গুৱাহাটী, 22 জানুৱাৰীঃ প্ৰায় অন্তিম পৰ্যায়ত উপনীত গুৱাহাটীত অনুষ্ঠিত বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতা খেল' ইণ্ডিয়া ৷ প্ৰতিযোগিতাখনৰ লন বলৰ শাখাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে অসমে । ৭টা সোণ, ১টা ৰূপ আৰু ২টাকৈ ব্ৰঞ্জৰ পদক লাভেৰে লন বলত জিলিকি উঠে আয়োজক ৰাজ্যখন । উল্লেখ্য যে,লন বলৰ ১০টাকৈ শাখাৰ আটাইকেইটাতে পদক অৰ্জন কৰিবলৈ সক্ষম হয় অসমৰ দলটোৱে। দলটোৰ এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে প্ৰশিক্ষকবৰ্গ ।
আনহাতে,খেল’ ইণ্ডিয়াত অসমৰ প্ৰতিভাৱান বহুকেইগৰাকী যুৱ খেলুৱৈয়ে সাব্যস্ত কৰিছে পাৰদৰ্শিতা । লন বল শাখাৰ এই সফল সামৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে অসম লন বল সন্থাৰ সভাপতি দুৰ্গা দাস বড়োৱে। অসমে শাখাটোত থকা ১০ টা পদকৰ আটাইকেইটা লাভ কৰি এক ইতিহাসৰ সূচনা কৰিছে বুলি আনন্দেৰে প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ।
লগতে চাওকঃখেল' ইণ্ডিয়াত তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন