ETV Bharat / state

City bus fares hiked: এতিয়াৰে পৰা চিটি বাছত উঠিলেই দিব লাগিব দহ টকা - Citybus maximum fare is Rs 30

পুনৰ মহানগৰবাসীৰ মুৰত ৰাম টাঙোন । পৰিবহন বিভাগে এক নিৰ্দেশনা যোগে বৃদ্ধি কৰিলে চিটি বাছৰ ভাড়া (City bus fares hiked again) । এতিয়াৰে পৰা চিটিবাছত উঠিলেই দিব লাগিব দহ টকা ।

City bus fares hike in guwahati
পুণৰ বাঢ়িল চিটি বাছৰ ভাড়া
author img

By

Published : Oct 10, 2022, 7:16 PM IST

গুৱাহাটী,১০ অক্টোবৰ: মহানগৰীত পুনৰ বাঢ়িল চিটিবাছৰ ভাড়া (City bus fares hiked again) । পৰিবহন বিভাগে এক নিৰ্দেশনা যোগে বৃদ্ধি কৰিলে চিটি বাছৰ ভাড়া । জনসাধাৰণক কোনো গমেই নিদিলে পৰিবহন বিভাগে (Transport department hikes city bus fares) । ১৪ ছেপ্তেম্বৰতে নিৰ্দেশনাযোগে বৃদ্ধি কৰিলে চিটিবাছৰ ভাড়া । যাৰ বাবে এতিয়াৰে পৰা চিটিবাছত উঠিলেই দিব লাগিব দহ টকা । এতিয়াৰে পৰা চিটিবাছৰ সৰ্বাধিক ভাড়া ৩০ টকা (Citybus maximum fare is Rs 30) ।

চিটিবাছৰ ভাড়া ০-৫ কিলোমিটাৰ ১০ টকা, ৫-৯ কিলোমিটাৰ ১৫ টকা, ৯-১৩ কিলোমিটাৰ ১৮ টকা, ১৩-১৭ কিলোমিটাৰ ২২ টকা, ১৭-২১ কিলোমিটাৰ ২৬ টকা, ২১-২৫ কিলোমিটাৰ ৩০ টকা পৰ্যন্ত হ'ব । ২০১৮ চনত পৰিবহন বিভাগে চিটি বাছৰ ভাড়া ন্যূনতম ৭ টকা বৃদ্ধি কৰিছিল । তাৰ পাছতো যাত্ৰীৰ পৰা বৰ্দ্ধিত ভাড়া সংগ্ৰহ কৰিছিল বাছসমূহে ।

কিন্তু কোভিড সৃষ্টি পৰিৱেশৰ পিছতে বাছ ভাড়া ন্যূনতম ১০ টকাকৈ যাত্ৰীৰ পৰা সংগ্ৰহ কৰি আছিল যদিও পৰিহন বিভাগে ভাড়া বৃদ্ধি কৰা নাছিল । অৱশেষত ১৪ ছেপ্টেম্বৰত এক নিৰ্দেশনা যোগে বৃদ্ধি কৰে চিটি বাছৰ ভাড়া । আনহাতে গুৱাহাটীত নতুন বছৰত চিটি বাছৰ যাত্ৰী সকলে পাব ই টিকেট । ৬০০টাকৈ মেচিন অৰ্ডাৰ দিছে পৰিৱহন বিভাগে ।

অন্ধ্ৰ প্ৰদেশৰ চফলেণ্ড (softland) নামৰ কোম্পেনীটোৱে যোগান ধৰিব টিকট মেচিন । ইতিমধ্যে প্ৰায় ৩৫০ টা মেচিন যোগান ধৰিলে । Autohertz নামৰ কোম্পানীটোৱে চিটিবাছৰ চালক হেণ্ডিমেন, মালিকক মেচিনটো কিদৰে ব্যৱহাৰ কৰিব তাৰ প্ৰশিক্ষণ দিব বুলি সদৌ অসম মটৰ পৰিবহন সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে উল্লেখ কৰে । পিছে মহানগৰবাসীয়ে এই সিদ্ধান্ত কেনেদৰে লয় সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: খৰাং বতৰ: কৃষকৰ চকুলো মচিবলৈ চৰকাৰে ল’ব বিশেষ পদক্ষপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.