ETV Bharat / state

নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

author img

By

Published : Jun 30, 2021, 7:53 PM IST

দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ । অৰ্ধনিৰ্মিত অৱস্থাত থকা ছখন আই টি আই শীঘ্ৰে কাৰ্যক্ষম কৰাৰ নিৰ্দেশ । অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ দিশত শীঘ্ৰে পদক্ষেপ ল'বলৈ নিৰ্দেশ ।

Online Portal
নিবনুৱাসকলৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

গুৱাহাটী, ৩০ জুন : মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছৰে যথেষ্ট সক্ৰিয় দেখা গৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাক । মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ তেওঁ ৰাজ্যৰ প্ৰতিটো বিভাগৰ সামগ্ৰিক দিশসমূহ পৰ্যবেক্ষণ কৰিছে । শেহতীয়াকৈ তেওঁ আন বিভাগসমূহৰ দৰে কৃষি বিভাগৰ মন্ত্ৰী তথা অন্যান্য উচ্চ পদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছিল । এইবাৰ তেওঁ অসমৰ অন্যতম গুৰুত্বপূৰ্ণ বিভাগ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ সকলো দিশ জানিবৰ বাবে এক বৈঠকৰ আহ্বান কৰে ।

সেই অনুসৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰে । ৰাজ্যৰ নিবনুৱাসকলৰ নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া অধিক সুষম কৰাৰ অৰ্থে মুখ্যমন্ত্ৰীয়ে এটা অনলাইন প’ৰ্টেল (Online Portal) আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ এই প’ৰ্টেলটোত ৰাজ্যখনৰ নিবনুৱাসকলে নিজৰ নাম বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব ।

Online Portal
নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

এই প’ৰ্টেলত আধাৰ নম্বৰ সংলগ্নকৰণেৰে নিবনুৱা যুৱক-যুৱতীসকলৰ নাম পঞ্জীয়নৰ ব্যৱস্থা (Name register system) কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । ৰাজ্যৰ বিভিন্ন স্থানত অৰ্ধনিৰ্মিত অৱস্থাত থকা ছখন আই টি আই (ITI) শীঘ্ৰে কাৰ্যক্ষম কৰাৰ নিৰ্দেশ দিয়ে । লগতে মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় পদ সৃষ্টিৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰে ।

অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ (Assam Skill Development University) উপাচাৰ্য নিযুক্তিৰ দিশত শীঘ্ৰে পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়ে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে পৰিবহণ বিভাগৰ(Transport Department) সৈতে সমন্বয়েৰে ৰাজ্যখনৰ পাঁচ হাজাৰ যুৱক-যুৱতীক গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে শীঘ্ৰে যথোচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, অসম চৰকাৰৰ দক্ষতা বিকাশ আঁচনিৰ (Skill development scheme) জৰিয়তে বছৰি বহু যুৱক-যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰে । যাৰ জৰিয়তে কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰে বহু নিবনুৱা যুৱক-যুৱতীয়ে ।

লগতে পঢ়ক : APSC ৰ নিযুক্তি কেলেংকাৰী: বুধবাৰে পুনৰ ৯ বিষয়ালৈ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.