ETV Bharat / state

Guwahati smart city project: গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ কাম-কাজৰ ব্যৰ্থতাকলৈ কেন্দ্ৰৰ পৰ্যালোচনা - Pan city development

স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অতি শোচনীয় প্ৰদৰ্শন গুৱাহাটীৰ (Smart city project) ৷ গুৱাহাটীত পৰিকল্পনা কৰা মুঠ 185 টা প্ৰকল্পৰ ভিতৰত মাত্ৰ 9 টাহে সম্পূৰ্ণ হৈছে ।

Guwahati smart city project
Guwahati smart city project
author img

By

Published : May 4, 2023, 8:35 PM IST

গুৱাহাটী, ৪ মে’: যোৱা সাত বছৰে চৰম ভেকোভাওনাৰে চলি আছে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ কাম ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে দেশৰ নিৰ্বাচিত নগৰ-মহানগৰসমূহত ৰূপায়ণ হৈ থকা স্মাৰ্ট চিটী প্ৰকল্পসমূহৰ কামৰ পৰ্যালোচনা আৰম্ভ কৰিছে ৷ ইয়াকে লৈ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণ কৰাৰ দায়িত্বত থকা গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড (Guwahati smart city limited) চমুকৈ জি এছ চি এলৰ কাৰ্যালয়ত খৰখেদা আৰম্ভ হৈছে (Failure of Guwahati smart city project) ৷

Guwahati smart city project
পৰিকল্পিত গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প

কাৰণ যোৱা যোৱা সাত বছৰে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণ কৰাৰ দায়িত্বত থকা গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ প্ৰস্তাৱিত প্ৰকল্পৰ অধিকাংশ কাম আৰম্ভ কৰা দূৰৈৰ কথা সংশ্লিষ্ট প্ৰকল্পসমূহৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ চূড়ান্ত কৰিব পৰা নাই ৷ গুৱাহাটীৰ ৪০০ কোটি টকীয়া স্মার্ট চিটী প্ৰকল্পৰ কাম-কাজক লৈ কেন্দ্ৰীয় চৰকাৰে পর্যালোচনা আৰম্ভ কৰিছে ৷ গুৱাহাটীৰ স্মাৰ্ট চিটীৰ বহু গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম সম্পূর্ণ নকৰাৰ অভিযোগ উঠিছে (Review on Guwahati smart city) ৷

উল্লেখ্য যে, ২০১৫ চনত দেশৰ ১০০ মহানগৰৰ ভিতৰত গুৱাহাটী মহানগৰো মোডীৰ স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত অন্তর্ভুক্ত হৈছিল ৷ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে ২০১৬ চনৰ ১১ মে'ত গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড চমুকৈ জি এছ চি এল গঠন কৰা হৈছিল ৷ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডক ৩৭৪ কোটি টকা অনুমোদন দিয়া হৈছিল ৷ ইয়াৰে ১৮৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰে আৰু ১৮৯ কোটি টকা ৰাজ্য চৰকাৰে অনুমোদন দিছিল (Total fund of Guwahati smart city project) ৷

লক্ষণীয় যে, গুৱাহাটী স্মাৰ্ট চিটীৰ বাবে কেইবাধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছিল ৷ তাৰে ভিতৰত বিশেষভাৱে আছিল নিদিষ্ট এলেকাৰ উন্নয়ন (Area based development) আৰু পান চিটী উন্নয়ন (Pan city development) আঁচনি ৷ নিদিষ্ট এলেকাৰ উন্নয়নৰ (Area based development) ভিতৰত আছিল বৰচলা বিল, দীপৰ বিল, ভৰলু নদী, মৰা ভৰলু নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নয়ন ৷

