ETV Bharat / state

Annada Gohain: অসমৰ বিদুষী মহিলাৰ নামেৰে অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ - অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ

অসমৰ এগৰাকী বিদুষী বিদুষী মহিলাৰ নামেৰে নামকৰণ অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ ৷ পঞ্চাশৰ দশকতে অষ্ট্ৰেলিয়াত অধ্যয়ন কৰিবলৈ যোৱা অসমৰ এগৰাকী বিদুষী মহিলাৰ নামেৰে অষ্ট্ৰেলিয়াৰ বিশ্ববিখ্যাত ‘ইউনিভাৰচিটি অব্ নিউ ছাউথ ৱেলছ’ৰ (ইউ এন এছ ডব্লিও) এটা প্ৰেক্ষাগৃহৰ নামকৰণ কৰা হৈছে ৷ এই সন্মান লাভ কৰা অসমীয়া মহিলাগৰাকী হৈছে প্ৰয়াত অন্নদা গোহাঁই (Australia University honors Assam's Annada Gohain) ৷

Australia University honors Assam's Annada Gohain
অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত খোদিত হ'ল অসমীয়া বিদুষী মহিলাৰ নাম
author img

By

Published : Apr 20, 2023, 1:11 PM IST

গুৱাহাটী, 20 এপ্ৰিল: অসমৰ এগৰাকী বিদুষী মহিলাৰ নামেৰে নামাকৰণ অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ ৷ পঞ্চাশৰ দশকতে অষ্ট্ৰেলিয়াত অধ্যয়ন কৰিবলৈ যোৱা অসমৰ এগৰাকী বিদুষী মহিলাৰ নামেৰে অষ্ট্ৰেলিয়াৰ বিশ্ববিখ্যাত ‘ইউনিভাৰচিটি অব্ নিউ ছাউথ ৱেলছ’ৰ (ইউ এন এছ ডব্লিও) এটা প্ৰেক্ষাগৃহৰনামকৰণ কৰা হৈছে ৷ এই সন্মান লাভ কৰা অসমীয়া মহিলাগৰাকী হৈছে প্ৰয়াত অন্নদা গোহাঁই (Australia University honors Assam's Annada Gohain) ৷

এই সম্মান লাভ কৰা কথাই এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ৷ 'ইউনিভাৰ্ছিটি অব্ নিউ ছাউথ ৱেল্‌ছৰ বক্তৃতা প্ৰেক্ষাগৃহটোৰ নতুন নাম হ’ব ‘অন্নদা গোহাঁই থিয়েটাৰ' ৷ এই কথা মঙলবাৰে 'ইউনিভাৰ্ছিটি অব্ নিউ ছাউথ ৱেল্‌ছৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে ৷ অন্নদা গোহাঁইৰ পুত্ৰ মৃণাল গোহাঁইয়ে এই কথা সংবাদ মাধ্যমক জনায় ৷

উল্লেখ্য যে বিশ্ববিখ্যাত বিশ্ববিদ্যালয়খনে ৬৫ গৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ কৃতী মহিলালৈ আগবঢ়োৱা সন্মান হিচাবে ১৭ টা ভৱন-প্ৰেক্ষাগৃহৰ লগতে আৰু কেইবাটাও স্থান তেওঁলোকৰ নামেৰে নামকৰণ কৰিছে ৷ সেইসকলৰ মাজত স্থান লাভ কৰা অসমৰ অন্নদা গোহাঁয়ে ১৯৫৫ চনত বিশ্ববিদ্যালয়খনত নামভৰ্তি কৰি প্ৰথমে ডিপ্লোমা আৰু পাচত কেমিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল ৷

Australia University honors Assam's Annada Gohain
অন্নদা গোহাঁইৰ নামেৰে নামকৰণ অষ্ট্ৰেলিয়াৰ বিশ্ববিখ্যাত ‘ইউনিভাৰচিটি অব্ নিউ ছাউথ ৱেলছ’ৰ এটা প্ৰেক্ষাগৃহ

তেওঁ ইউনিভাৰ্ছিটি অব্ নিউ ছাউথ ৱেলছ'ৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ ডিগ্ৰীধাৰী আছিল ৷ অষ্ট্ৰেলিয়াৰপৰা উভতি আহি অন্নদা গোহাঁইয়ে অসমত কৃষি বিভাগৰ চাকৰিত যোগদান কৰি ১৯৮৭ চনত অতিৰিক্ত সঞ্চালক হিচাবে অৱসৰ লৈছিল ৷ ২০১১ চনত মৃত্যু হোৱা অন্নদা গোহাঁই প্ৰয়াত মহেন্দ্ৰ নাথ গোহাঁইৰ কন্যা তথা বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইৰ জ্যেষ্ঠ ভগ্নী ৷ অন্নদা গোহাঁই এতিয়া আমাৰ মাজত নাই যদিও তেওঁৰ এই‌ সম্মানে অসমবাসীক গৌৰাম্বিত কৰি তুলিছে ৷

উল্লেখ্য যে অন্নদা গোহাঁইয়ে দেশৰ বাহিৰতে চাকৰি কৰাৰ সুযোগ পাইছিল ৷ কিন্তু তেওঁৰ মাতৃভূমিৰ প্ৰতি আছিল অকুণ্ঠ মৰম আৰু ভালপোৱা তথা দায়বদ্ধতা ৷ যাৰ‌ বাবে বিদেশত চাকৰি কৰি বিদেশতে থাকি যোৱাৰ‌ পৰিৱৰ্তে তেওঁ নিজৰ ঠাইলৈ উভতি আহিছিল ৷ এইগৰাকী বিদুষী মহিলাই অষ্ট্ৰেলিয়াৰ বিশ্ববিখ্যাত ‘ইউনিভাৰচিটি অব্ নিউ ছাউথ ৱেলছ’ত (ইউ এন এছ ডব্লিও) ইতিহাসত নিজৰ নাম খোদিত কৰি থৈ গৈছে

লগতে পঢ়ক: Exceptional forest worker: গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.