ETV Bharat / state

গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:31 PM IST

Bhogali Bihu 2024 : ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰবাসীও বিহুক লৈ ব্যস্ততা বাঢ়িছে ৷ মহানগৰীৰ বিপণন ক্ষেত্ৰতো অনুষ্ঠিত হৈছে ভোগালী মেলা ৷

Bhogali Mela Held at Bipanan Khetra of Guwahati
গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন
গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন

গুৱাহাটী, 11 জানুৱাৰী : পদুলিমুখত হেঁপাহৰ ভোগালী বিহু ৷ ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো দুটা দিন বাকী ৷ উজনিৰ পৰা নামনিলৈ এতিয়া চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ যিমানেই ভোগালী বিহুৰ দিন চমু চাপিছে সিমানেই গাঁত তত নোহোৱা হৈছে প্ৰতিগৰাকী অসমীয়াৰ ৷ গাঁৱৰ জীয়াৰী-বোৱাৰী ব্যস্ত এতিয়া পিঠা পনা বনোৱাত ৷ ইফালে ল'ৰাৰ পৰা বুঢ়ালৈকে ব্যস্ত পথাৰত ভেলাঘৰ, মেজি সজাত ৷ বাদ পৰি ৰোৱা নাই কংক্ৰিটৰ মহানগৰবাসীও ৷ মহানগৰীৰ প্ৰতিখন বজাৰত উপলব্ধ হৈছে পিঠাপনা, চিৰা, ৰামদিয়া, সৰভোগৰ দৈ ক্ৰীম, সান্দহৰ লগতে খেৰৰ মেজিও ৷

আনহাতে মহানগৰীৰ খানাপাৰা, দীঘলীপুখুৰী, উজানবজাৰ আদিকে ধৰি মহানগৰীৰ ভিন্ন প্ৰান্তৰত অনুষ্ঠিত হৈছে ভোগালী মেলা ৷ মহানগৰবাসীয়ে যাতে সুন্দৰকৈ হেঁপাহৰ ভোগালী বিহুটি উদযাপন কৰিব পাৰে তাৰ বাবে প্ৰচেষ্টা কৰিছে ভোগালীৰ বিভিন্ন সামগ্ৰী বিক্ৰেতাসকলে ৷ মহানগৰীৰ অন্য প্ৰান্তৰ দৰে বিপণন ক্ষেত্ৰতো অনুষ্ঠিত হৈছে ভোগালী মেলা ৷ অন্য ভোগালী মেলাতকৈ পৃথক এই মেলা ৷ ঠাইতে প্ৰস্তুত কৰা পিঠা-পনা উপলব্ধ হৈছে উক্ত মেলাতে ৷ প্ৰায় 50 ৰো অধিক মহিলাই দিনে নিশাই গ্ৰাহকৰ বাবে প্ৰস্তুত কৰি আছে বিভিন্ন প্ৰকাৰৰ পিঠা আৰু লাড়ু ৷

এইক্ষেত্ৰত মেলাখনৰ উদ্যোক্তাই কয়,‘‘প্ৰতি বছৰৰ দৰে এইবর্ষও আমি ৰাইজৰ সঁহাৰি ভালেই পাইছো ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমি সামগ্ৰীসমূহ আনিছো ৷ 2016 চনৰ পৰাই আমি এই প্ৰচেষ্টা আৰম্ভ কৰিছিলো ৷ 30জনকৈ লোকে প্ৰথমে আৰম্ভ কৰিছিলো এই মেলাখন ৷ মহানগৰবাসীয়ে যাতে সহজতে আৰু ঘৰুৱা পৰিৱেশত প্ৰস্তুত কৰা পিঠা বা লাড়ু পাই তাৰ প্ৰচেষ্টা কৰা হৈছে এই মেলাৰ জৰিয়তে ৷’’

লগতে পঢ়ক : উচটনি দিয়া মানুহ ড৹ হীৰেন গোহাঁই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.