ETV Bharat / state

BJP’s internal conflicts : অসম বিজেপিৰ আভ্যন্তৰীণ বিবাদ; কাজিয়া ভাঙোতে আহৰি নাইকিয়া হৈছে ৰাজ্যিক বিজেপি সভাপতিৰ - 2024 Lok Sabha elections

১৪ টা লোকসভা সমষ্টিত ১৪ খন বিশাল জনসভা । আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও । ইয়াৰ বিপৰীতে দিনে দিনে বৃদ্ধি পাইছে অসম বিজেপিৰ আভ্যন্তৰীণ বিবাদ (BJP’s internal conflicts) ৷ ইখনৰ পিচত সিখন জিলাত পদত্যাগৰ জোঁৱাৰ । ইফালে কাজিয়া ভঙাত ব্যস্ত ৰাজ্যিক সভাপতি ৷

BJP’s internal conflicts
১৪ টা লোকসভা সমষ্টিত ১৪ খন বিশাল জনসভা
author img

By

Published : Jun 2, 2023, 7:58 AM IST

গুৱাহাটী, ২ জুন : ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ বাবে অসমত পূৰ্ণোদ্যমে কঁকালত টঙালী বান্ধিছে বিজেপিয়ে (Upcoming 2024 Lok Sabha elections) ৷ অসমৰ ১৪টা লোকসভা সমষ্টিত ১৪ খন বিশাল জনসভাৰ প্ৰস্তুতি বিজেপিৰ ৷ জনসভালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও ৷ পিচে জিলাই জিলাই আভ্যন্তৰীণ বিদ্ৰোহ আৰু পদত্যাগে অসুবিধাত পেলাইছে ৰাজ্যিক বিজেপিৰ নেতৃত্বক ৷

অহা ১০ জুনৰ পৰা ১৯ জুনৰ ভিতৰত ১৪ খন জনসভা ৰাজ্যৰ ১৪ লোকসভা সমষ্টিত আয়োজনৰে লোকসভাৰ ৰণদন্দুভি বজাব বিজেপি দলে ৷ নগাঁৱত হ’বলগীয়া জনসভাখনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ১০ জুনত গুৱাহাটী, ১৩ জুনত কৰিমগঞ্জ, ১৪ জুনত শিলচৰ, ১৫ জুনত বৰপেটাৰ হাউলী, ১৬ জুনত কলিয়াবৰ আৰু ডিফুত, ১৭ জুনত কোকৰাঝাৰ আৰু যোৰহাটত, ১৮ জুনত মঙলদৈ আৰু তেজপুৰত, ১৯ জুনত লখিমপুৰ আৰু ধুবুৰীত সভাসমূহ আয়োজন কৰা হৈছে ৷ এতিয়াও তাৰিখ নিৰ্ধাৰণ হোৱা নাই প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া নগাঁৱৰ জনসভাখনৰ ৷

এফালে লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি, আনফালে এখনৰ পিচত আন এখন জিলালৈ বিয়পি পৰা দলীয় বিদ্ৰোহ নিৰসনৰ বাবে ব্যস্ত হৈ পৰিবলগীয়া হৈছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব ৷ দৈনিক হয় ৰাজ্যিক কাৰ্যালয়ত বিসম্বাদী বিজেপিক গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ মাতি আনি বুজনি দিব লগা হৈছে, নহয় জিলাই জিলাই গৈ বিদ্ৰোহী বিজেপিক শান্ত কৰিবলৈ যাব লগা হৈছে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

মে’ মাহৰ আৰম্ভণিতে বঙাইগাঁও জিলাৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ ১৮ গৰাকী শীৰ্ষ বিজেপি নেতাই পদত্যাগ কৰিছিল ৷ জিলা সভাপতি হিমানী অধিকাৰীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰি জিলাখনৰ ১৮ জন শীৰ্ষ বিষয়ববীয়াই সমূহীয়া পদত্যাগ পত্ৰ দাখিল কৰিছিল ৷ ছিণ্ডিকেট কমিচন একনায়কত্বাবাদৰ অভিযোগ তুলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক : Bhupen Kumar Borah: মুখ্যমন্ত্ৰীয়ে ‘টি আৰ পি’ৰ পিছে পিছে দৌৰোতে অসমৰ তিনিখন মেডিকেল কলেজে স্বীকৃতি হেৰুৱাব : ভূপেন বৰা

