গুৱাহাটী,১২ নৱেম্বৰ: আজি পোহৰৰ উৎসৱ দীপাৱলী । সমগ্ৰ ৰাজ্যতে দীপাৱলীৰ ব্যাপক আনন্দ-উচাহ । আলোকৰে উদ্ভাসিত কৰিবলৈ সাজু সকলো । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে দীপাৱলীক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীতো বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ । দীপাৱলী উপলক্ষে মহানগৰীৰ গঢ়ি উঠিছে কলপুলিৰ বজাৰ ।
মহানগৰীৰ জালুকবাৰী, মালিগাঁও, ফাঁচী বজাৰ, পল্টন বজাৰ, গণেশগুৰি, বামুনীমৈদাম আদিকে ধৰি বিভিন্ন স্থানৰ পদপথ ভৰি পৰিছে কলপুলিৰে । হাজো, ৰঙিয়া, বাইহাটা, মঙলদৈ, কমলপুৰ আদি স্থানৰ ব্যৱসায়ীসকলে লৈ অহা কলপুলিৰে বজাৰ ভৰি পৰিছে । আনহাতে দীপাৱলীৰ সময়ত মহানগৰীত কলপুলিৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বজাৰত বিক্ৰী হৈছে প্ৰতিজোৰা কলপুলি ১০০-২০০ টকা পৰ্যন্ত ।
ফাঁচী বজাৰত কলপুলি বিক্ৰী কৰিবলৈ অহা ব্যৱসায়ীসকলে জনোৱা মতে, ফাঁচী বজাৰলৈ কলপুলি লৈ প্ৰায় ১০০ জন ব্যৱসায়ী আহিছে । প্ৰতিগৰাকীয়ে ৫০-২০০ টাকৈ কলপুলি লৈ শনিবাৰে নিশা ফাঁচী বজাৰলৈ আহিছে । পুৱাৰে পৰা কলপুলিবোৰ বিক্ৰী কৰিছে । কংক্ৰিটৰ মহানগৰবাসীয়ে কলপুলি ক্ৰয় কৰিবলৈ পুৱাৰে পৰা বজাৰত ভিৰ কৰা দেখা গৈছে ।
মহানগৰীৰ বিভিন্ন স্থানৰ পৰা গ্ৰাহকে কলপুলি বিচাৰি ফাঁচী বজাৰলৈ আহিছে । যোৱা বছৰবোৰৰ তুলনাত কলপুলিৰ বিক্ৰী এইবাৰ ভাল হোৱা নাই বুলি জানিবলৈ দিয়ে বিক্ৰেতাসকলে । কিয়নো এইবাৰ কলপুলি বিভিন্ন প্ৰান্তৰ পৰা অহাৰ ফলত উভৈনদী হৈ পৰিছে । যাৰ বাবে কল পুলিৰ দাম যোৱা বছৰৰ তুলনাত কমি যোৱা পৰিলক্ষিত হৈছে । বিক্ৰেতাসকলে জনোৱা অনুসৰি বিগত বৰ্ষত ২০০-২৫০ টকাকৈ প্ৰতিজোৰা কল পুলি বিক্ৰী কৰাৰ বিপৰীতে এইবাৰ ৮০-১০০ টকা জোৰা বিক্ৰী কৰা হৈছে । এইবাৰ ফাঁচী বজাৰলৈ প্ৰায় ৯-১০ হাজাৰ কল পুলি আহিছে বুলি জানিবপৰা গৈছে ।
লগতে পঢ়ক: World Cup 2023 : দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনালে ভাৰতীয় ক্ৰিকেট দলে