ETV Bharat / state

Child abuse cases in Assam : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশু নিৰ্যাতনৰ ঘটনা - অসমত শিশু সৰবৰাহৰ গােচৰ

অসমত শিশুৰ ওপৰত নিৰ্যাতন চিন্তাজনকভাৱে বাঢ়িছে(Child abuse incidents increases in Assam) । শিশু নির্যাতনৰ ঘটনা সন্দৰ্ভত শিশু অধিকাৰ সুৰক্ষা আয়ােগে ২০১৬ চনত ৯৫ টা গােচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২০১৭ চনত ১০১ টা, ২০১৮ চনত ১৫৭ টা, ২০১৯ চনত ১৪৯ টা, ২০২০ চনত ১১৬ টা আৰু ২০২১ চনৰ ১৫ জুলাইলৈকে ৫৪ টা শিশু অধিকাৰ সুৰক্ষাৰ গােচৰ ৰুজু কৰিছে ।

Child abuse cases rises alarmingly in Assam
ৰাজ্যত বৃদ্ধি পাইছে শিশু নিৰ্যাতনৰ ঘটনা
author img

By

Published : Dec 17, 2021, 2:25 PM IST

গুৱাহাটী, ১৭ ডিচেম্বৰ : অপৰাধৰ ক্ষেত্রত অসমৰ স্থান দেশৰ শীৰ্ষত থকাৰ সমান্তৰালকৈ উদ্বেগজকভাৱে বৃদ্ধি পাইছে শিশুৰ বিৰুদ্ধে হিংসা, অপৰাধৰ ঘটনাও । শিশুৰ বিৰুদ্ধে অভাৱনীয় হাৰত বৃদ্ধি পাইছে অপৰাধ আৰু নির্যাতনৰ ঘটনা(Child abuse cases rises in Assam) । শিশু অপৰাধ আৰু নির্যাতন ৰােধ কৰাত ৰাজ্য চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়ােগৰ তথ্য অনুসৰি, ৰাজ্যত কিছু বছৰ ধৰি উদ্বেগজনকভাৱে শিশু নির্যাতনৰ ঘটনা বৃদ্ধি পাইছে ।

Child abuse cases rises alarmingly in Assam
ৰাজ্যত বৃদ্ধি পাইছে শিশু নিৰ্যাতনৰ ঘটনা

শিশু নির্যাতনৰ ঘটনা সন্দৰ্ভত শিশু অধিকাৰ সুৰক্ষা আয়ােগে ২০১৬ চনত ৯৫ টা গােচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২০১৭ চনত ১০১ টা, ২০১৮ চনত ১৫৭ টা, ২০১৯ চনত ১৪৯ টা, ২০২০ চনত ১১৬ টা আৰু ২০২১ চনৰ ১৫ জুলাইলৈকে ৫৪ টা শিশু অধিকাৰ সুৰক্ষাৰ গােচৰ ৰুজু কৰিছে(ASCPCR report on Child Abuse) ।

উল্লেখ্য যে, ২০১৬ চনত ১ টা শিশু সৰবৰাহৰ গােচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০১৭ চনত ৬টা, ২০১৮ চনত ১১টা, ২০১৯ চনত ১৪টা, ২০২০ চনত ১৪টা আৰু ২০২১ চনৰ ১৫ জুলাইলৈকে ৫টা শিশু সৰবৰাহৰ গােচৰ পঞ্জীয়ন হৈছে । আনহাতে শিশু শ্ৰমিকৰ গোচৰ সন্দৰ্ভত ২০১৬ চনত ৮টা গােচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০১৭ চনত ৭টা, ২০১৮ চনত ১০টা, ২০১৯ চনত ৮টা, ২০২০ চনত ১২টা আৰু ২০২১ চনৰ ১৫ জুলাইলৈকে ৩টা শিশু শ্ৰমিকৰ গােচৰ ৰুজু হৈছে(Child labour cases in Assam) ।

সেইদৰে শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱা ঘটনাও উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে । ২০১৬ চনত শিশুৰ ওপৰত যৌন নির্যাতনৰ ২১টা গােচৰ ৰুজু হৈছিল । ২০১৭ চনত ৭টা, ২০১৮ চনত ৫৩টা, ২০১৯ চনত ৪৪টা, ২০২০ চনত ৩২টা আৰু ২০২১ চনত ১৫ জুলাইলৈকে ২০টা গোচৰ পঞ্জীয়ন হৈছে । ইফালে বাল্য বিবাহৰ ঘটনা সন্দৰ্ভত ২০১৬ চনত ৪টা গােচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০১৭ চনত ১০টা, ২০১৮ চনত ৬টা, ২০১৯ চনত ৮টা, ২০২০ চন ৭টা আৰু ২০২১ চনৰ ১৫ জুলাইলৈকে ৩টা গােচৰ পঞ্জীয়ন হৈছে ।

উল্লেখ্য যে, বিগত সময়চোৱাত শিশু নির্যাতনৰ বহুকেইটা ঘটনা সংঘটিত হৈছে । শেহতীয়াকৈ গুৱাহাটীৰ গড়চুক থানাৰ অন্তৰ্গত পূৱ বৰাগাঁৱৰ গােসাঁই গাঁৱত বলেন ছেত্রী নামৰ এজন লোকে পত্নীৰ প্ৰথমা স্বামীৰ কন্যাক নৃশংসভাৱে হত্যা কৰে । সেইদৰে বৰপেটা জিলাত এজন লােকে এটি শিশুক যৌন নির্যাতন চলােৱাৰ ঘটনা পােহৰলৈ আহিছে ।

উজনি অসমত অলপতে কলেজৰ এগৰাকী প্রবক্তাই চিকিৎসক স্বামীৰ সহযােগত এগৰাকী বন কৰা শিশুৰ গাত গৰম পানী ঢালি অকথ্য শাৰীৰিক নির্যাতন চলাই আৰক্ষীৰ জালত পৰিছিল । চৰকাৰে অপৰাধ ৰোধৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে যদিও বিশেষকৈ শিশু নির্যাতনৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

লগতে পঢ়ক:Suicide at Tezpur Central University : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.