ETV Bharat / state

Corrupt forest officer transferred: বশিষ্ঠৰ বন বিষয়া ৰাহুল বৰ্মনক শাস্তিমূলক বদলি - Basistha corrupt forest officer transferred

ডাম্পাৰ চালকৰ লগত মিতিৰালি কৰি শলঠেকত পৰিলে বন বিষয়া ৷ কামৰূপ পূব সংমণ্ডলৰ পৰা দক্ষিণ সংমণ্ডলৈ শাস্তিমূলকভাৱে বদলিকৰণ কৰা হয় বন বিষয়া ৰাহুল বৰ্মনক (Basistha corrupt forest officer transferred) ৷

Forest officer Rahul Barman transfer
বশিষ্ঠৰ বন বিষয়া ৰাহুল বৰ্মনক শাস্তিমূলক বদলি
author img

By

Published : Mar 15, 2023, 9:38 PM IST

বশিষ্ঠৰ বন বিষয়া ৰাহুল বৰ্মনক শাস্তিমূলক বদলি

গুৱাহাটী, ১৫ মাৰ্চ : ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে সহনশীলতা নীতি গ্ৰহণ কৰি নিকা আৰু স্বচ্ছতাৰে সকলো কৰ্মচাৰীকে কাম কৰিবলৈ নিৰ্দেশনা দি অহাৰ পিচতো একাংশ চৰকাৰী কৰ্মচাৰীৰ কাণ্ড কাৰখানাই আপোনাৰো চকু কঁপালত তুলিব ৷ শেহতীয়াকৈ মহানগৰীৰ বশিষ্ঠত অবৈধভাৱে ৰঙা মাটি কঢ়িওৱা ডাম্পাৰৰ চালক এগৰাকীৰ সৈতে বন বিভাগৰ কৰ্মচাৰীয়ে ডাম্পাৰ জব্দ কৰা নকৰা সন্দৰ্ভত পতা কথা-বতৰাৰ এক ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল (Viral video Corrupt forest officer) ৷

ভাইৰেল হোৱা বাৰ্তালাপত বশিষ্ঠৰ বন বিষয়া ৰাহুল বৰ্মনে এখন ডাম্পাৰৰ চালক আৰু গৰাকীক কয় যে 'সন্ধিয়া সাত বজাৰ আগতে মই সকলোকে এলাৰ্ট কৰি থৈছো । এলাৰ্ট কৰাৰ পিচত আগত পৰিলে মোৰ উপায় নাই । মই গাড়ী ধৰিবই লাগিব ।' বিষয়াজনৰ এই কথা-বতৰাই বিভাগটোত তালাচীৰ নামত প্ৰকৃততে কি চলি আছে সেয়া উদঙাই দিছিল(Unlawful act of Basistha forest officer)।

এই বাতৰি সংবাদমাধ্যমত প্ৰচাৰ হোৱাৰ পিচতে 15 মাৰ্চ, বুধবাৰে বন বিভাগে বশিষ্ঠস্থিত পূব-কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ বন সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত মুৰব্বী ৰাহুল বৰ্মনক শাস্তিমূলক বদলিকৰণ কৰা হয় (Basistha corrupt forest officer transferred) ৷ সম্প্ৰতি কামৰূপ পূব সংমণ্ডলৰ পৰা দক্ষিণ সংমণ্ডললৈ বদলি কৰা হৈছে বিষয়াগৰাকীক । শেহতীয়াকৈ অবৈধ ৰঙা মাটি ব্যৱসায়ীৰ লগত গোপন বুজা-বুজি থকা বুলি ৰাহুল বৰ্মনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ৷ স্মৰ্তব্য যে অভিযুক্ত বিষয়া ৰাহুল বর্মন বিগত ২৫ বছৰৰ পৰা একেখন চকীতে খোপনি পুতি আছিল(Forest officer Rahul Barman)।

উল্লেখ্য যে, যোৱা শনিবাৰে ডাম্পাৰখন বশিষ্ঠস্থিত বন বিভাগৰ কাৰ্যালয়ত জব্দ কৰি ৰখা হৈছিল ৷ তাৰ পিচতে ডাম্পাৰ চালকজন আৰু ডাম্পাৰখনৰ গৰাকীৰ লগত এইদৰে কথা পাতিছিল বিষয়া ৰাহুল বৰ্মনে ৷ সততে বন বিভাগৰ বিষয়া বিভিন্ন ধৰণৰ চোৰাং সৰবৰাহৰ কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন হয় ৷ এই ভিডিঅ’ই একাংশ বন বিষয়াৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷

লগতে পঢ়ক: Basistha Forest Officer: বশিষ্ঠত ডাম্পাৰৰ চালক আৰু বন বিষয়াৰ গোপন মিতিৰালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.