গুৱাহাটী, ১৫ অক্টোবৰ: সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু ২০২৪ চনত লোকসভা নিৰ্বাচন (Lok Sabha elections 2022) । যাৰ বাবে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । আগন্তুক নিৰ্বাচনৰ বাবে সৰ্বতোপ্ৰকাৰে সাজু হৈছে অসম বিজেপি । ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই (BJP National President Jagat Prakash Nadda) আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ ঘোষণা কৰিলে বিজেপিৰ নতুন ৰাজ্যিক নিৰ্বাচন সমিতি, ৰাজ্যিক ক’ৰ কমিটীকে ধৰি কেইবাখনো সাংগঠনিক সমিতি ।
ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ২০২০ চনৰ ডিচেম্বৰত বিজেপিয়ে অসমৰ বাবে ৰাজ্যিক নিৰ্বাচন আৰু ক'ৰ সমিতি ঘোষণা কৰিছিল । এতিয়া ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন পোন্ধৰজনীয়া ৰাজ্যিক নিৰ্বাচন সমিতি, ষোল্লজনীয়া ৰাজ্যিক ক’ৰ কমিটী, পাঁচজনীয়া বিত্তীয় সমিতি (Finance Committee) আৰু পাঁচজনীয়া অনুশাসন কমিটী গঠন কৰি দিছে (Discipline Committee)।
লক্ষণীয় বিষয় যে পূৰ্বতে ৰাজ্যিক নিৰ্বাচন সমিতিত থকা কেইবাজনো বিজেপিৰ নেতা-মন্ত্ৰীয়ে এইবাৰ স্থান নাপালে । নতুনকৈ ঘোষণা কৰা ৰাজ্যিক নিৰ্বাচন সমিতি আৰু ক'ৰ কমিটীত জে পি নাড্ডাই অতি লক্ষণীয়ভাৱে বাহাল ৰাখিলে সংসদীয় বর্ড তথা কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য সৰ্বানন্দ সোণোৱালক । কিন্তু কেইবাজনো জ্যেষ্ঠ নেতাক দায়িত্বৰ পৰা আঁতৰাই বিজেপিৰ ৰাজ্যিক ক’ৰ কমিটী আৰু নিৰ্বাচন কমিটী গঠন কৰিছে ৰাষ্ট্ৰীয় নেতৃত্বই ।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অনুমোদন জনোৱা ক’ৰ কমিটীত স্থান নাপালে কেইবাগৰাকীও ৰাজ্যিক কমিটীৰ সভাপতিয়ে । পূৰ্বৰ ক'ৰ কমিটীৰ দায়িত্বত থাকি বিশেষ ভূমিকা গ্ৰহণ কৰি অহা প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন সাংসদ তথা ৰাজ্যিক প্ৰাক্তন সভাপতি ৰমেন ডেকা আৰু প্ৰাক্তন সভাপতি সিদ্ধার্থ ভট্টাচাৰ্যক এইবাৰ ক'ৰ কমিটীত স্থান দিয়া নহ'ল ।
কেৱল ক’ৰ কমিটীতেই নহয়, ৰাজ্যিক নিৰ্বাচন কমিটীতো এইসকল জ্যেষ্ঠ নেতাক অন্তৰ্ভুক্ত নকৰিলে । দলৰ এই শীর্ষ কমিটীসমূহৰ পৰা বাদ দিয়া হ'ল জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তীকো । দলৰ শীৰ্ষ কমিটীসমূহৰ পৰা এইসকল জ্যেষ্ঠ নেতাক বাদ দিয়াৰ লগে লগে এতিয়াৰ পৰা দলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত এইসকল নেতাৰ কোনো ভূমিকা নাথাকিব । অৱশ্যে তাৰ মাজতে প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱাল (Cabinet Minister Sarbananda Sonowal) আৰু ৰঞ্জিত কুমাৰ দাসক ক’ৰ কমিটী আৰু নিৰ্বাচন কমিটী উভয়তেই স্থান দিয়া হৈছে ।
