ETV Bharat / state

গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা - bathou puja

মহানগৰীৰ গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা । দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা বাথৌ পূজাৰ দ্বিতীয় দিনা পূজাস্থলীত সমাবেশ ঘটিল হাজাৰ হাজাৰ ভক্তৰ ।

বাথৌ পূজা
গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা
author img

By

Published : Mar 14, 2020, 11:31 PM IST

গুৱাহাটী, 14 মাৰ্চঃ ৰাজ্যৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ লোক সকলে অতি পবিত্ৰ পূজা হিচাপে গণ্য কৰা বাথৌ পূজা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় মহানগৰীৰ গণেশগুৰিত । সাধাৰণতে বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰতিবছৰে মাঘ মাহৰ দ্বিতীয় মঙলবাৰে অতি উলহ-মালহেৰে উদযাপন কৰা বাথৌ পূজা মহানগৰীৰ গণেশগুৰিত প্ৰতি পাঁচ বছৰৰ মূৰত উদযাপন কৰা হয় ।

বাথৌ পূজা
গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা

এইবেলিও গণেশগুৰিৰ গোপাল বড়ো বিদ্যালয়ৰ সমীপত মহানগৰীৰ বেলতলা মৌজাৰ অন্তৰ্গত বড়ো জনগোষ্ঠীৰ লোক সকলে শুকুৰবাৰৰ পৰা দুদিনীয় কাৰ্যসূচীৰে উদযাপন কৰে বাথৌ পূজা । শুকুৰবাৰে আৰম্ভণিৰ দিনা পূজাস্থলীত হাজাৰ হাজাৰ লোক সমবেত হোৱাৰ বিপৰীতে শনিবাৰে পুৱাৰে পৰা ভক্ত সকলে পূজাস্থলীত সমবেত হৈ তেওঁলোকৰ ঘাই দেৱতাক পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় ।

বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰে বাথৌ দেৱতাক পূজা অৰ্চনা কৰাৰ লগতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰে বড়ো মহিলা সকলে । বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগে কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পিছত সেই ডাল দুটা বেদীৰ সোঁমাজত ৰোপন কৰা হয় । বড়ো জনগোষ্ঠীৰ লোক সকলে সাধাৰণতে বছৰত দুবাৰ বাথৌ পূজা অনিস্থিত কৰে । হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে । বড়ো সকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃ দেৱতা।

আৰু পঢ়কঃ মৰ্মান্তিকঃ ওদালগুৰিত কইনা থ'বলৈ গৈ প্ৰাণ গ'ল ৫ জনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.