ETV Bharat / state

কৃষি বিশ্ববিদ্যালয়ৰ ভূমি কেলেংকাৰীঃ ৰাজ্যপালে গঠন কৰিলে তদন্ত আয়োগ

author img

By

Published : Aug 14, 2020, 6:38 PM IST

এই আয়োগৰ আন দুগৰাকী সদস্য হ'ল আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰমন আৰু অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া উমেশ কুমাৰ । উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ডঃ কে এম বুজৰবৰুৱাই তেওঁৰ কাৰ্যকালত গুৱাহাটীৰ খানাপাৰাস্থিত বিশ্ববিদ্যালয়ৰ প্ৰায় ১০ বিঘা মাটি বিধি বহিৰ্ভূতভাৱে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক হস্তান্তৰ কৰিছিল। ইয়াকে লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া । লগতে পঢ়কঃ কৰিমগঞ্জত জংঘলত লতাৰে ওলো

Biplab sarma
Biplab sarma

গুৱাহাটী, ১৪ আগষ্টঃ ৰাজ্যৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়খনৰ এক বৃহৎ ভূখণ্ড কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক বিধি বহিৰ্ভূতভাৱে গতাই দিয়া ঘটনাৰ তদন্তৰ বাবে অৱশেষত ৰাজ্যপাল জগদীশ মুখীয়ে গঠন কৰি দিবলগীয়া হ'ল তদন্ত আয়োগ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যপালে এই তিনিজনীয়া বিশেষ আয়োগ গঠন কৰি দিছে আৰু অক্টোবৰ মাহৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ৰাজ্যপালে গঠন কৰিলে তদন্ত আয়োগ

এই আয়োগৰ আন দুগৰাকী সদস্য হ'ল আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰমন আৰু অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া উমেশ কুমাৰ । উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ডঃ কে এম বুজৰবৰুৱাই তেওঁৰ কাৰ্যকালত গুৱাহাটীৰ খানাপাৰাস্থিত বিশ্ববিদ্যালয়ৰ প্ৰায় ১০ বিঘা মাটি বিধি বহিৰ্ভূতভাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক হস্তান্তৰ কৰিছিল। ইয়াকে লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ।

https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-land-scam-aau-7206058_14082020145508_1408f_1597397108_590.JPG
ভূমি কেলেংকাৰী

লগতে পঢ়কঃ কৰিমগঞ্জত জংঘলত লতাৰে ওলোমাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

কেৱল হস্তান্তৰ কৰাতেই ক্ষান্ত নাথাকি সেই সময়ৰ উপাচাৰ্যগৰাকীয়ে সেই মাটিত স্থাপন কৰিবলগীয়া কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰায় 200 কোটি টকীয়া ভৱনটো নিৰ্মাণৰ দায়িত্বও গ্ৰহণ কৰিছিল। এই ঘটনাই সকলোৰে চকু কপালত তোলাৰ পিছত সমস্ত বিষয়টো ৰাজ্যপালে হস্তক্ষেপ কৰিবলৈ বাধ্য হয়। সেই অনুসৰি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়ে তিনিজনীয়া তদন্ত আয়োগ। মন কৰিবলগীয়া যে সেই বিতৰ্কিত ভূখণ্ডত ইতিমধ্যে পূৰ্ণ গতিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বৃহৎ ভৱনটোৰ নিৰ্মাণকাৰ্য চলি আছে ।

Agricultural University
ভূমি কেলেংকাৰী

আনহাতে,এই বিয়াগোম কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰা তিনিজনীয়া আয়োগৰ অধ্যক্ষ ন্যায়াধীশ শৰ্মাই ই টিভি ভাৰতক অৱগত কৰে যে ১৮ আগষ্টত আয়োগে সেই বিতৰ্কিত স্থানলৈ গৈ চৰজমিন তদন্ত কৰিব। ইতিমধ্যে দুয়োখন বিশ্ববিদ্যালয়লৈ আয়োগৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে বিপ্লৱ কুমাৰ শৰ্মাই। উল্লেখ্য যে ন্যায়াধীশ শৰ্মাই একে সময়তে লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া তদন্ত আয়োগৰ অধ্যক্ষৰ দায়িত্বও পালন কৰি আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.