ETV Bharat / state

Crime against Women: বৰ্ধিত নাৰীজনিত অপৰাধৰ ন্যায় বিচাৰি স্মাৰক পত্ৰ প্ৰদান অসম তৃণমূল মহিলা কংগ্ৰেছৰ - ৰাজ্যিক মহিলা আয়োগ

সম্প্ৰতি ৰাজ্যৰ পৰিস্থিতিয়ে বাৰুকৈয়ে চিন্তিত কৰিছে মহিলাসকলক ৷ সততে ৰাজ্যত ইটোৰ পিচত সিটোকৈ সংঘটিত হোৱা ধৰ্ষণ, হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছে ৷ নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত সৰৱ হৈ অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটা সঁজাতী দলে ৰাজ্যিক মহিলা আয়োগলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে (Assam Trinamool Mahila Congress submits memorandum) ৷

Crime against Women increase in Assam
ৰাজ্যত বৰ্ধিত নাৰী নিৰ্যাতনৰ ন্যায় বিচাৰি স্মাৰক পত্ৰ প্ৰদান অসম তৃণমূল মহিলা কংগ্ৰেছৰ
author img

By

Published : May 9, 2023, 6:16 PM IST

ৰাজ্যত বৰ্ধিত নাৰী নিৰ্যাতনৰ ন্যায় বিচাৰি স্মাৰক পত্ৰ প্ৰদান অসম তৃণমূল মহিলা কংগ্ৰেছৰ

গুৱাহাটী, 9 মে’: নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত সৰৱ হৈছে অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটা সঁজাতী দলৰ (Assam Trinamool Mahila Congress submits memorandum) ৷ শেহতীয়াকৈ অসমত নাৰী নিৰ্যাতনৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক বাধ্য কৰোৱাৰ দাবীৰে অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটি সঁজাতী দলে ৰাজ্যিক মহিলা আয়োগৰ সদস্য সচিব ড৹ প্ৰীতি লেখা ডেকাক সাক্ষাৎ কৰি মঙলবাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে (Crime against Women)।

অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাদ্বয় স্মৃতি শৰ্মা আৰু অঞ্জলি ব্ৰহ্মৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন প্ৰদান কৰি তেওঁলোকে কয় যে, 'শেহতীয়াকৈ ৰাজ্যখনত বহু ক্ষেত্ৰত নাৰীসকল অসুৰক্ষিত হৈ পৰা আমি দেখি আহিছো (Crime against Women increase in Assam) । এই সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত বলাৎকাৰৰ বলি হৈছে বহু মহিলা তথা নাবালিকা । সেইদৰে গুৱাহাটী মহানগৰীত দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা চেইন চুৰিৰ ঘটনাও নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে (Chain snatching case in Assam) । কিন্তু আচৰিতভাৱে এই ঘটনাসমূহত জড়িত অভিযুক্তক আৰক্ষীয়ে পদক্ষেপ গ্ৰহণত ব্যৰ্থ হোৱাটো দুৰ্ভাগ্যজনক ।"

স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি, বৰডুবিত বিজেপিৰ এগৰাকী পঞ্চায়ত সভাপতিৰ দ্বাৰা নাবালিকাক বলাৎকাৰ সংঘটিত হৈছে । এই ক্ষেত্ৰত দোষীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য । আকৌ গোলাঘাট জিলাৰ দেৰগাঁৱত মন্দিৰৰ পুৰোহিতৰ দ্বাৰা ১৩ বছৰীয়া পালিত কন্যাক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । কিন্তু অভিযুক্ত সম্ভু দোছাদক আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই । ইপিনে কাছাৰৰ ৰাজনগৰ কাটাটিল্লাত সঞ্জয় ৰয় নামৰ এজনৰ দ্বাৰা ৯ বছৰীয়া নাবালিকাক বলাৎকাৰ ঘটনা সংঘটিত হৈছে । এই ক্ষেত্ৰতো আৰক্ষীৰ ব্যৱস্থা শূন্য । ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত জাহিৰুল আলম নামৰ লোকজনৰ দ্বাৰা নাবালিকাক অপহৰণ কৰি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ।

তাৰোপৰি স্মাৰকপত্ৰখনত উল্লেখ থকা মতে নগাঁও জিলাৰ বটদ্ৰৱাৰ মেৰাতলত দুই পথাচাৰী মহিলাক ৫ দুৰ্বৃত্তৰ দ্বাৰা বলাৎকাৰ । জাজৰি থানাত গোচৰ দিয়াৰ পাছতো অভিযুক্ত ছাহজাহান, নাছিৰুদ্দিন, ৱাজিউল ইছলাম,আনাৰ হুছেইন, হাবিজুদ্দিনৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য। মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ চেলেঙত টিংকুগড় নামৰ লম্পটৰ দ্বাৰা খুৰাকৰ ১২ বছৰীয়া কন্যাক বলাৎকাৰ । লখিমপুৰ জিলাৰ বগীনদীৰ অকাবস্তি গাঁৱত আব্দুল আলী নামৰ জলজীৱনৰ মিছনৰ কামত জড়িত ধুবুৰী জিলাৰ শ্ৰমিকৰ দ্বাৰা যুৱতীক ধৰ্ষণ । বলাৎকাৰৰ দৃশ্য গোপনে ম’বাইলত ৰেকৰ্ডিং কৰি ঘটনাৰ বিষয়ে মুখ খুলিলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি ঢকুৱাখানালৈ পলায়ন কৰে আব্দুল আলীয়ে । দোষীৰ বিৰুদ্ধে ব্যৱস্থা শূন্য । স্মাৰক পত্ৰত উল্লেখ কৰে যে, এইকেইটা মাত্ৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্যহে। এনেকৈ যৌন নিৰ্যাতন, বলাৎকাৰৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে ।

দলটোৰ সদস্যসকলে লগতে কয় যে, আনহাতে মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা দিন দুপৰতে ডিঙিৰ চেইন বলপূৰ্বক ছিঙি লৈ যোৱা ঘটনা বিগত সময়ছোৱাত বৃদ্ধি পাইছে । কিন্তু এনেকুৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই । বহু ক্ষেত্ৰত চিচিটিভিৰ ভিজুৱেলসহ জমা দিয়াৰ পাচতো আৰক্ষী নীৰৱ-নিৰ্বিকাৰ হৈ থকাটো ৰহস্যজনক হৈ পৰিছে ৷ এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অসমৰ নাৰী সমাজক সুৰক্ষা দিয়াৰ বাবে সংগঠনটোৱে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায় ।

লগতে পঢ়ক: Fire at Mariani : মৰিয়নীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ধাবা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.