জুন: বুধবৰীয়া পৰম্পৰা ভাঙি মঙলবাৰে অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা কেবিনেটৰ বৈঠকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইতিমধ্যে সেই সিদ্ধান্তলানি সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছে । কিন্তু মঙলবাৰৰ এই কেবিনেটতে ঘটিল আন এক ঘটনা ।

পূৰ্বৰ সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে মাত্ৰ কেইমাহমানৰ বাবে অন্তৰ্ভুক্ত হোৱা সঞ্জয় কিষাণক এইবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰী হিচাপে তেওঁৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে । মন্ত্ৰীসভা গঠনৰ দুমাহ সম্পূৰ্ণ নহওতেই সঞ্জয় কিষাণৰ নাম সাঙোৰ খালে নিযুক্তি কেলেংকাৰীত ।
কেবিনেটত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মুকলিকৈ মন্ত্ৰী গৰাকীক ভৱিষ্যতলৈ এনে কামৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে । লগতে তেওঁৰ মন্ত্ৰীসভাৰ বাকীসকল সদস্যকো এনে কাৰ্যৰ সৈতে জড়িত নহ'বলৈ সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে ।