ETV Bharat / state

ৰিপুণ বৰাই অসমত কেনেকৈ উৰুৱাব বাঙালী জাত্যাভিমানৰ পতাকা ? - অসমীয়া আৰু বাঙালী জাতীয়তাবাদৰ মাজৰ সংঘাত

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা‌ যোৱা দুটা দশকত দল আৰু চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত থাকি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি‌ অহা ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগে ৰাজ্য ৰাজনীতিত কিবা নতুন সমীকৰণৰ সৃষ্টি কৰিব নে (Ripun Bor joined TMC) ! জ্যেষ্ঠ কংগ্ৰেছী গৰাকীয়ে ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মমতা বন্দোপাধ্যায়ৰ তৃণমূল কংগ্ৰেছত যোগ‌ দিবলগীয়া হোৱা ঘটনাই স্বাভাবিকতে এতিয়া লক্ষণীয় বুলি বিবেচিত হৈছে ।

Ripun Bor joined TMC
ৰাজনৈতিক নেতা ৰিপুণ বৰাৰ ৰাজনৈতিক ভৱিষ্যৎ কি ?
author img

By

Published : Apr 19, 2022, 8:32 AM IST

গুৱাহাটী, 19 এপ্ৰিল : ৰাজ্য ৰাজনীতিত প্ৰায় খলকনি তুলি দেওবাৰে কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে ৰাজনৈতিক নেতা ৰিপুণ বৰাই (Ripun Bor joined TMC) ৷ এতিয়া প্ৰশ্ন হয়, ৰাজনৈতিক নেতা ৰিপুণ বৰাৰ ৰাজনৈতিক ভৱিষ্যৎ কি ? এই সন্দৰ্ভত এতিয়া চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলতো ।

কেৱল ৰিপুণ বৰাৰ ব্যক্তিগত ৰাজনৈতিক ভৱিষ্যতেই নহয়, এই ৰাজনৈতিক কুচকাৱাজে অসমৰ মাটিত তৃণমূল কংগ্ৰেছৰ ভেঁটি গঢ়িব নেকি বুলিও চৰ্চিত হৈছে (Bengali Assamese conflict may pull down TMC plan in Assam)।

Ripun Bor joined TMC
তৃণমূলৰ নেতা ৰিপুণ বৰাৰ ৰাজনৈতিক ভৱিষ্যৎ কি ?

বিগত 31 মাৰ্চত অনুষ্ঠিত হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত নিজ দলৰ বিধায়কৰ‌ দ্বাৰাই প্ৰচাৰিত হৈ দল ত্যাগ কৰাৰ দৰে সিদ্ধান্ত লোৱা ৰিপুণ বৰাই সোমবাৰে ইটিভি ভাৰতক অতি ক্ষোভেৰে জনাইছে যে, তেওঁ 1976 চনৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত হৈ আহিছে ।

লগতে চাওক : ETV Bharat Exclusive : তৃণমূলত যোগদানৰ পিছত ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ

কিন্তু তাৰ পিছতো তেওঁ দলৰ একাংশ নেতা আৰু নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা প্ৰচাৰিত হ’বলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক । তেওঁ উল্লেখ কৰা মতে, সোমবাৰে বিয়লি নতুন দিল্লীত বা মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি তেওঁ কংগ্ৰেছ ত্যাগৰ আঁৰৰ কাহিনী ৰাজহুৱা কৰিব ।

লগতে পঢ়ক : কংগ্ৰেছ এৰি তৃণমূলত যোগদান ৰিপুন বৰাৰ

উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটৰ গ্ৰহণৰ মাত্ৰ এদিনৰ আগতে দলৰ সভাপতি ভূপেন বৰাই সহযোগী ৰাজনৈতিক দল এআইইউডিএফ-ৰ বিৰুদ্ধে মুকলিকৈ বিষাদগাৰ কৰা‌ কাৰ্যই দলৰ ভিতৰতে ৰিপুণ বৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গোন্ধ পাইছিল দল আৰু ৰাজনৈতিক মহলে । তাৰ পিছতে ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুণ বৰাৰ পৰাজয় অৱধাৰিত হৈ পৰিছিল (Ripun Bora on internal clashes in congress) ।

কিন্তু প্ৰায় 45 বছৰ কংগ্ৰেছ কৰাৰ অভিজ্ঞতাৰে পুষ্ট ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ মূলতঃ বাঙালী জাতীয়তাবাদকেন্দ্ৰিক ৰাজনীতিক অসমত প্ৰতিষ্ঠা কৰিব পাৰিবনে ! আজিৰ তাৰিখত ই অন্যতম মূল্যবান ৰাজনৈতিক প্ৰশ্ন বুলি বিবেচিত হৈছে । তৃণমূল কংগ্ৰেছৰ মজিয়াৰ পৰা মমতা বেনাৰ্জীয়ে বাঙালী জাতীয়তাবাদৰ যি ৰাজনীতি কৰি আহিছে, সেয়াই পশ্চিমবংগৰ ৰাজনীতিত বাঁওপন্থী দলৰ দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমা আৰু আধিপত্যক তচনচ কৰি পেলাইছে ।

