ETV Bharat / state

ডিজিপি কাৰ্যালয়ৰ সমীপৰ এটিএমত লুটপাত দুৰ্বৃত্তৰ - এটিএমত লুটপাত

বুধবাৰে নিশা গুৱাহাটী মহানগৰীত এটিএম ভাঙি থকা অৱস্থাত এজন চোৰক হাতে-লোটে ধৰা পেলায় পল্টনবজাৰ আৰক্ষীয়ে । এই কাণ্ডত জড়িতৰ সন্দেহত আন দুজনকো আটক কৰিছে আৰক্ষীয়ে ।

atm-robbery
এটিএমত লুটপাত চলালে দুৰ্বৃত্তই
author img

By

Published : Apr 29, 2021, 1:38 PM IST

গুৱাহাটী,29 এপ্ৰিল: সান্ধ্য আইনৰ মাজতে বুধবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় এক লুটপাত । আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমীপত থকা এটিএম ভাঙি লুটপাত চলালে দুৰ্বৃত্তই । এফালে সান্ধ্য আইন আৰু আনফালে অসম আৰক্ষীয়ে গিজগিজাই থকা নিশাৰ গুৱাহাটী । কোনো যেন কেৰেপেই নকৰে দুৰ্বৃত্তই ।

atm-robbery
এটিএমত লুটপাত চলালে দুৰ্বৃত্তই

এটিএম ভাঙি থকা অৱস্থাতে দুৰ্বৃত্তক হাতে-লোটে ধৰা পেলালে পল্টনবজাৰ আৰক্ষীয়ে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কুলদীপ নাথ নামৰ চোৰটোক । আনহাতে এই কাণ্ডত জড়িতৰ সন্দেহত আন দুজনকো আটক কৰিছে আৰক্ষীয়ে ।

এটিএমত লুটপাত চলালে দুৰ্বৃত্তই

চোৰকেইটাৰ পৰা AS-01-AU-2600 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰিছে আৰক্ষীয়ে । লগতে বাহনখনৰ ভিতৰৰ পৰা এটা ম’বাইল, চুৰিকাণ্ডত ব্যৱহৃত সা-সৰঞ্জাম আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক : সেনাৰ জিম্মাত জীৱন মৰাণ ওৰফে জীৱন অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.