ETV Bharat / state

চৰকাৰে য’তে-ত’তে মাচুল সংগ্ৰহক লৈ প্ৰতিক্ৰিয়া, এক্সত মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে বুজাবলৈ - বিহু উদযাপন মাচুল

কালি এক আজব নিৰ্দেশনা জাৰি‌ কৰাৰ পাচত আজি আকৌ মুখ্যমন্ত্ৰীয়ে বিহু আৰু ৰাস উদযাপনৰ বাবে কমিটিসমূলৈ আৰ্থিক অনুদানৰ‌ পৰিমাণ এক্সৰ জৰিয়তে সদৰী কৰে । মুখ্যমন্ত্ৰীৰ মতে 300 টকাকৈ চৰকাৰে সংগ্ৰহ কৰা কাৰ্যক সমালোচনা কৰাটো ভাল নহয় ৷

Assam New fees
হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 10:31 PM IST

গুৱাহাটী, ২২ নৱেম্বৰ : এফালে কৰৰ বোজা আনফালে পূজা, উৎসৱ পাৰ্বণক লৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান । কৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে কালি এক আজব নিৰ্দেশনা জাৰি‌ কৰাৰ পাচত আজি আকৌ মুখ্যমন্ত্ৰী হিমন্ত ‌বিশ্ব শৰ্মা বিহু আৰু ৰাস উদযাপনৰ বাবে কমিটিসমূলৈ আৰ্থিক অনুদানৰ‌ পৰিমাণ এক্সৰ জৰিয়তে সদৰী কৰে।

মুখ্যমন্ত্ৰীয়ে এক্সত কয় "ৰাজ্যৰ বিহু উদযাপন সমিতিসমূহলৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা ১.৫ লাখ টকাকৈ আৰ্থিক সহযোগিতা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। অসমৰ চহকী সংস্কৃতিৰ সুৰক্ষা তথা প্রসাৰৰ দিশত আমাৰ চৰকাৰে গ্রহণ কৰা এই পদক্ষেপে বাপতিসাহোন বিহুটি উলহ-মালহেৰে উদযাপন কৰাত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰিছোঁ ।

আমাৰ সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি অতি গুৰুত্বপূৰ্ণ। এই বছৰৰ পৰা আৰম্ভ কৰি, আমি 3,000 স্থানত ৰাস উৎসৱ উদযাপনৰ বাবে 25,000 টকাৰ বিত্তীয় অনুদান প্ৰদান কৰিম। এই পদক্ষেপৰ লক্ষ্য হৈছে আমাৰ অঞ্চলটোত এই পৰম্পৰাগত উৎসৱ উদযাপনক সমৰ্থন আৰু উৎসাহিত কৰা।"

ইপিনে কৰ সংগ্ৰহৰ বাবে গৃহ বিভাগৰ এক নিদৰ্শনা মতে সভা-সমিতি, ৰেলী উলিয়ালেও দিব লাগিব কৰ। সাংস্কৃতিক সমদল, অনুষ্ঠান, বিহু, অনুষ্ঠান আদিৰ অনুমতিৰ বাবে ৩০০ টকা , ৰাজনৈতিক ৰেলী, অনুষ্ঠান আৰু সভাৰ অনুমতিৰ বাবে ২০০০ টকা ,‌ সকলো ধৰণৰ খেল-ধেমালিৰ অনুষ্ঠানৰ অনুমতিৰ বাবে ২০০০ টকা,‌ বাটৰ নাট, সজাগতা ৰেলী, অনুষ্ঠানৰ অনুমতিৰ বাবে ৫০০ টকা।

আকৌ বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ’, আদিৰ অনুমতিৰ বাবে ৫০০০ টকা,‌ বাণিজ্যিক নিৰ্মাণৰ অনুমতিৰ বাবে গুৱাহাটীত ৫০ হাজাৰ টকাৰ মাচুল ৰাজ্যৰ আন প্ৰান্তত ২৫ হাজাৰ টকাৰ মাচুল দিব লাগিব। পেট্ৰ'ল পাম্প আৰু গেছ এজেন্সীৰ অনুমতিৰ বাবে ১০ হাজাৰ টকা প্রাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল, ভাড়াঘৰ আৰু PGৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল,‌ ঘৰৰ বনকৰা লোকৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল আদায় দিব লাগিব ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰি মুখ্যমন্ত্ৰীয়ে এক্সত কয়,"যদি আমি অনুমতি প্ৰক্ৰিয়াকৰণৰ বাবে 300 টকা আদায় কৰো, তেন্তে মন কৰাটো গুৰুত্বপূৰ্ণ যে আমি আমাৰ পৰম্পৰাগত সাংস্কৃতিক উৎসৱসমূহৰ আয়োজনৰ বাবে এই বছৰ প্ৰায় 50 কোটি টকা আৱণ্টন কৰিছো । উদাহৰণস্বৰূপে, যদি বিহু কমিটীয়ে চৰকাৰৰ পৰা 1.5 লাখ টকা লাভ কৰে, তেন্তে ৰাজ্য চৰকাৰৰ বাবে 300 টকা সংগ্ৰহ কৰাৰ বাবে কোনেও আমাক সমালোচনা কৰা ভাল‌ নহয় ।"

লগতে পঢ়ক : বিজেপি চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈও ভয়ংকৰ : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.