গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পার্টীৰ প্রতি আকৃষ্ট হৈ সোমবাৰে কেইবাটাও দল-সংগঠনৰ নেতা আৰু সমাজৰ বিভিন্ন শ্রেণীৰ কেইবাগৰাকীও লােকে আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে । বিজেপিত যােগদান কৰাসকলৰ ভিতৰত জোনাইৰ বিধায়ক গণশক্তি দলৰ নেতা ভূৱন পেগু, কংগ্ৰেছ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দেৱী বৰা, ৰাষ্ট্ৰীয় প্রতিনিধি এনজয় দে, জেষ্ঠ সাংবাদিক কংগনা গােস্বামী, উমী ডেকা বৰুৱা, ডুনী বৰবৰুৱা, অসম অনুসূচীত জাতি ইউনাইটেড ফ্রণ্টৰ সভাপতি উৎপল হাজৰিকা, অধিবক্তা তথা এনপিপি ৰ যুৱ সম্পাদক ফাজলী ইলাহী চৌধুৰী আদি ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে তেওঁলােকক দলীয় গলবস্ত্ৰৰে আদৰণি জনায় ।
অনুষ্ঠানত বক্তব্য দাঙি ধৰি সভাপতি গৰাকীয়ে, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তোদয়া দর্শনক সাৰােগত কৰি দলীয় কাম-কাজত মনােনিৱেশ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত সভাপতি দাসে ৰাজ্যসভাৰ খালী হৈ থকা অসমৰ আসনখনৰ বাবে কেন্দ্রীয় নির্বাচন সমিতিয়ে বিশ্বজিৎ দৈমাৰীক প্রার্থী হিচাপে প্রক্ষেপ কৰা বুলি ঘােষণা কৰে । ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লােচন দাসে আত ধৰা অনুষ্ঠানটিত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, মন্ত্রী পৰিমল শুক্লবৈদ্য, বিধায়ক ড৹ ৰণােজ পেগু, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা আৰু সাংসদ তথা আন এগৰাকী সাধাৰণ সম্পাদক ড৹ ৰাজদ্বীপ ৰয়ৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কাৰ্য-কর্তাসকলা উপস্থিত আছিল ।