গুৱাহাটী,১৩ মে': বিগত পাঁচ বছৰীয়া কাৰ্যকালত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চুক্তি ৰূপায়ণ বিভাগ ৰাখিছিল নিজৰ হাতত । কিন্তু এইবাৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই এই বিভাগটো অৰ্পণ কৰিছে মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ হাতত ।
বৃহস্পতিবাৰে নৱনিযুক্ত মন্ত্ৰীগৰাকী উপস্থিত হয় ৰাজ্যৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত । বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে প্ৰায় এঘণ্টাজুৰি এখন বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা । বৈঠকৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী বৰাই কয় যে অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন বিভাগ দুটা অতি প্ৰত্যাহ্বানপূৰ্ণ । সেই প্ৰত্যাহ্বান তেওঁ গ্ৰহণ কৰিবলৈ সাজু হৈছে বুলি মন্তব্য কৰি লগতে কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক এই বিভাগ দুটাৰ দায়িত্ব ন্যস্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকী ধন্যবাদৰ পাত্ৰ ।
অসম চুক্তি ৰূপায়ণৰ লগতে তাৰ সৈতে জড়িত হৈ থকা অন্যান্য বিষয়সমূহ চালি-জাৰি চাই কাৰ্যকৰীকৰণত অগ্ৰসৰ হ’ব বুলিও প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই ।
লগতে পঢ়ক: বিশ্বনাথত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংঘালৰ