ETV Bharat / state

Budgetary funds for Northeast: উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধাৰ্য কৰা বাজেটৰ পুঁজি সম্পূৰ্ণ ৰূপে ব্যয় নকৰে কেন্দ্ৰই

author img

By

Published : Feb 2, 2023, 3:46 PM IST

কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে বাজেটত উত্তৰ-পূবৰ বাবে বৃহৎ অংকৰ ধন ধার্য কৰি পাচত সংশোধিত বাজেটত কৰ্তন কৰাৰ নীতিহে গ্ৰহণ কৰি আহিছে (Budgetary funds for Northeast)। ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষলৈকে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বাজেটত ধাৰ্য কৰিছিল ৩,০৫,০৪১.৮১ কোটি টকা । সংশোধিত বাজেটত এই ৰাশি হ্ৰাস কৰা হয় ২,৮১,৯১৩.২০ কোটি টকালৈ । আৱণ্টিত ধনৰ ভিতৰত ব্যয় কৰা হয় ২,৬৫,৭৬৬.৬৭ কোটি টকা ।

Budgetary funds for Northeast
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধাৰ্য কৰা বাজেটৰ পুঁজি

গুৱাহাটী, ২ ফেব্ৰুৱাৰী: আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বুধবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে সাধাৰণ বাজেট (Union Budget 2023) । ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা পূৰ্ণাংগ বাজেটখনত আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰখা হৈছে বুলি ইতিমধ্যে চৰ্চা চলিছে । বাজেটত চমক সৃষ্টি কৰা বিভিন্ন ঘোষণা কৰিলেও কিন্তু এনে ঘোষণাৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসী বিশেষভাৱে উপকৃত নহয় (Budgetary funds for Northeast)।

লক্ষ্যনীয় বিষয় যে, কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে বাজেটত উত্তৰ-পূবৰ বাবে বৃহৎ অংকৰ ধন ধার্য কৰি প্ৰশংসা লোৱাৰ পাচত সংশোধিত বাজেটত উত্তৰ-পূবক প্ৰদান কৰা ধন কৰ্তন কৰাৰ নীতিহে গ্ৰহণ কৰি আহিছে । তাৰোপৰি সংশোধিত বাজেটত ধার্য কৰা সমুদায় ধনো পৰৱর্তী সময়ত কেন্দ্ৰই ৰাজ্যকেইখনক মোকলাই নিদিয়ে । কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ ৫৪ টা মন্ত্ৰণালয়ে তেওঁলোকৰ মুঠ বাজেটৰ দহ শতাংশ ধন উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ব্যয় কৰিব লাগে । কিন্তু অতি লক্ষ্যনীয় বিষয় যে, বাজেটত ঘোষণা কৰা অনুসৰি উক্ত ধনো ব্যয় নকৰে মন্ত্ৰণালয়সমূহে (Central Govt deprived NE of Budgetary funds)।

২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষলৈকে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বাজেটত মুঠ ৩,০৫,০৪১.৮১ কোটি টকা ধার্য কৰিছিল । কিন্তু বাজেটত ঘোষণাৰ পাচতেই সংশোধিত বাজেটত এই ধন ২,৮১,৯১৩.২০ কোটি টকালৈ হ্ৰাস কৰা হয় । পৰৱৰ্তী সময়ত কেন্দ্ৰৰ আৱণ্টিত এই ধনৰ ভিতৰত ব্যয় কৰা হয় ২,৬৫,৭৬৬.৬৭ কোটি টকা । অর্থাৎ বাজেটত ঘোষণাৰ পাচতো কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলক মুঠ ৩৯,২৭৫.১৪ কোটি টকাৰ পৰা বঞ্চিত কৰিলে (Budgetary funds to NE from Center)।

লগতে পঢ়ক: Union Budget 2023: 28 লাখ কোটি টকাৰ ধাৰৰ বোজা ভাৰতবাসীৰ মূৰত জাপি দিব চৰকাৰে: প্ৰদ্যুৎ বৰদলৈ

তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত বাজেটত ঘোষণা কৰা হৈছিল ৬০,১১২.১১ কোটি টকা । সংশোধিত বাজেটত ইয়াৰ পৰিমাণ ৫১,২৭৯.৯০ কোটি টকালৈ হ্ৰাস কৰাৰ পাচত ব্যয় কৰা হ'ল ৪৮,৫৬৩.৮২ কোটি টকা । অৰ্থাৎ সংশোধিত বাজেটত ধাৰ্য কৰা পুঁজিৰ ২৭১৬.০৮ কোটি টকা ব্যয় কৰা নহ'ল । সেইদৰে ২০১৯-২০ বিত্তীয় বৰ্ষতবাজেটত মুঠ ৫৯,৩৬৯.৯০ কোটি টকা ধাৰ্য কৰি পাচত এই ধন ৫৩,৩৭৪.১৯ কোটি টকালৈ হ্ৰাস কৰা হয় (Allocating funds to NE India) । কিন্তু এনেদৰে বৃহৎ অংকৰ ধন হ্ৰাস কৰাৰ পাচতো আকৌ শেষত ব্যয় কৰিলে ৪৮,৫৩৩.৮০ কোটি টকা ।

