ETV Bharat / state

সমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ - কৰ’ণা ভাইৰাছ

অন্য বৰ্ষত পূজাৰ পূৰ্বে বিৰ দি বাট নোপোৱা অৱস্থা হোৱা মহানগৰীৰ লাচিত নগৰৰ মূৰ্তিৰ বিপণীসমূহত এতিয়া মাথো বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে ৷ কিয়নো এইসমূহ বিপণীত কৰ’ণা ভাইৰাছৰ বাবে অহা নাই কোনো অৰ্ডাৰ ৷ তদুপৰি মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় কেঁচা সামগ্ৰী সমূহৰো কৰ’ণাৰ বাবে অত্যধিক দাম হোৱা বুলি শিল্পীসকলে প্ৰকাশ কৰিছে ৷

Biswakarma puja preparation among teracotta artist in guwahati assam etv bharat news
সমাগত বিশ্বকৰ্মা পূজা
author img

By

Published : Sep 4, 2020, 1:50 PM IST

গুৱাহাটী,4 চেপ্তেম্বৰ: বানে ধোৱা ৰাজ্যত ক্ৰমাৎ সলনি হৈছে পৰিৱেশ ৷ এটোপ দুটোপ নিয়ৰৰ সিক্ত টোপালবোৰে আদৰি লৈছে কবিৰ প্ৰিয় ঋতু শৰতক ৷ শৰৎ মানেই যেন উছৱৰ বতৰা ৷ কিন্তু এইবাৰ ৰাজ্যত ব্যতিক্ৰমী পৰিৱেশ ৷ কিয়নো ৰাজ্যত এতিয়াও সংক্ৰমণ হ্ৰাস হোৱা নাই কৰ’ণাৰ ৷ সেয়ে ম্লান হৈ ৰৈছে উছৱৰ আগমনৰ উছাহ ৷ এই শৰততে অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা ৷ কিছুদিন পিছতে ৰাজ্যত অনুষ্ঠিত হ’ব বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পূজা ৷ কিন্তু পূজাৰ বাবে পূৰ্বৰ দৰে নাই কোনো উছাহ উদ্দীপনা ৷ ব্যস্ততা নাই মৃৎ শিল্পীসকলৰ মাজতো ৷ তদুপৰি পূৰ্বৰ দৰে এইসকল শিল্পীৰ ওচৰত কোনো পূজা কমিটিয়ে মূৰ্তিৰ বাবে আগতীয়াকৈ কৰি থোৱা নাই বুকিং ৷ ফলত পূৰ্বৰ তুলনাত কম সংখ্যক মূৰ্তি নিৰ্মাণ কৰিছে মৃৎ শিল্পীসকলে ৷

মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ

অন্য বৰ্ষত পূজাৰ পূৰ্বে বিৰ দি বাট নোপোৱা অৱস্থা হোৱা মহানগৰীৰ লাচিত নগৰৰ মূৰ্তিৰ বিপণীসমূহত এতিয়া মাথো বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে ৷ কিয়নো এইসমূহ বিপণীত কৰ’ণা ভাইৰাছৰ বাবে অহা নাই কোনো অৰ্ডাৰ ৷ তদুপৰি মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় কেঁচা সামগ্ৰী সমূহৰো কৰ’ণাৰ বাবে অত্যধিক দাম হোৱা বুলি শিল্পীসকলে প্ৰকাশ কৰিছে ৷ ফলত একপ্ৰকাৰ সমস্যাৰ সন্মুখীন হৈছে মূৰ্তি নিৰ্মাণকাৰী মৃৎ শিল্পীসকল ৷

লগতে চাওকঃ ডেকা সত্ৰীয়া নৱজিৎ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.