মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
- ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত শীৰ্ষ আৰক্ষী বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠক
- মহানগৰ আৰক্ষী আয়ুক্তৰ অধীনত প্ৰতিখন আৰক্ষী জিলাত অপৰাধজনিত কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবে সুকীয়া কৌশল অৱলম্বন কৰাত গুৰুত্ব মুখ্যমন্ত্ৰীৰ
- এতিয়ালৈকে সংঘটিত মহানগৰীৰ প্ৰতিটো অপৰাধত জৰিত দুস্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ব কৰিবলৈও আৰক্ষীক কঠোৰ নিৰ্দেশ
- মহানগৰীত নৈশ নিৰাপত্তা শক্তিশালী কৰিবলৈও নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে
- চাইবাৰ অপৰাধৰ সৈতে শক্তিশালী ভাবে মোকাবিলা কৰিবলৈও নিৰ্দেশ
- আৰক্ষীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ- মহানগৰীত নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰক