গুৱাহাটী,22 মে': জু-ৰোড বিস্ফোৰণৰ লগত জড়িত আন এজন মূল অভিযুক্ত বিজয় অসমক লতাশিল থানাত হাজিৰ। বুধবাৰে পুৱা প্ৰায় ছয় বজাত তিনিচুকীয়াৰ ডাঙৰীৰ পৰা লতাশিল থানালৈ লৈ অহা হয় অভিযুক্ত বিজয় অসমক। খবৰ অনুসৰি,বিজয় অসম ওৰফে পাপু ৰাজবংশী ইয়াৰ পূৰ্বেও কেইবাটাও গোচৰত অভিযুক্ত। গাড়ী চুৰ আৰু এগৰাকী মহিলাক 2011 চনতে হত্যা কৰাৰ সন্দৰ্ভত গোচৰ অব্যাহত আছে অভিযুক্ত বিজয়ৰ বিৰুদ্ধে।
যুটীয়া আৰক্ষী আয়ুক্তৰ সহযোগত শতাশিল থানাত বৰ্তমানেও জেৰা চলি আছে বিজয় অসমৰ। জেৰাৰ পাচতে বিজয় অসমক লৈ যোৱা হ'ব মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ ৷