ETV Bharat / state

Bangal Minister Slams Assam CM : নিৰ্বাচনী হিংসাত পীড়িতক অসমত আশ্ৰয়; মুখ্যমন্ত্ৰীক উভতি ধৰিলে বংগৰ মন্ত্ৰীয়ে - নিৰ্বাচনী হিংসাত পীড়িতক অসমত আশ্ৰয়

পশ্চিমবংগৰ নিৰ্বাচনী হিংসাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰীৰ টুইট যুদ্ধ । হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে নিৰ্বাচনী হিংসাত পীড়িত প্ৰায় ১৫০ বংগৰ নাগৰিকক অসমত আশ্ৰয় দিয়া হৈছে । ইয়াৰ প্ৰত্যুত্তৰত বংগৰ মন্ত্ৰী শশী পাঞ্জাই এনআৰচি প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে ।

Bangal Minister Slams Assam CM
Bangal Minister Slams Assam CM
author img

By

Published : Jul 12, 2023, 12:05 PM IST

নিউজ ডেস্ক, ১২ জুলাই : পশ্চিমবংগত অনুষ্ঠিত শেহতীয়া পঞ্চায়ত নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । এই নিৰ্বাচনী হিংসাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক আহত হয় । বিজেপিকে ধৰি বংগৰ বিৰোধী দলবোৰে ইয়াৰ বাবে পশ্চিমবংগৰ শাসনাধিস্থিত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰিছে ।

আনহাতে, তৃণমূলে এই অভিযোগ প্ৰত্যাখ্যান কৰিছে । তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি হৈছে । লগতে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰোধিতা কৰি বংগ চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে ।

  • #WATCH | Jorhat: Assam CM Himanta Biswa Sarma, says "Around 150 people from West Bengal have come as refugees to Assam. They have told that they have come because of the fear of violence in the panchayat elections. We have provided them accommodation, food and medical facilities.… pic.twitter.com/NMARNmm5WV

    — ANI (@ANI) July 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত উল্লেখ কৰিছিল পশ্চিমবংগৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ হিংসাত্মক ঘটনাৰ কথা । তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল যে পশ্চিমবংগৰ শেহতীয়া নিৰ্বাচনকেন্দ্ৰিক হিংসাত নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি প্ৰায় ১৫০ জন লোকে অসমত আশ্ৰয় লৈছে । প্ৰাণৰ মমতাত অসমত আশ্ৰয় লোৱা এই ব্যক্তিসকলৰ ভিতৰত ১৩৩ জন লোকক ধুবুৰীত আশ্ৰয় শিবিৰত অসম চৰকাৰে আশ্ৰয় প্ৰদান কৰাৰ কথাও উল্লেখ কৰে । লগতে তেওঁ কয় যে এই লোকসকলক খাদ্য-সামগ্ৰী যোগানকে ধৰি অত্যাৱশ্যকীয় সকলো সুবিধা প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । এক টুইটযোগেও মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে ।

এই টুইটটোৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰীৰ মাজত আৰম্ভ হয় টুইট যুদ্ধ । হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী হিংসাত পীড়িত বংগৰ নাগৰিকক অসমত আশ্ৰয় দিয়াৰ প্ৰত্যুত্তৰত বংগৰ মন্ত্ৰী শশী পাঞ্জাই এনআৰচি প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে ।

  • .@himantabiswa must be nauseated from the dizzying heights of self-righteousness & misplaced moral superiority!

    Before raising a false alarm & creating a sense of panic, he should consider the fate of the 1.9 million residents of Assam who were rendered stateless due to NRC. https://t.co/I9pJAgSMpu

    — Dr. Shashi Panja (@DrShashiPanja) July 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

হিমন্ত বিশ্ব শৰ্মাৰ টুইটটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ৰিটুইট কৰি কয়, "মিছা সতৰ্কবাণী উত্থাপন আৰু আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ পূৰ্বে তেওঁ (অসমৰ মুখ্যমন্ত্ৰী) এনআৰচিৰ বাবে ৰাজ্যহীন হৈ পৰা অসমৰ ১.৯ নিযুত বাসিন্দাৰ ভাগ্য বিবেচনা কৰা উচিত ।"

লগতে পঢ়ক :Constituency Delimitation: এই সমষ্টি পুনৰ নিৰ্ধাৰণ নহ’লে অসমীয়া জাতি বহু দিনলৈ দুৰ্বল হৈ পৰিব; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.