ETV Bharat / state

ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত 'WOMEN OF THE YEAR 2020'ৰ আয়োজন - ড॰ হেমপ্ৰভা শইকীয়ালৈ

ড॰ হেমপ্ৰভা শইকীয়ালৈ জীৱন যোৰা সাধনা বঁটা আগবঢ়ালে ব্যতিক্ৰম গ্ৰুপে। 'WOMEN OF THE YEAR 2020' শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কেইবাগৰাকী মহিলাক সন্মানিত কৰা হয়। মহানগৰীত থকা ব্যতিক্ৰম গ্ৰুপৰ কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান।

ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত 'WOMEN OF THE YEAR 2020'ৰ আয়োজন

author img

By

Published : Nov 17, 2020, 7:44 PM IST

গুৱাহাটী, ১৭ নৱেম্বৰ: ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে 'WOMEN OF THE YEAR 2020' শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। COVID-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা মানি ব্যতিক্ৰম গ্ৰুপৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এই বঁটা প্ৰদান অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে অভিনেত্ৰী তথা নাট পৰিচালক পূৰ্ণিমা শইকীয়া আৰু নন্দিনী আলোচনীৰ সম্পাদক তথা লেখিকা মাইনী মহন্তই। ব্যতিক্ৰমৰ অধ্যক্ষ ড॰ সৌমেন ভাৰতীয়াই আদৰণি ভাষণ আগবঢ়ায় ৷ ওৰেটো জীৱন সেৱা আগবঢ়াই অহা প্ৰবীণ ৰাজনীতিবিদ ড॰ হেমপ্ৰভা শইকীয়াক এই বৰ্ষৰ জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হয়।

ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত 'WOMEN OF THE YEAR 2020'ৰ আয়োজন
ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত 'WOMEN OF THE YEAR 2020'ৰ আয়োজন

ইণ্টেৰিঅ'ৰ ডিজাইনিং থ্ৰ' ফ্লিম এণ্ড পয়েত্ৰি শীৰ্ষক বঁটা আগবঢ়োৱা হয় কবি স্বপ্নালী মহন্তলৈ। শিক্ষকতাৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয় শিৱানী দত্ত চৌধুৰীক ৷ সমাজৰ উন্নয়নমূলক কামত অগ্ৰণী ভূমিকা লৈ অহা পাকিজা ৰহমানলৈ আগবঢ়োৱা হয় সামাজিক কামৰ বিশেষ বঁটা। ফেশ্বন আৰু ষ্টাইলিঙৰ বিশেষ বঁটা লাভ কৰে ৰিংকী কলিতাই ৷ মাল্টিস্কিল্ড বঁটাৰে সন্মানিত হয় ড॰ মাইনু দেৱীক ৷ আউটষ্টেণ্ডিং ডেডিকেছন টুৱাৰ্ডছ প্ৰফেছন বঁটা আগবঢ়োৱা হয় চম্পা পুৰকায়স্থলৈ ৷ বেকিং এণ্ড কনফেকচনেৰীৰ বাবে বিশেষ বঁটা লাভ কৰে জেবিন আখতাৰে ৷ ফেশ্বনৰ ক্ষেত্ৰখনত বিশেষ বঁটা লাভ কৰে পুষ্পা শৰ্মা বসুমতাৰীয়ে ৷

শুভ্ৰা চক্ৰৱৰ্তীলৈ আগবঢ়োৱা হয় একচেপশ্যনেল এচিভাৰ সন্মান ৷ পাৰ্ফৰ্মিং আৰ্টৰ বাবে বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছে ড্ৰিমলী গগৈক ৷ সাংবাদিকতাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে পাৰমিতা লিভিংষ্টনলৈ আগবঢ়োৱা হৈছে বঁটা ৷ শিক্ষাৰ ক্ষেত্ৰত বঁটা লাভ কৰিছে নীনা দত্তই। শিক্ষাৰ ক্ষেত্ৰখনত সেৱা আগবঢ়োৱাৰ বাবে জেচমিনা হুছেইনক আৰু স্বাস্থ্য খণ্ডত বিশেষ সেৱা আগবঢ়োৱাৰ বাবে ড০ বন্দনা সিন্‌হাক সন্মানিত কৰা হয়। একচেপশ্যনেল কেৰিয়াৰ এচিভাৰৰ সন্মান আগবঢ়োৱা হয় স্মীতা দেৱলৈ।

ইণ্টেৰিঅ'ৰ ডিজাইনিঙৰ বাবে কৰবী চৌধুৰীক সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে যশস্বী সংগীত শিল্পী মণিষা হাজৰিকা, সত্ৰীয়া নৃত্যাংগনা অনিতা শৰ্মা। বিগত বহু বছৰ ধৰি 'ৰেচপেক্ট অ'মেনহুড' অনুষ্ঠানটিৰ দ্বাৰা মহিলাসকলক সন্মান জনাই আহিছে ব্যতিক্ৰম গ্ৰুপে৷ এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ব্যতিক্ৰম গ্ৰুপে সমাজলৈ বৰঙণি আগবঢ়াই বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰা মহিলাসকলক যোৱা বছৰৰ পৰা সন্মানিত কৰি আহিছে ৷

লগতে পঢ়ক:লখিমীক আদৰিবলৈ সাজু আঘোণ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.