ETV Bharat / state

পদপথৰ জীৱ-জন্তুক খাদ্য যোগান ধৰা মহিলালৈ ৰাষ্ট্রীয় বঁটা

লক ডাউনৰ সময়ত মহানগৰী গুৱাহাটীৰ পদপথৰ জীৱ-জন্তু সমূহক খাদ্য যোগান ধৰি ৰাষ্ট্রীয় বঁটাৰ বাবে নিৰ্বাচিত হ'ল অসমৰ মহিলা। অভিনেতা ছনু সুদৰ লগতে ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱা ভাৰতৰ ২০ গৰাকী ব্যক্তিৰ ভিতৰত আছে অসমৰ আছমা বেগম। লক ডাউনৰ সময়ত আছমা বেগমে আগবঢ়োৱা সমাজ সেৱাৰ বাবেই 'আভা ফাউণ্ডেশ্যনে' আছমা বেগমলৈ আগবঢ়াইছে এই বঁটা।

author img

By

Published : Jun 3, 2020, 5:57 PM IST

ৰাষ্ট্রীয় বঁটাৰ বাবে নিৰ্বাচিত অসমৰ মহিলা
পদপথৰ জীৱ-জন্তুক খাদ্য যোগান ধৰি ৰাষ্ট্রীয় বঁটাৰ বাবে নিৰ্বাচিত অসমৰ মহিলা

গুৱাহাটী, ৩ জুনঃ কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে দেশজুৰি চলা লক ডাউনৰ সময়ত যিদৰে মানৱ জাতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ঠিক তেনেদৰে সমস্যাৰ সন্মুখীন হৈছে জীৱ-জন্তু সমূহো। বিশেষকৈ পদপথত থকা জীৱ-জন্তু সমূহে লক ডাউনৰ এই সংকটৰ সময়ত সন্মুখীন হ'বলগা হৈছে খাদ্য সংকটৰ। লক ডাউনৰ সময়ত বিভিন্ন সমস্যাৰ সম্মুখীন হোৱা লোক সকলক সহায়ৰ হাত আগবঢ়াই চৰ্চিত হৈছে বহুজন। এই চৰ্চিত লোক সকলৰ ভিতৰত অভিনেতা ছনু সুদৰ নাম প্ৰথমে উল্লেখ কৰিব লাগিব ।

ৰাষ্ট্রীয় বঁটাৰ বাবে নিৰ্বাচিত অসমৰ মহিলা
পদপথৰ জীৱ-জন্তুক খাদ্য যোগান ধৰি ৰাষ্ট্রীয় বঁটা পালে কোনে

ছনু সুদে লক ডাউনৰ সময়ত শ্ৰমিক সকলক তেওঁলোকৰ ঘৰলৈ ঘূৰাই পঠিওৱাত যি অৰিহণা যোগাইছে সেই অৰিহণা সহজে পাহৰিব নোৱাৰি। ছনু সুদৰ দৰেই বহু লোকে লক ডাউনৰ সময়ত বিভিন্ন সামাজিক কামৰ জৰিয়তে নিজকে প্ৰকৃত সমাজ সেৱক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । তেনে এগৰাকী গুৱাহাটী মহানগৰীৰ মহিলা হৈছে আছমা বেগম । এইগৰাকী অসমীয়া মহিলাই দেশত লক ডাউন আৰম্ভ হোৱাৰ পৰা পদপথৰ জীৱ-জন্তু সকলক প্ৰতিদিনে পুৱা আৰু নিশাৰ ভাগত যোগান ধৰি আহিছে খাদ্য সামগ্ৰী। পদপথৰ গৰু,ছাগলী,গাহৰি,কুকুৰ আদিৰ লগতে মহানগৰীৰ বিভিন্ন মঠ-মন্দিৰ সমূহত থকা বান্দৰ সমূহকো প্ৰতিদিনে খাদ্য যোগান ধৰি আহিছে এই গৰাকী মহিলাই।

প্ৰথম অবস্থাত আছমা বেগমৰ লগতে তিনিজন লোকে পদপথৰ জীৱ-জন্তু সমূহক নিজ খৰচেৰে খাদ্য যোগান ধৰি আহিছিল যদিও পৰৱৰ্তী সময়ত এই অভিযানৰ লগত জড়িত হৈ পৰে কেইবা গৰাকীও লোক । আছমা বেগমৰ এই অভিযানৰ লগত জড়িত হোৱাৰ উপৰিও বহু লোকে নিজববীয়াকৈ পদপথৰ জীৱ-জন্তু সমূহক লক ডাউনৰ সময়ত খাদ্য যোগান ধৰা আৰম্ভ কৰে।

প্ৰায় ৭০ দিন ধৰি আছমা বেগমে চলাই অহা এই সমাজ সেৱাৰ বাবে কেৱল অসমতে নহয় সমগ্ৰ ভাৰতত চিনাকী হৈ পৰিছে । লক ডাউনৰ সংকটৰ এই সময়ত সমাজ সেৱাৰ লগত জড়িত দেশৰ কেইবা গৰাকী ব্যক্তিৰ লগতে বিশেষ চৰ্চা লাভ কৰিছে আছমা বেগমে। 'আভা ফাউণ্ডেশ্যন' নামৰ এক বেচৰকাৰী সন্থাই দেশৰ এই প্ৰকৃত সমাজ সেৱাৰ ওপৰত দৃষ্টি ৰাখি দেশৰ ২০ গৰাকী লোকক নিৰ্বাচন কৰিছে এক বিশেষ বঁটাৰ বাবে । অসমৰ পৰা এই ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে আছমা বেগম। লক ডাউনৰ সমাপ্তিৰ পিছতে দেশৰ ২০ গৰাকী লোকক প্ৰদান কৰা হ'ব এই বিশেষ বঁটা।

লগতে চাওকঃ দৰিদ্ৰ পৰিয়ালক মাস্ক ছেনিটাইজাৰ বিতৰণ আৰক্ষী বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.