হিমানী অধিকাৰীৰ স্বামী ডেনিয়েল দাসৰ বিৰুদ্ধে অবৈধ ধন সংগ্ৰহ ছিণ্ডিকেট চলোৱা বুলি পত্ৰত উল্লেখ কৰিছিল ৷ পৰৱৰ্তী সময়ত গুৱাহাটীৰ বেলতলাৰ মুখ্য কাৰ্যালয়লৈ মাতি আনি বিদ্ৰোহৰ জুই নুমুৱাৰো চেষ্টা কৰিবলগীয়া হৈছিল ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ এতিয়াও উমি উমি জ্বলি আছে বঙাইগাঁও জিলা বিজেপিৰ বিসম্বাদৰ অগনি ৷

বঙাইগাঁৱৰ পিচত গোলাঘাট বিজেপিৰ লগতে যোৰহাট বিজেপিতো দেখা গ’ল আভ্যন্তৰীণ বিদ্ৰোহ ৷ যোৰহাট বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে বিদ্ৰোহ দলীয় গুৰুত্বপূৰ্ণ পুৰণি বিজেপি কৰ্মীৰ ৷ ঠেঙাল কছাৰী পৰিষদৰ মুখ্য কাৰ্যবাহী তথা জনগোষ্ঠীটোৰ নেতা কুমুদ কছাৰীৰ বিদ্ৰোহ ৷ বিদ্ৰোহ কৰি বিজেপিৰ জিলাৰ গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ ঈশ্বৰ প্ৰসন্ন বৰদলৈকে ধৰি একাধিক লোকৰ ৷

আকৌ ৩০ মে’ৰ দিনা শিৱসাগৰ জিলাৰ বিজেপিৰ আই টি কোষে সমূহীয়াকৈ পদত্যাগ কৰিছিল ৷ ২৯ মে’ৰ দিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ অনান্য জিলাৰ আই টি কোষৰ সমস্যাৰে মত বিনিময় কৰে ৷ কিন্তু শিৱসাগৰ জিলাৰ আই টি কোষৰ সদস্যসকলক ইচ্ছাকৃভাৱে এই মত-বিনিময় অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা নহ’ল । যাৰবাবে জিলাখনৰ ১৬গৰাকীকৈ আই টি কোষৰ বিষয়ববীয়াই পদত্যাগ কৰে ৷

যোৱা দুটা মাহত এনে বহু সংবাদে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ শিৰোনাম দখল কৰিছে ৷ এনে বিদ্ৰোহে ৰাজ্যৰ জিলাই জিলাই সামাজিক মাধ্যমতো বিজেপিৰ ভিতৰ চ’ৰাত চলি থকা আভ্যন্তৰীণ বিবাদকে উদঙাই দেখুৱাইছে বুলি প্ৰমাণিত কৰে । যাৰবাবে বিদ্ৰোহ নিৰসনৰ বাবে আহৰি নোহোৱা হৈছে সভাপতি ভৱেশ কলিতাৰ লগতে আন ৰাজ্যিক নেতৃত্বৰ ৷

১৪ টা লোকসভা সমষ্টিত আয়োজিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাকে ধৰি মুঠ ১৪ খন বিশাল জনসভাই জিলাই জিলাই আৰম্ভ হোৱা বিদ্ৰোহৰ জুই নিৰ্বাপন কৰিব পাৰিব নে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Jal Jeevan Mission: দুখীয়াৰ সৈতে অন্যায় নকৰিবলৈ নৱ-নিযুক্ত কৰ্মচাৰীক আহ্বান জয়ন্তমল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.