ETV Bharat / state

দায়িত্ব লৈয়ে দলীয় বিধায়কৰ ৰিপৰ্ট কাৰ্ড বিচাৰিছে বৈজয়ন্ত পাণ্ডাই - বৈজয়ন্ত পাণ্ডা

বি টি চি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত থকা সভাপতি ৰঞ্জিত দাসে কামৰ মাজতে প্ৰস্তুত কৰিছে দলীয় বিধায়কৰ কামকাজৰ খতিয়ানৰ প্ৰতিবেদন ৷ প্ৰভাৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীক দলীয় বিধায়কৰ চাৰি বছৰৰ কামৰ খতিয়ান বিচাৰিছে বৈজয়ন্ত পাণ্ডাই ৷ এই প্ৰতিবেদনৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰাৰ সম্ভাৱনা বহু বিধায়কৰ ভৱিষ্যত ৷

as_ghy_baijayant-panada-asking-report-card_img_ 7209225
দায়িত্ব লৈয়ে দলীয় বিধায়কৰ ৰিপৰ্ট কাৰ্ড বিচাৰিছে বৈজয়ন্ত পাণ্ডাই
author img

By

Published : Nov 17, 2020, 9:14 PM IST

গুৱাহাটী, 17 নৱেম্বৰঃ বিধানসভাৰ নিৰ্বাচনৰ ঠিক প্ৰাকমূহুৰ্তত অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰীৰ দায়িত্ব লাভ কৰা বৈজয়ন্ত পাণ্ডা এতিয়া তৎপৰ দলীয় বিধায়কৰ সফলতা-বিফলতাৰ জোখ মাখ লোৱাত। প্ৰভাৰীৰ দায়িত্ব গ্ৰহণৰ পিছত অসমত উপস্থিত হোৱা নাই যদিও অসমৰ মাটিত দলক নেতৃত্ব দিয়াৰ আগতেই শাসকীয় দলটোৰ কোনজন মন্ত্ৰী,বিধায়কে যোৱা চাৰি বছৰৰ কাৰ্যকালত কি কাম কৰি সমষ্টিবাসীৰ উন্নয়ন তথা চৰকাৰী কাম কাজ আগবঢ়াই নিলে সেই সন্দৰ্ভত ভালকৈ জানি ল’ব বিচাৰিছে পাণ্ডাই । দলৰ এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতক জনায় ইতিমধ্যে তেখেতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ পৰা দলৰ বিধায়ক সকলৰ ৰিপৰ্ট কাৰ্ড বিচাৰিছে ।

বৰ্তমানে বি টি চি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত থকা সভাপতি ৰঞ্জিত দাসে কামৰ মাজতে দলীয় বিধায়কৰ কাম কাজৰ খতিয়ানৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ চেষ্টা কৰিছে । সূত্ৰটোৱে জনোৱা অনুসৰি দলে আজিৰ পৰা ছমাহৰ আগতেই দলীয় বিধায়কৰ সমষ্টি কেন্দ্ৰিক কামকাজৰ খতিয়ান ল’বলৈ নাগৰিকৰ মতামত গোটাবলৈ এক অন লাইন প্লেটফৰ্ম প্ৰস্তুত কৰিছিল । কিন্তু বিধায়ক সকলে নিজৰ মানুহৰ দ্বাৰাহে এই প্ৰক্ৰিয়াত নিজৰ সফলতাৰ জয়গান গোৱাত ব্যস্ত হৈ পৰাত প্ৰক্ৰিয়াটোৱে সফলতাৰ মুখ নেদেখিলে । কিন্তু এতিয়া খোদ প্ৰভাৰী গৰাকীয়ে বিধায়ক সকলৰ কাম কাজৰ খতিয়ান বিচৰাত ৰাজ্যিক বিজেপিৰ নেতৃত্ব বিপাঙত পৰা বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

মনকৰিবলগীয়া যে,তিনি শাসকীয় দল ক্ৰমে বিজেপি,অসম গণ পৰিষদ আৰু বি পি এফৰ মাজত থকা নিৰ্বাচনী মিত্ৰতাই এইবাৰ কি ৰূপ লয় সেয়া নিৰ্ভৰ কৰিছে বিজেপিৰ দ্বাৰা বিভিন্ন সমষ্টিত প্ৰক্ষেপিত হ’ব পৰা প্ৰাৰ্থীৰ সক্ষমতাৰ ওপৰত। বি পি এফৰ লগত যে সমাগত নিৰ্বাচনৰ ক্ষেত্ৰত কোনো মিত্ৰতা নহয় সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। বি টি চিৰ নিৰ্বাচনী পৰিৱেশে এই কথা স্পষ্ট কৰিছে। সেয়ে এতিয়া অগপক বিজেপিয়ে কোন কেইটা বিধানসভা সমষ্টি আগবঢ়ায় সেয়া নিৰ্ভৰ কৰিছে নিজ দলৰ বিধায়কৰ কামকাজৰ খতিয়ানৰ ওপৰত ৷ দলীয় সূত্ৰটোৱে জনোৱা মতে দলৰ নতুন প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই নিৰ্বাচনী মিত্ৰতাৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা পৰিস্থিতি আৰু আসন ভগোৱাৰ অংক সঠিক ভাৱে কৰাৰ বাবেই নিজ দলৰ বিধায়কৰ কাম কাজৰ খতিয়ান লোৱাৰ বাবে তৎপৰতা লৈছে । কিন্তু দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এই কাম কিমান যথাৰ্থভাৱে কৰিব পাৰিব তাকে লৈ দলৰ ভিতৰতে চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক-ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ 2020–21 বৰ্ষৰ নামভৰ্তি ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.