ETV Bharat / state

বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ মৃত্যু - বিজেপিৰ প্ৰাক্তন সাংসদ তথা ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ মৃত্যু

বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ মৃত্যু ৷ প্ৰয়াত সাংসদ তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সাংসদ দিলীপ শইকীয়া আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৷

BJP Ex president Indramoni Bora pass away
বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ মৃত্যু
author img

By

Published : Dec 28, 2019, 4:10 PM IST

গুৱাহাটী, 28 ডিচেম্বৰঃ ভাৰতীয় জনতা পাৰ্টীৰ পৰা অসমৰ প্ৰথমগৰাকী ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ মৃত্যু ৷ শুকুৰবাৰে নিশা 2 বজাত উজানবজাৰস্থিত নিজা বাসগৃহত মৃত্যু হয় প্ৰাক্তন নেতাগৰাকীৰ ৷ মৃত্যুৰ সময়ত বৰাৰ বয়স আছিল ৮২ বছৰ ৷

বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ মৃত্যু

উল্লেখ্য যে, বিজেপিৰ উত্থানৰ বাবে বহু ত্যাগ স্বীকাৰ কৰিছিল নেতাগৰাকীয়ে ৷ শনিবাৰে নৱগ্ৰহত ৰাজ্যিক মৰ্যদাৰে অন্তিম সৎকাৰ কৰা হব নেতাগৰাকীক ৷ ইতিমধ্যে নেতাগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোকদগ্ধ পৰিয়ালক সাক্ষাৎ কৰি গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰয়াত সাংসদগৰাকীৰ ঘৰত উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰিছে সাংসদ দিলীপ শইকীয়া আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ সাংসদগৰাকীৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁ প্ৰাক্তন সাংসদ ইন্দ্ৰমণি বৰাৰ ভাতৃ সদৃশ আছিল বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ "জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী

Intro: ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম গৰাকী ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ প্ৰাক্তন বি জে পিৰ প্ৰাক্তন সভাপতি ইন্দ্ৰমণি বৰাৰ মৃত্যু
নিশা 2 বজাত উজানবজাৰ বাসগৃহত মৃত্যু বৰাৰ।
৮২বছৰ বয়সত মৃত্যু প্ৰাক্তন সভাপতি গৰাকীৰ।

Body:ইন্দ্ৰমণি বৰা মাটিৰ মানুহ আছিল ।স্বচ্ছ আছিল বহুত।তেওঁৰ অবিহনে আজি বি জে পি সম্পুৰ্ণ নহয়।অভিভাৱক আছিল ভাৰতীয় জনতা পাৰ্টীৰ।আঙুলিত ধৰি শিকাইছিল ৰাজনীতি।

Bite:-দিলীপ শইকীয়া

মোক ৰাজনীতিলৈ ইন্দ্ৰ মণি বৰাই আনিছিল।মই গুৰু দক্ষিণা 50 হাজাৰ দিছিলো।কিন্তু পইচাৰ ঘূৰাই দিছিল পিছদিনা এখন পইচা লৈ ।বিজেপিৰ পৰামৰ্শদাতা আছিল ।অভিভাৱক আছিল।
Bite:-ৰঞ্জিত দাস।Conclusion:নৱগ্ৰহত অন্তিম সৎকাৰ কৰা হব ৰাজ্যিক মৰ্যদাৰে।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.