গুৱাহাটী, ৮ জানুৱাৰী: মা কামাখ্যাৰ চৰণ চুই বীৰ লাচিতে সৈনিকসকলক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ উদ্বুদ্ধ কৰিছিল ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa sarma) । দেওবাৰে গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২৮সংখ্যক ৰাজ্যিক অধিৱেশনত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে আমাক সাম্প্ৰদায়িক সম্প্ৰতি লাগে(28th State Convention of ABVP) । সাম্প্ৰদায়িক শক্তিৰ যি আধাৰ সেই আধাৰৰ ইতিহাস বিকৃত হ’ব নালাগে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, লাচিতৰ আক্ৰমণকাৰীৰ সৈতে যুদ্ধ হৈছিল । সেই আক্ৰমণকাৰী আছিল মোগল । আক্ৰমণকাৰীৰ চৰিত্ৰ আছিল সনাতন সভ্যতা ধ্বংস কৰা । বন্দুক-তৰোৱালৰ সন্মুখত হিন্দু লোকক ইছলাম ধৰ্ম ল’বলৈ বাধ্য কৰোৱা । মুখ্যমন্ত্ৰীগৰাকীয়ে বাওঁপন্থীসকলক তীব্ৰ সমালোচনা কৰি বাওঁপন্থীসকলে সদায় ইতিহাস বিকৃত কৰি আহিছে বুলি কয় । ঔৰংজেৱে ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টাত ৫% ও সফল হ’ব নোৱাৰিলে বুলি মন্তব্য কৰি তেওঁ ঔৰংজেৱক এজন পৰাজিত সম্ৰাট বুলি উল্লেখ কৰে ।

তেওঁ লগতে কয় যে, ভাৰতক নতুন বুৰঞ্জী লাগে । দাসত্বৰ বুৰঞ্জীৰ পৰিৱৰ্তে ভাৰতক গৌৰৱগাথাৰ বুৰঞ্জী লাগে । ভাষাভিত্তিক জাতীয়তাবাদ বামপন্থীয়ে ৰাজ্যখনক দ্বিখণ্ডিত কৰাৰ বাবে লোৱা তিনিটা দশকৰ প্ৰচেষ্টাৰ ফল । ভাষাভিত্তিক জাতীয়তাবাদে উগ্ৰ জাতীয়তাবাদৰ সৃষ্টি কৰিছে । ১৯৬৮ চনত বড়ো আন্দোলন আৰম্ভ হোৱা সময়ত, সেইসময়ৰ নেতাসকলে উদাত্তভাৱে যদি ক’লেহেতেন- "বড়ো ভাষাও ভাৰতৰ বুকুত জন্ম হোৱা গৌৰৱী ভাষা ৷ আমি তাকো অসমীয়া ভাষাৰ দৰে সন্মান জনাও" তেতিয়া তিনি দশকত অসমৰ অস্থিৰ ৰাজনৈতিক পৰিৱেশ আমি নেদেখিলোহেতেন ।

নামনি অসমত দীৰ্ঘদিন বড়ো-অসমীয়াৰ মাজত চলা ভাষাৰ সংঘাতে আমাক দুৰ্বল কৰি পেলালে । এতিয়া এক সংখ্যালঘিষ্ঠ জাতিত পৰিণত হৈছে । নলবাৰী, বৰপেটা, ধুবুৰী, গোৱালপাৰাত প্ৰতিদিনে হেৰোৱা পৰিচয়ৰ মূল হৈছে জনজাতীয় লোকক দিব নোখোজা স্বীকৃতি । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জনজাতীয় সাজপানী যেনে ৰহী, আপং আদি জনজাতীয় লোকসকলক গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ কিন্তু তেওঁলোকক ৰহী, আপঙৰ পৰা আঁতৰাই আনি বিলাতী সুৰা সেৱন কৰাত বাধা দিয়ে ৷
মুখ্যমন্ত্ৰীৰ মতে বিলাতী সুৰাৰ বিপৰীতে জনজাতীয় পানীয়ই বজাৰ দখল কৰক । অনুষ্ঠানত এবিভিপিৰ(Akhil Bharatiya Vidyarthi Parishad) অসম পৰিষদৰ ৰাজ্যিক সভাপতি ৰবীন কাকতি, ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্য, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল(CM sarma Attending 28th State Convention of ABVP) ।
লগতে পঢ়ক : Case against police: অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাসহ 9 জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