দলৰ আন এগৰাকী প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তকো দুয়োখন শীর্ষ কমিটীতে অন্তর্ভুক্ত নকৰিলে । তাৰ বিপৰীতে পাঁচ-ছয় বছৰৰ ভিতৰত বিজেপিত যোগদান কৰা একাংশ নেতাক উভয় কমিটীতে অন্তর্ভুক্ত কৰা হৈছে । ক'ৰ কমিটীত আছে সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওজা, মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰতন তেৰণ উপ-সভানেত্ৰী বিজুলী কলিতা মেধী, উপ-সভাপতি তপন গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিমল অশ্বোৱাল, তিনিগৰাকী সাধাৰণ সম্পাদ পল্লৱ লোচন দাস, পুলক গোঁহাই আৰু দিপ্লু ৰঞ্জন শৰ্মা ।
আনহাতে ক'ৰ কমিটীৰ বিশেষ আমন্ত্ৰিত সদস্য হৈছে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃপ্ৰভাৰী পৱন শৰ্মা, উত্তৰ-পূবৰ সমন্বয়ক সম্বিত পাত্ৰ আৰু যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা । ইফালে নিৰ্বাচন সমিতিত আছে সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ৰণজিৎ দাস, অশোক সিংঘল, পীযুষ হাজৰিকা, নন্দিতা গাৰ্লোছা, সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, কামাখ্যা প্ৰসাদ তাছা, উপ-সভাপতি নৱ কুমাৰ দলে, অ’বিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, বিধায়ক প্ৰশান্ত ফুকন, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা ।
নিৰ্বাচন কমিটীৰ বিশেষ আমন্ত্ৰিত সদস্য হৈছে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ, যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা । সেইদৰে বিত্তীয় সমিতিত আছে অধ্যক্ষ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, সদস্য সচিব ৰাজকুমাৰ শৰ্মা, সদস্য মনোজ ছৰফ, বিজয় কুমাৰ গুপ্তা আৰু বিধায়ক কৃষ্ণেন্দু পাল । অনুশাসন সমিতিত আছে অধ্যক্ষ মিছন ৰঞ্জন দাস, সদস্য সচিব বিজন মহাজন, সদস্য ৰেখা ৰাণী দাস বড়ো, ধ্ৰুৱ প্ৰসাদ বৈশ্য আৰু ভৱেন শৰ্মা ।
অতি লক্ষণীয়ভাৱে ২০২০ চনত গঠিত বিজেপিৰ ৰাজ্যিক নিৰ্বাচন সমিতিত সদস্যৰূপে থকা কেইবাজনো নেতা এইবাৰ এই গুৰুত্বপূৰ্ণ সমিতিখনৰ পৰা বাদ পৰিছে । তেওঁলোক হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক ৰঞ্জিত দত্ত আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য । তেওঁলোকৰ স্থানত ৰাজ্যিক নির্বাচন সমিতিত এইবাৰ নতুনকৈ সোমাইছে অশোক সিংঘাল, পীযূষ হাজৰিকা, কামাখ্যা প্ৰসাদ তাছা আৰু নৱ কুমাৰ দলে ।
আনহাতে কেন্দ্ৰীয় নেতৃত্বই নতুনকৈ ঘোষণা কৰা বিজেপিৰ ৰাজ্যিক ক’ৰ কমিটীত এইবাৰ স্থান লাভ নকৰিলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বিধায়ক সিদ্ধার্থ ভট্টাচার্য, প্ৰাক্তন সাংসদ ৰমেন ডেকা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে । অসম প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটীত দলৰ বহু পুৰণি নেতাক স্থান নিদিয়াকলৈ দলৰ ভিতৰচ'ৰাত যথেষ্ট অসন্তুষ্টি আছে । অৱশ্যে এতিয়ালৈকে এইক্ষেত্ৰত কোনেও মুকলিকৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰা নাই ।