ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সকীয়নি; গুৱাহাটীৰ ভিতৰেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

Bharat Jodo Nyay Yatra : গুৱাহাটীৰ মাজেৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বাহিৰ নকৰিবলৈ সকীয়নি মুখ্যমন্ত্ৰীৰ ৷ আইন অমান্য কৰিলে গোচৰ ৰুজু কৰি ইয়াৰ আঁৰৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 7:22 PM IST

Bharat Jodo Nyay Yatra
গুৱাহাটীৰ মাজেৰে নহ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা
ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৮ জানুৱাৰী : "যাত্ৰা কৰিব পাৰিব, কোনেও বাধা নিদিয়ে, কিন্তু গোচৰ ৰুজু কৰা হ’ব আৰু ইয়াৰ আঁৰৰ ব্যক্তিক দুই-তিনিমাহৰ পাছত গ্ৰেপ্তাৰ কৰা হ’ব ৷" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ গুৱাহাটীৰ মাজেৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা গ'লে অসম চৰকাৰে আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সকীয়াই দিয়ে ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটীৰ মাজেৰে বাহিৰ নকৰিবলৈ এইদৰে এক প্ৰকাৰ সকীয়নি দিলে মুখ্যমন্ত্ৰীজনে ৷

বৃহস্পতিবাৰে গুৱাহাটীত বিজেপিৰ বাজপেয়ী ভৱনত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বুথ কমিটীসমূহৰ লগত বৈঠক অনুষ্ঠিত কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ কয় যে, যদি কোনোবাই আইন অমান্য কৰে তেতিয়া লগে লগে চৰকাৰে কোনো ব্যৱস্থা নকৰে ৷ কিন্তু ইয়াৰ পিছত গোচৰ ৰুজু কৰি, দুই-তিনিমাহৰ পিছত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ’ব ৷ তেওঁ কয় যে, চৰকাৰে বাচি বাচি গুৱাহাটীৰ মাজেৰে যাত্ৰা কৰাৰ বাবে উচতনি দিয়া লোককেইজনক গ্ৰেপ্তাৰ কৰিব ৷ মুখ্যমন্ত্ৰীয়ে কয় "মই জানো দুজন লোকে উচটনি দি আছে ৷ কংগ্ৰেছৰ ভিতৰৰ খবৰ দিয়া মানুহ মোৰ আছে ৷ গতিকে সেই দুজনক পিছত গ্ৰেপ্তাৰ কৰিম ৷"

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, গুৱাহাটীৰ মাজেৰে এই যাত্ৰা কৰাৰ বাবে অনুমতি প্ৰদান কৰা নহ’ব ৷ কাৰণ ইয়াত চিকিৎসা মহাবিদ্যালয়কে ধৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহো আছে ৷ ইয়াৰ বাহিৰে আন কোনো পথৰ বাবে অনুমতি দিয়া হ’ব ৷ কিন্তু গুৱাহাটীৰ চহৰৰ ভিতৰেৰে যদি এই যাত্ৰা বলপূৰ্কভাৱে কৰাৰ চেষ্টা কৰা হয়, তেতিয়া লগে লগে ব্যৱস্থা গ্ৰহণ কৰা নহয় ৷ ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি, দুই-তিনিমাহৰ পিছত ইয়াৰ আঁৰত জৰিত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ’ব বুলি কয় তেওঁ ৷ লগতে ড৹ শৰ্মাই কয়- "মইতো কংগ্ৰেছক সহায় কৰিছো যে, গুৱাহাটীৰ মাজেৰে নাযাব পিচত গালি খাব ৷ আইন যদি ভাঙে তেন্তে মই ইয়াত বাধা নিদিও ৷ গোচৰ ৰুজু কৰি পিছত যি দুজনক উঠাব লাগে মই উঠাই লৈ আহিম ৷"

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ সাংবাদিকসকলক উদ্দেশ্যি কয় "এই যাত্ৰাৰ বিষয়ে কোনো আলোচনা নকৰিব, ইয়াৰ পৰা কোনো লাভ নহয় ৷ যদি মহিলাসকলৰ বাবে গ্ৰহণ কৰা উদ্যমিতা আঁচনিৰ ওপৰত বাতৰি কৰে তেতিয়া টি আৰ পি পাব, ৰাহুল গান্ধীৰ ওপৰত নিউজ কৰিলে কোনো টি আৰ পি নাপায় ৷ আপোনালোকক মই বুজাই দিছো, কোনটো লাগে আপোনালোকে লৈ লওক ৷ যদি মহিলাৰ উদ্যমিতাৰ ওপৰত টক শ্ব’ কৰে 4-5 পইন্ট টি আৰ পি পাব ৷ মোৰ পত্নীৰ টেলিভিশ্যন চেনেল আছে, মই বুজি পাওঁ ৷ "

লগতে পঢ়ক : ভাৰত জোড়ো ন্যায় যাত্ৰা : অসম পালেহি ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.