গুৱাহাটী,২৯ নৱেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছক অস্তিত্বহীন কৰাৰ লক্ষ্যৰে যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছে শাসকীয় দল বিজেপিয়ে(Lok sabha election 2024) । লোকসভাত অসমৰ পৰা কংগ্ৰেছৰ প্ৰতিনিধিত্ব শূন্য কৰিবলৈ দিনে-নিশাই কৌশল ৰচনাত ব্যস্ত হৈছে বিজেপি । কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ নগাঁও, গৌৰৱ গগৈৰ কলিয়াবৰ আৰু আব্দুল খালেকৰ বৰপেটা সমষ্টি এইবাৰ যিকোনো প্ৰকাৰে দখল কৰিবলৈ বিজেপিয়ে নতুন নতুন অভিযান ইতিমধ্যে আৰম্ভ কৰিছে ।
নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা লাচিত দিৱসৰ কাৰ্যসূচীৰ পাছতেই গাঢ় হৈ উঠিছে এই অভিযান(Lachit diwas 2022) । অৱশ্যে নিৰ্দিষ্ট সমষ্টি তিনিটাত মিত্ৰ দল বিজেপি আৰু অগপৰ কোনে ক'ত প্ৰতিদ্বন্দিতা আগবঢ়ায় সেয়া এতিয়াও বিবেচনাধীন হৈয়েই আছে । বিজেপিয়ে এইবাৰ কংগ্ৰেছৰ দখলত থকা তিনিওটা সমষ্টিত নিজাববীয়া প্ৰাৰ্থী থিয় কৰোৱাত অগ্ৰাধিকাৰ দিছে যদিও আঞ্চলিক দল অগপক গ্ৰহণযোগ্য কৰি ৰাখিবলৈ কিন্তু এই তিনিটা সমষ্টিৰ এটা অন্তিম সময়ত এৰি দিয়াটো অস্বাভাৱিক নহ'ব ।
লক্ষণীয় বিষয় যে ২০১৯ চনৰ লোক সভাৰ নিৰ্বাচনত বিজেপিয়ে অগপক কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী এৰি দিছিল । এইবাৰো আঞ্চলিক দলটোক ধুবুৰী এৰি দিয়াটো প্ৰায় নিশ্চিত যদিও ধুবুৰী দখল কৰাৰ পথ মসৃণ নোহোৱাত বিজেপিয়ে অন্তিম সময়ত আন এটা সমষ্টি মিত্ৰদল অগপক এৰি দিব পাৰে । কিন্তু ধুবুৰীক বাদ দি অগপই আন কোন সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সুযোগ পাব সেয়া এতিয়াও চৰ্চালৈ অহা নাই ।
বিগত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই গৌৰৱ গগৈৰ হাতত বিধ্বস্ত হোৱা অগপৰ কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই এইবাৰ কলিয়াবৰৰ পৰিৱৰ্তে নগাঁৱৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ আশা কৰিছে(MP Gaurav Gogoi) । কেবিনেট মন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তৰ নগাঁৱত প্ৰাৰ্থিত্বৰ বাবে অগপই আগতীয়াকৈ কিছু কৌশল গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে । সমান্তৰালকৈ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপু ৰঞ্জন শৰ্মায়ো নগাঁৱৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ আশাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
গতিকে এই মুহূৰ্তত নগাঁৱৰ আসনখনৰ বাবে মিত্ৰ দল দুটাৰ প্ৰাৰ্থিত্বৰ বিষয়টোত কিছু জটিলতাই দেখা দিছে । অৱশ্যে বিগত নিৰ্বাচনত অগপই প্ৰতিদ্বন্দিতা আগবঢ়োৱা কলিয়াবৰত এই বাৰ বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো প্ৰায় চূড়ান্ত । কিন্তু কলিয়াবৰৰ বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া এ আই ইউ ডি এফৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি গেৰুৱা দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । অর্থাৎ এ আই ইউ ডি এফৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বিজেপিয়ে কলিয়াবৰৰ প্ৰার্থী বাছনি কৰিব । কিন্তু নগাঁৱৰ ক্ষেত্ৰত ছবিখন এই পর্যন্ত কিছু সুকীয়াকৈ ৰাখিছে ।
এনে অৱস্থাত এতিয়া নগাঁৱত প্ৰাৰ্থিত্বৰ বাবে অগপ আৰু বিজেপিয়ে সমানেই কচৰৎ চলাইছে । এক কথাত ক'বলৈ গ’লে নগাঁও আৰু কলিয়াবৰৰ প্ৰাৰ্থিত্বৰ বিষয়টোত এইবাৰ পোনপটীয়াকৈ বিজেপিৰ কেন্দ্ৰীয় কমিটীয়ে হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় কমিটীৰ নিৰ্দেশত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৱে সকলো দিশ পর্যালোচনা কৰি আহিছে(Central minister Sarbananda Sonowal) । এই দুজন কেন্দ্ৰীয় মন্ত্ৰীৰ ওপৰতে প্ৰাৰ্থী বাছনি আৰু অগপক এৰি দিবলগীয়া সমষ্টিৰ বিষয়টো নিৰ্ভৰ কৰিব ।
সমান্তৰালকৈ বৰপেটাৰ ওপৰতো দুয়োজন কেন্দ্ৰীয় মন্ত্ৰীয়ে তীক্ষ্ণ দৃষ্টি দিছে । কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে সমষ্টিটো কংগ্ৰেছমুক্ত কৰিব পাৰি তাকলৈ এতিয়া বিজেপিৰ নেতৃত্বই অংক কৰাত ব্যস্ত হৈ পৰিছে । বিজেপিৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ জয়ৰ তালিকাত ধুবুৰী অন্তৰ্ভুক্ত কৰাই নাই । অৱশ্যে এইবাৰ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ বিজয় অতি সহজ নহ'ব । ধুবুৰীত আজমলৰ বিজয় সহজ হ’বলৈ হ'লে বৰপেটা, নগাঁও আৰু কলিয়াবৰত এ আই ইউ ডি এফৰ প্ৰকাৰান্তৰে সহায় লাগিব বিজেপি-অগপক ।
সেয়ে নিৰ্বাচনলৈ এটা বছৰ বাকী থকা অৱস্থাত মিত্ৰ দলে আগতীয়াকৈ নতুন নতুন কৌশল গ্ৰহণৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে । ইফালে প্ৰধান বিৰোধী দল কংগ্ৰেছ বৰ্ত্তমান ব্যস্ত 'ভাৰত জোড়ো যাত্ৰা'ত(Bharat jodo Yatra) । বিজেপিৰ ব্যাপক ৰণকৌশলৰ বিপৰীতে কংগ্ৰেছে কিদৰে কলিয়াবৰ, নগাঁও আৰু বৰপেটা পুনৰ নিজৰ দখলত ৰখাৰ লগতে আন সমষ্টিত নিজৰ অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব সেয়া সময়েহে ক'ব । কংগ্ৰেছে কিন্তু এতিয়ালৈকে ভাৰত জোড়ো যাত্ৰাক লৈয়ে ব্যস্ত হৈ আছে ।
লগতে পঢ়ক: Assam CM reaction on DU ragging: ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা: মুখ্যমন্ত্ৰী