গুৱাহাটী, 2 অক্টোবৰ : গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকাত থকা ৰামচাৰ স্থান হিচাবে চিহ্নিত দীপৰ বিলক নতুন পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে গুৱাহাটীৰ ধাৰাপুৰ গাঁৱত ‘মোৰ মাটি মোৰ দেশ' শীর্ষক অমৃত কলহ যাত্রা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে, দীপৰ বিলৰ মাছমৰীয়া সকলৰ স্বাৰ্থ সুৰক্ষিত কৰা হ'ব ৷ লগতে ধাৰাপুৰ আৰু বৰঝাৰ বিমান বন্দৰ সংযোগী পথটো উন্নত কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অতি কম সময়ৰ ভিতৰত চৰকাৰে গ্ৰহণ কৰা এই সমূহ পৰিকল্পনা বাস্তৱায়িত হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
তেওঁ কয় যে বিগত ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ‘মোৰ মাটি মোৰ দেশ' শীর্ষক অমৃত কলহ যাত্রা ৷ এই কাৰ্যসূচীত অসমবাসীৰ অভূতপূৰ্ব সঁহাৰি পোৱা গৈছে ৷ তেওঁ কয় যে ৰাজ্যৰ বিভিন্ন জিলাৰ গাঁও অথবা পৌৰসভা এলেকাৰ নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰ পৰা মাটি অথবা চাউল, অমৃত কলহত সংগ্ৰহৰ এই অভিযানৰ আজি অন্ত পৰে ৷ ৮ আৰু ১৫ অক্টোবৰত জিলাভেদে অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়ত/ৱাৰ্ডৰপৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি লৈ যোৱা হ’ব ৷ খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰ পৰা অমৃত কলহ অহা ২৬ অক্টোবৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত সংগ্ৰহ কৰা হ’ব ৷ সদৌ শেষত অমৃত কলহ সমূহ ২৭ অক্টোবৰত নতুন দিল্লীলৈ নি ২৮ অক্টোবৰত অমৃত উদ্যানস্থলীত অৰ্পণ কৰা হ'ব ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে গহপুৰত নিৰ্মাণ হ'বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণত এই সংগ্ৰহ কৰা কলহৰ মাটি ব্যৱহাৰ কৰা হ'ব ৷ সোমবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাংসদ কুইন ওজা আদি উপস্থিত আছিল ৷
লগতে পঢ়ক : Amrit Kalash Yatra: বৰপেটাত অমৃত কলহৰ মাটি একত্ৰিত কৰাৰ প্ৰক্ৰিয়া সম্পন্ন