কিন্তু এই জাত্যাভিমানে মমতা বন্দোপাধ্যায়ক যিমানে বংগৰ মাটিত প্ৰতিষ্ঠা কৰিছে, সিমানে আন ৰাজ্যত অন্যান্য ভাষিক জাতীয়তাবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । অন্য কথা বাদেই, 1948 চনত গুৱাহাটীৰ মজিয়াৰ পৰাই আৰম্ভ হোৱা অসমীয়া আৰু বাঙালী জাতীয়তাবাদৰ মাজৰ সংঘাতে (Bengali Assamese conflict) আজিও বিভিন্ন স্তৰত ক্ৰীড়া কৰি আছে । ভাষা আন্দোলনৰ সময়ত এই সংঘাতে তুংগত আৰোহণ কৰা আৰু তাৰ পিছতে দুয়োটা ভাষিক সম্প্ৰদায়ৰ মাজত দূৰত্ব বঢ়াই পেলাইছিল ।

লগতে পঢ়ক : কংগ্ৰেছ ত্যাগী ৰিপুন বৰাই ক’লে দল ত্যাগৰ আঁৰৰ কাহিনী

আনহাতে, শেহতীয়াকৈ 2016 চনত ধেমাজিৰ চিলাপথাৰত বাঙালী সম্প্ৰদায়ৰ ছাত্ৰ সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত হোৱা প্ৰকাশ্য সংঘাতে পৰিস্থিতি উদঙাই দিয়ে । আকৌ একে সময়তে গৰ্গ চেটাৰ্জী নামৰ এজন উগ্ৰ বাঙালী জাত্যাভিমানীয়ে অসমত বাস‌ কৰা বাঙালীসকলক সংগঠিত কৰাৰ চেষ্টা, অসমীয়া জাতীয়তাবাদ বিৰোধী মন্তব্যই পৰিস্থিতিৰ অধিক অৱনতি ঘটাইছিল ।

পৰিস্থিতিৰ ইমানেই স্পৰ্শকাতৰ হৈ পৰিছিল যে, অসম চৰকাৰে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিবলগীয়া হৈছিল । কিন্তু এনে এক পৰিস্থিতিত ৰিপুণ বৰাৰ নেতৃত্বত অসমত তৃণমূল কংগ্ৰেছৰ উত্থান সম্ভৱনে ! সোমবাৰে ইটিভি ভাৰতক দিয়া টেলিফোনিক সাক্ষাৎকাৰত ৰিপুণ বৰাই অতি লক্ষণীয়ভাৱে কয় যে, তেওঁ অসমৰ উপৰিও ত্ৰিপুৰা আৰু মেঘালয়তহে কাম কৰিবলৈ আগ্ৰহী ।

ৰাজনৈতিক সমীক্ষকসকলৰ মতে, অসমৰ বৰাক উপত্যকাৰ পোন্ধৰটা বিধানসভা সমষ্টিৰ খুব বেছি চাৰিটা মানতহে তৃণমূলৰ সম্ভাৱনা কিছু পৰিমাণে আছে । বাকী ব্ৰহ্মপুত্ৰ উপত্যকাৰ লামডিং, হোজাই, নামনি অসমৰ বিজনী আদি মুষ্টিমেয় সংখ্যক সমষ্টিতহে তৃণমূল কংগ্ৰেছৰ সম্প্ৰসাৰণৰ সম্ভাৱনা আছে । বৰাকৰ জিলাকেইখনত ইতিমধ্যে আন এগৰাকী প্ৰাক্তন কংগ্ৰেছী সুস্মিতা দেৱে নিজৰ আধিপত্য বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে ।

এনে পৰিস্থিতিত ৰিপুণ বৰাৰ কাম কৰাৰ সুযোগ যে অতি‌ সীমিত, সেয়া ‌সহজেই অনুমেয় । আনহাতে, ডেনিয়েল তপ্নৰ হত্যাকাণ্ডকে ধৰি বিভিন্ন বিতৰ্কৰ মাজেৰে ৰাজনৈতিক জীৱন আগবঢ়াই অনা ৰিপুণ বৰাৰ গ্ৰহণ যোগ্যতাকলৈ ৰাজ্যৰ চহৰ জনজাতি সমাজ আৰু আন সম্প্ৰদায়সমূহৰ মনত প্ৰশ্ন চিহ্ন আছেই । এনে প্ৰতিকূল পৰিস্থিতিত তৃণমূল কংগ্ৰেছৰ মজিয়াৰ পৰা অমমক নেতৃত্ব দিবলৈ আগবাঢ়ি অহা ৰিপুণ বৰাৰ পৰৱৰ্তী কাৰ্যপন্থা স্বাভাৱিকতে লক্ষণীয় হ'ব ।

লগতে পঢ়ক : কংগ্ৰেছত থাকোতেও ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলাই আছিল : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.