ETV Bharat / state

Botanical garden in Gawahati: মহানগৰীৰত মুকলি হ’ল অত্যাধুনিক উদ্ভিদ উদ্যান; 18 অক্টোবৰত মুকলি হ'ব জু-ৰোডৰ উৰণসেতু

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 9:59 PM IST

মহানগৰীৰত মুকলি হ’ল অত্যাধুনিক উদ্ভিদ উদ্যান ৷ প্ৰায় 58 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে উদ্ভিদ উদ্যানখন ৷ 18 অক্টোবৰত মুকলি হ'ব জু-ৰোডৰ উৰণসেতু এই ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

Botanical garden in Gawahati
মহানগৰীৰত মুকলি হ’ল অত্যাধুনিক উদ্ভিদ উদ্যান

গুৱাহাটী,1 অক্টোবৰ: শনিবাৰে মহানগৰবাসীয়ে লাভ কৰিলে আন এখন অত্যাধুনিক উদ্ভিদ উদ্যান । আজি ফাঁচী বজাৰৰ পুৰণি জে’ল চৌহদত নিৰ্মাণ কৰা উদ্ভিদ উদ্যান মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 58 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে উদ্ভিদ উদ্যানখন ।

পুৰণি কাৰাগাৰ চৌহদৰ বৃহৎ পৰিসৰৰ ভূমিত সজাই তোলা হৈছে উদ্ভিদ উদ্যানখন । উদ্যানখনত ৰোপণ কৰা হৈছে বিভিন্ন প্ৰজাতিৰ প্ৰায় 85 হাজাৰ গছপুলি । উদ্যানখনত শিশুৰ খেলা-ধুলাৰ বাবেও আছে বিশেষ ব্যৱস্থা । 2022 চনৰ 19 জানুৱাৰীত উদ্যানখনৰ প্ৰকল্পৰ কাম শুভাৰম্ভ হৈছিল ।

উদ্যানখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ থলুৱা প্ৰজাতি, বন-ঔষধি, বিভিন্ন প্ৰকাৰৰ বাঁহ গছ, জোপোহা গছ, বনচাই গছকে ধৰি 250 বিধ বিভিন্ন প্ৰকাৰৰ 85 হাজাৰ গছপুলি ৰোপন কৰা হৈছে । তদুপৰি পুৱা খোজ কাঢ়িবৰ বাবে ব্যৱস্থা কৰা হৈছে ৷ চৰকাৰে উদ্যানৰ বিপৰীতে উদ্ভিদ উদ্যানৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছে ।

এই উদ্যানত ৰোপণ কৰিবলগীয়া গছসমূহ নতুন প্ৰজন্মক চিনাকি কৰি দিয়া ব্যৱস্থা কৰা হ'ব । অনাগত দুবছৰ ভিতৰত এখন সুন্দৰ উদ্ভিদ উদ্যান হিচাপে পৰিচিত হ'ব এই উদ্যান । তদুপৰিও চানমাৰী জনসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ 20 বিঘা মাটিত নিৰ্মাণ হ'ব আন এখন উদ্যান ।

ইপিনে দীপৰ বিলৰ চাৰিওফালে মথাউৰি নিৰ্মাণৰ কথা চিন্তা-চৰ্চা কৰা হৈছে । মথাউৰিত চলাব পাৰিব চাইকেল । আনহাতে 18 অক্টোবৰত মুকলি হ'ব জু-ৰোডৰ উৰণসেতু । তেওঁ লগতে কয় গুৱাহাটী চাৰিওফালে এটা ছয়লেনযুক্ত ৰিং ৰোড নিৰ্মাণ কৰা হ'ব । তদুপৰি গুৱাহাটীত 2000 চিচিটিভি লগোৱা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে নগৰ পৰিক্ৰমা তথা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহল, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ।

লগতে পঢ়ক:AGP Leaders will Join Congress: পুনৰ বৃহৎ খহনীয়াৰ দিশে অগপ; কংগ্ৰেছত যোগদানৰ প্ৰস্তুতি চাৰি জ্যেষ্ঠ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.