ETV Bharat / state

কৃত্ৰিম বানপানী সন্দৰ্ভত পৌৰ নিগমৰ মন্ত্ৰী-বিষয়াৰ লগত মুখ্যমন্ত্ৰীৰ বৈঠক

কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ পূৰ্বৰ তুলনাত মহানগৰীত বানপানীৰ সমস্যা হ্ৰাস পোৱা বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

CM meeting with GMCH Guwhati Flood Situation
কৃত্ৰিম বানপানী সন্দৰ্ভত পৌৰ নিগমৰ মন্ত্ৰী-বিষয়াৰ লগত মুখ্যমন্ত্ৰীৰ বৈঠক
author img

By

Published : Jun 2, 2020, 6:39 PM IST

গুৱাহাটী, 2 জুন : গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী সন্দৰ্ভত পৌৰ নিগমৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিষয়াসকলৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ কৃত্ৰিম বানপানী প্ৰতিৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত বৈঠকত ৷

কৃত্ৰিম বানপানী সন্দৰ্ভত পৌৰ নিগমৰ মন্ত্ৰী-বিষয়াৰ লগত মুখ্যমন্ত্ৰীৰ বৈঠক

প্ৰায় 3 ঘণ্টা সময় চলা এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, পূৰ্বৰ তুলনাত মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা বহু হ্ৰাস পাইছে । পূৰ্বে আধা ঘন্টা বৰষুণ দিলেই মহানগৰী কৃত্ৰিম বানপানীত ডুব গৈছিল কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত এই সমস্যা বহুখিনি হ্ৰাস পাইছে আৰু এই সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ পৌৰ নিগমৰ মন্ত্ৰী আৰু বিষয়া সকলক আহ্বান জনোৱা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে, ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে মহানগৰীত অধিক বজাৰ স্থাপন কৰিব পৰাকৈ ঠাই চিনাক্ত কৰিবলৈ পৌৰ নিগমক আহ্বান জনাই । লগতে, মহানগৰীৰ জাৱৰ নিষ্কাশন পৌৰ নিগমৰ বাবে অন্য এক বৃহৎ সমস্যা গতিকে এই সন্দৰ্ভত ডাম্পিং গ্ৰুণ্ড শীঘ্ৰে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে পৌৰ নিগমক আহ্বান জনাই ৷

লগতে পঢ়ক : কলিয়াবৰত মাস্ক পৰিধান নকৰা লোকক 500 টকা জৰিমণা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.