ETV Bharat / state

Assam CM on Syndicate: বজালী আৰক্ষীৰ কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া; জ্যেষ্ঠ বুলি সাৰি নাযাব আৰক্ষী বিষয়া - ছুপাৰি ছিণ্ডিকেট

ছুপাৰি ছিণ্ডিকেটত অসম আৰক্ষীৰ লোক জড়িত থকা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ ৷ পৰ্যায়ক্ৰমে তদন্ত প্ৰক্ৰিয়া চলি থাকিব বুলি সদৰী কৰি তেওঁ কয় যে কাকো ইয়াত ৰেহাই দিয়াৰ কথা নাই ৷

Bajali Corruption Case
মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 9:49 PM IST

Updated : Sep 4, 2023, 7:42 AM IST

ছুপাৰি ছিণ্ডিকেটত অসম আৰক্ষীৰ লোক জড়িত থকা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: ছুপাৰি ছিণ্ডিকেটত অসম আৰক্ষীৰ লোক জড়িত থকা ঘটনা সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে ছুপাৰি ছিণ্ডিকেটত নাম সাঙোৰ খাইছে বজালী আৰক্ষীৰ কেইবাজনো বিষয়াৰ নাম ৷

ইতিমধ্যে চি আই ডিয়ে শনিবাৰে ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস, এ এছ পি গায়ত্রী সোণোৱালৰ দেহৰক্ষী ইনাজামামুল হাছান, গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদক গ্ৰেপ্তাৰ কৰিছে ৷

দেওবাৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক স্বামীসহ গ্রেপ্তাৰ কৰাৰ পিছত আৰক্ষী আৰু চুপাৰি ব্যৱসায়ীৰ লিংকমেন কিশোৰ বৰুৱাক গ্রেপ্তাৰ কৰা হয় ৷ এই ঘটনাৰে জড়িত থকা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ অসম আৰক্ষীক লজ্জানত কৰা এই ঘটনা সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৷

তেওঁ কয় যে ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষী অধীক্ষককো জেৰা চলাই থকা হৈছে ৷ চি আই ডিয়ে যদি এই ঘটনাত জড়িত থকাৰ প্ৰমাণ পাই তেন্তে আৰক্ষী অধীক্ষককো নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰিব ৷ অসম আৰক্ষীৰ তদন্ত ডি এছ পি নাইবা এছ পি বুলি থমকি ৰৈ নাযায় ৷ পৰ্যায়ক্ৰমে তদন্ত প্ৰক্ৰিয়া চলি থাকিব বুলি সদৰী কৰি তেওঁ কয় যে কাকো ইয়াত ৰেহাই দিয়াৰ কথা নাই ৷

আগৰ কথা এতিয়া নাই বুলি উল্লেখ কৰি তেওঁ কয় যে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধেও এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ দুৰ্নীতি বিৰোধী অভিযান ওপৰলৈকে লৈ যোৱা হৈছে আৰু সকলোৰে ওপৰত আমাৰ চকু আছে বুলি তেওঁ কয় ৷ ব্যক্তিৰ লগত কোনো কথা নাই, দোষী হ’লে গ্ৰেপ্তাৰ হ'বই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক কোন দোষী সেয়া নিশ্চিত কৰিব নালাগে বুলি সদৰী কৰি সেয়া তদন্তকাৰী সংস্থাৰ ওপৰতে এৰি দিয়াৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : Appointment Letter Distribution Ceremony: পুনৰ ৩৫ টা বিভাগত ৫১৪ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

Last Updated : Sep 4, 2023, 7:42 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.