২০১৮-১৯ বিত্তীয় বর্ষতো বাজেটত মুঠ ৪৭,৯৯৪.৮৮ কোটি টকা ধার্য কৰি পাচত এই ধন সংশোধিত বাজেটত ৪৭,০৮৭.৯৫ কোটি টকালৈ হ্ৰাস কৰে । শেষত ব্যয় কৰে ৪৬,০৫৪.৮০ কোটি টকাহে । ২০১৭-১৮ বিত্তীয় বর্ষতো বাজেটত ধার্য কৰা মুঠ ৪৩,২২৪.৬৪ কোটি টকা সংশোধিত বাজেটত ৪০,৯৭১.৬১ কোটি টকালৈ হ্ৰাস কৰি শেষত ব্যয় কৰে ৩৯,৭৫৩.৪৪ কোটি টকা । একেদৰে ২০১৪-১৫ বিত্তীয় বৰ্ষতো বাজেটত ৩৬,১০৭.৫৬ কোটি টকা ধার্য কৰি সংশোধিত বাজেটত এই ধন ২৭,৩৫৯.১৭ কোটি টকালৈ হ্ৰাস কৰে ৷ শেষত ব্যয় কৰে ২৪,৮১৯.১৮ কোটি টকা (Union finance minister) ।

লগতে পঢ়ক: Union Budget reaction: কেন্দ্ৰীয় বাজেটক ৰাহু, শনি আৰু কেতুকালৰ বাজেট আখ্যা ৰিপুন বৰাৰ

ইয়াৰ দ্বাৰা সহজতে অনুমান হয় যে কিদৰে উত্তৰ-পূবৰ বাবে বাজেটত ধার্য কৰা ধন পৰবৰ্তী সময়ত হ্ৰাস কৰা হয় । আনহাতে পুঁজি ব্যয় কৰাৰ বেলিকাও উত্তৰ-পূৰ্বাঞ্চলক বঞ্চিত কৰে কেন্দ্ৰই । ইফালে কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আংলং আৰু ডিমা হাছাও টেৰিটৰিয়েল কাউন্সিলৰ বাবেও বাজেটত বৃহৎ পৰিমাণৰ ধন ঘোষণা কৰি পাচত সেই ধন হ্ৰাস কৰি আহিছে । তথ্য অনুসৰি এই তিনিখন টেৰিটৰিয়েল কাউন্সিলক কেন্দ্ৰই শান্তি চুক্তি অনুসৰি ১৩০০ কোটি টকা প্ৰদান কৰিব লাগিছিল যদিও এতিয়ালৈকে মাত্ৰ ৮১১ কোটি টকাহে প্ৰদান কৰিছে । যাৰ ফলত অঞ্চলটোৰ উন্নয়নৰ গতি লেহেমীয়া হৈ ৰৈছে (Central Funds to autonomous councils of Assam) ।

উল্লেখ্য যে, ২০২১-২২ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে ১০০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰা হৈছিল । চাহ বাগিচাৰ মহিলা আৰু শিশুসকলৰ উন্নয়নত ব্যয় কৰিবলগীয়া উক্ত পেকেজৰ ধনো কিন্তু এতিয়ালৈকে চৰকাৰে মোকলাই নিদিলে । এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে বুধবাৰে দাখিল কৰা বাজেটত চমক সৃষ্টি কৰা ঘোষণা কৰিলেও এই ঘোষণাসমূহ কিমান কাৰ্যকৰী হ'ব সেয়া সময়েহে ক'ব ।

লক্ষ্যনীয় বিষয় যে, এইবাৰৰ বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধার্য কৰা ধনৰ পৰিমাণ পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পালে । ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ বাবে ধার্য কৰা হৈছে মুঠ ৯৪৬৭৯.৫৩ কোটি টকা । অথচ যোৱাটো বিত্তীয় বৰ্ষত ধার্য কৰা ধনৰ পৰিমাণ আছিল ৭৬,০৪০.০৭ কোটি টকা । অর্থাৎ বিগত বৰ্ষতকৈ এইবাৰ উত্তৰ-পূবক প্ৰদান কৰিবলগীয়া ধনৰ পৰিমাণ ১৮,৬৩৯.৪৬ কোটি টকা বৃদ্ধি কৰা হৈছে । অৱশ্যে সংশোধনী বাজেটত ইয়াৰ পৰিমাণ কিমান হ্ৰাস পায় সেয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: Union budget 2023: কেন্দ্ৰীয় বাজেটে কিদৰে লাভান্বিত কৰিব উত্তৰ পূৰ্বাঞ্চলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.