ETV Bharat / state

Bhabesh Kalita slams oppositions : বিৰোধীক একেলগে নিৰ্বাচন খেলিবলৈ আহ্বান ভৱেশ কলিতাৰ

author img

By

Published : Feb 28, 2023, 10:02 PM IST

বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফক একেলগে নিৰ্বাচন খেলিবলৈ আহ্বান জনালে বিজেপি সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita slams oppositions)। বিজেপিয়ে আৰম্ভ কৰিব টিফিন বৈঠক । মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ নিৰ্বাচনক লৈও গুৰুত্বপূৰ্ণ মন্তব্য ভৱেশ কলিতাৰ ।

Bhabesh Kalita slams oppositions
বিৰোধীক একেলগে নিৰ্বাচন খেলিবলৈ আহ্বান ভৱেশ কলিতাৰ

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : "কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মিত্ৰতা হোৱাটো বিচাৰে বিজেপিয়ে । ইউপিপিএল আৰু বিপিএফক লৈয়ে আগবাঢ়িব বিজেপি । শেহতীয়াকৈ হৈ যোৱা উত্তৰ-পূৱৰ তিনি ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ ফলাফল ভাল হ'ব ।" এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত কেইবাটাও ৰাজনৈতিক বিষয়ৰ ওপৰত মন্তব্য কৰে নেতাগৰাকীয়ে । তেওঁ কয় যে, ২০২৪ নিৰ্বাচনলৈ বিজেপিৰ কোনো কৰ্মীয়ে এনেই বহি নাথাকে । প্ৰতিটো মৰ্চাই কাম কৰি থাকিব । ইতিমধ্যে বিজেপিৰ কাম আৰম্ভ হৈছে বুলি তেওঁ উল্লেখ কৰে । কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সম্পৰ্কে তেওঁ কয় যে, বিজেপিয়ে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা বিচাৰে (BJP wants Congress AIUDF alliance)।

মিত্ৰতা হ'লেহে বিজেপিৰ শক্তি বুজিব বিৰোধীয়ে । ৰাইজে বুজিব কংগ্ৰেছ আৰু এআইইউডিএফৰ শক্তি কিমান (Bhabesh Kalita reacts over oppositions alliance)। এইবাৰ মহাজোঁট নহয়, বিৰোধীৰ মাজত হ'ব মহাঝুঠ । ভৱেশ কলিতাই দাবী কৰা মতে প্ৰধানমন্ত্ৰী মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত সকলো মহামিছাত পৰিণত হ'ব । এইবাৰ নিৰ্বাচনত বিজেপিয়ে কৰিব শক্তি প্ৰদৰ্শন ।

তেওঁৰ মতে, কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা অঁৰিয়া-অঁৰি ৰাইজক দেখুৱাবলৈহে । নিজৰ বুজাবুজিৰ মাজতেই ইটো দলে সিটো দলৰ ওপৰত বোকা ছটিয়াই থাকে । ইউপিপিএল আৰু বিপিএফ সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে, তেওঁলোকক লৈয়ে আগবাঢ়িব বিজেপি (UPPL and BPF clash in BTR)। বড়ো ভূমিৰ দুই বৈৰীৰ মাজত সাঁকো হ'ব বিগ ব্ৰাডাৰ বিজেপি । তেওঁলোকৰ মাজত বিজেপিয়ে সমন্বয়ৰ সেঁতু বান্ধিব বুলিও দাবী কৰে ভৱেশ কলিতাই ।

ইফালে বিজেপিয়ে শেহতীয়াকৈ আৰম্ভ কৰিছে টিফিন বৈঠক (Tiffin meeting of BJP)। এই টিফিন বৈঠক সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে এতিয়া বিজেপিত চলিব টিফিন বৈঠক । টিফিন বৈঠকত অংশগ্ৰহণ কৰা বিজেপি কৰ্মীসকলে ঘৰৰ পৰাই আনিব খাদ্যৰে ভৰা টিফিন । বৈঠকলৈ আহি ভাগ বতৰা কৰি খাব টিফিনত থকা খাদ্য । ইয়াৰ জৰিয়তে ভাতৃত্ব বোধ বৃদ্ধি পোৱাৰ লগতে আন্তৰিকতা বাঢ়িব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

জাগীৰোডত ধৰ্ম সলনি কৰা লোকসকল পুনৰ হিন্দু ধৰ্মলৈ ঘূৰি অহা সন্দৰ্ভত ভৱেশ কলিতাই কয় যে, ঘৰ ৱাপচি হৈছে তেওঁলোকৰ । বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দেখুৱাই ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰোৱা হয় । সনাতন ধৰ্ম বাদ দিবলৈ বিপথে পৰিচালিত কৰা হয় । জনজাতীয় লোকসকলৰ দৰিদ্ৰতাক ব্যবহাৰ কৰি ধৰ্মান্তৰিত কৰা হয় । তেওঁ দাবী কৰা মতে ধৰ্মান্তৰণৰ বাবে বাহিৰৰ পৰা পুঁজি যোগান ধৰা হয় ।

ইফালে উত্তৰ-পূৱৰ মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ৰাজনীতি সন্দৰ্ভত তেওঁ কয় যে, মেঘালয়ত জয়ী বিধায়কৰ আসনৰ সংখ্যা ডাবল ফিগাৰ পাৰ হ'ব (Bhabesh Kalita on Meghalaya election)। ত্ৰিপুৰা আৰু নাগালেণ্ডতো বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি নিশ্চিত ।

লগতে পঢ়ক :Akhil Gogoi in Nia court : নিয়াৰ আদালতত হাজিৰ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.