পৰিতাপৰ কথা যে ইয়াৰে বৰচলা বিল, দীপৰ বিল, ভৰলু নদী, মৰা ভৰলু নদীৰ উন্নয়নৰ প্ৰকল্প প্ৰতিবেদন আজিলৈকে চূড়ান্ত নহ’ল, কাম আৰম্ভ হোৱা দূৰৈৰে কথা ৷ উল্লেখ্য যে, স্মাৰ্ট চিটী প্ৰকল্পৰ ভিতৰত নেহৰু ষ্টেডিয়ামৰ ওচৰত, কটন বিশ্ববিদ্যালয়ৰ ওচৰত, দীঘলীপুখুৰী, ফাঁচিবজাৰৰ জে’ল ৰোডৰ লগতে মহানগৰৰ ২০ টা স্থানত পানীৰ এ টি এমৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল ৷ মহানগৰত কেইটামান বিশুদ্ধ খোৱাপানীৰ এ টি এম স্থাপন কৰা হৈছিল যদিও সেয়া বর্তমান বিকল ।

মহানগৰত ৩০ টা স্মার্ট বায়’ টয়লেটৰ ব্যৱস্থা প্ৰস্তাৱতেই থাকিল ৷ মহানগৰবাসীক সৌৰবিদ্যুৎ যোগান, বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা হোৱা নাই ৷ স্মাৰ্ট পাৰ্কিঙৰ সু-ব্যৱস্থা মহানগৰৰ অতিব্যস্ত স্থানত ৰাইজে ব্যৱহাৰৰ সুযোগ পোৱা নাই ৷ অৱশ্যে স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত অত্যাধুনিক ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম, গান্ধী মণ্ডপৰ অত্যাধুনিক ব্যৱস্থাকে ধৰি নিৰ্দিষ্ট কিছু কাম সম্পূৰ্ণ হৈছে ৷

গান্ধী মণ্ডপৰ পতাকাৰ লগতে সময়ে সময়ে আলোকসজ্জাৰো ব্যৱস্থা কৰা হৈছে ৷ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নয়নৰ কাম যোৱা বছৰৰ পৰা আৰম্ভ হৈছে ৷ চলিত বছৰত স্মাৰ্ট চিটীৰ অধীনত কেইখনমান পৰিবহন নিগমৰ বাছ ক্ৰয় কৰা‌ হৈছে ৷ তাৰ বাহিৰে গুৱাহাটী স্মাৰ্ট চিটীৰ বাবে নিৰ্ধাৰণ কৰা বহু অতি গুৰুত্বপূৰ্ণ প্ৰকল্প গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ ফাইলতে আৱদ্ধ হৈ আছে ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে ২০২৪ ৰ বৰ্ষটো নিৰ্বাচন বৰ্ষ হোৱাৰ পৰিপ্ৰেক্ষিতত স্মাৰ্ট চিটীৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ হোৱাটো বিচাৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত বিষয়সমূহৰ পৰ্যালোচনা আৰম্ভ কৰিছে । কেন্দ্ৰই স্মাৰ্ট চিটী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশো দিছে । মন কৰিবলগীয়া যে, গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ বহু কোটি টকাৰ ব্যৱহাৰৰ প্ৰমাণ-পত্ৰ কেন্দ্ৰীয় চৰকাৰে পোৱা নাই ।

উল্লেখ্য যে, ২০১৫ চনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীক স্মাৰ্ট চিটি প্ৰকল্পৰ তালিকাত সন্নিৱিষ্ট কৰিছিল । আকৌ যোৱা ২০১৭ চনৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ নেতৃত্বত শাসন চলি আছে ৷ এই ক্ষেত্ৰত গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ ব্যৰ্থতাৰ বিষয়টো বিৰোধী দলসমূহে আগন্তুক লোকসভা নিৰ্বাচনত ইছ্যু কৰাৰ সম্ভৱনা আছে ৷

লগতে পঢ়ক: Smart City Mission: স্মাৰ্ট চিটী প্ৰকল্পত দেশৰ ভিতৰত শোচনীয় প্ৰদৰ্শন গুৱাহাটীৰ ; সম্পূৰ্ণ হৈছে মাত্ৰ 9টা প্ৰকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.