গুৱাহাটী, ২৮ জুলাই: ইতিহাস হ’ব অসম বিধানসভাৰ পুৰণি ভৱন ৷ ৩০ জুলাইত মুকলি হ’ব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন ৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নৱ-নিৰ্মিত ভৱনটো মুকলি কৰিব ৷ ৩০ জুলাইত ৫০ বছৰ গৌৰৱেৰে পাৰ কৰা অসম বিধানসভাৰ ঠিকনা সলনি হ’ব ৷ আটকধুনীয়াকৈ সজাই তোলা বিধানসভাৰ নতুন ভৱনত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা ৷
বিধানসভাৰ নতুন ভৱনটো সজাই তোলা হৈছে বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত ৷ ৰাজ্য চৰকাৰৰ লক্ষ্য E-Governance আৰু সেইবাবে নতুন ভৱনটোত ই-বিধান ব্যৱস্থা প্ৰযোজ্য কৰা হৈছে ৷ আসনৰ সংখ্যা ১৮৬ খন কৰা হৈছে ৷ ভৱিষ্যতত অসমৰ বিধানসভাৰ আসন বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে ৷
উল্লখ্য যে দেওবাৰে মুকলি হ’বলগীয়া নতুন ভৱনৰ পূৰ্বে আজি শুকুৰবাৰে মাংগলিক কাৰ্য সম্পন্ন কৰা হয় ৷ ৩৫১ কোটি টকাব্যয় সাপেক্ষে নির্মাণ সম্পূৰ্ণ কৰা হৈছে অসম বিধানসভাৰ স্থায়ী ভৱনটো ৷ নতুন বিধানসভা ভৱনটোত উদ্বোধনৰ পূৰ্বে আজি আয়োজন কৰা হয় বাথৌ পূজা ৷
পুৱাৰ ভাগত ধৰ্মীয় ৰীতি-নীতিৰে বাথৌ পূজা সম্পন্ন কৰা হয় ৷ লগতে আজি নতুন ভৱনটোত গৃহ প্ৰৱেশৰ পূজাও অনুষ্ঠিত কৰা হয় ৷ তদুপৰি আন মাংগলিক কাৰ্যক্ৰমৰো আয়োজন কৰা হৈছে ৷ নতুন বিধানসভা ভৱন মুকলি উপলক্ষে নাগাৰা নাম পৰিৱেশন কৰাৰো ব্যৱস্থা কৰা হৈছে ৷
উল্লেখ্য যে ২০১১ চনত আৰম্ভ কৰা হৈছিল বিধানসভা ভৱনটোৰ কাম ৷ অৱশেষত মুকলিৰ বাবে সাজু হৈ উঠিল বিধানসভাৰ নতুন ভৱন ৷ আজিৰ মাংগলিক কাৰ্যসূচীত ভাগ লোৱা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিধানসভাৰ নৱ-নিৰ্মিত ভৱনটো মুকলি হোৱাৰ পাচত বিধানসভাৰ আগন্তুক অধিৱেশন এই ভৱনটোৰ পৰাই চলিব ৷
তেওঁ লগতে কয় যে গুৱাহাটীত বিগত ৫০ বছৰ ধৰি অস্থায়ী ভৱনত বিধানসভাৰ কাম-কাজ চলি আছিল ৷ অৱশেষত অসম বিধানসভাই নিজৰ স্থায়ী ঠিকনা লাভ কৰিছে ৷ দেওবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ইয়াৰ শুভ উদ্বোধন কৰিব ৷ আজি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই পূজা-অৰ্চনা কৰা হৈছে বুলি তেওঁ কয় ৷
উল্লেখ্য যে ২০১১ চনতেই বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ৷ বহু মহলীয়া এই ভৱনটোৰ নিৰ্মাণ সম্পন্ন হৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত ৷ যাৰ বাবে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত হিতেন্দ্ৰ নাথ গোস্বামী অধ্যক্ষ হৈ থকাৰ সময়ত এদিনৰ বাবে নতুন ভৱনত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল ৷
কিন্তু নৱ-নিৰ্মিত ভৱনটোত কেতবোৰ কাৰিকৰী খুঁত ৰৈ যোৱাৰ বাবে পৰৱৰ্তী সময়ত পুনৰ পুৰণি ভৱনৰ পৰাই বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হয় আৰু নতুন ভৱনৰ বাকী থকা কাম-কাম আগবঢ়াই নিয়া হয় ৷ পূৰ্বে এই ভৱনটো নিৰ্মাণৰ বাবে ২৩৪ কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ৰৈ যোৱা খুঁত দূৰ কৰি আন্তঃগাঁথনিৰ কিছু পৰিৱৰ্তন কৰা বাবে নিৰ্মাণ ব্যয় ৩৫১ কোটি টকালৈ বৃদ্ধি পায় ৷
বহু মহলীয়া এই ভৱনটোত মুঠ ৭খনলিফট সংযোগ কৰা হৈছে ৷ সেইদৰে লাইটকে ধৰি বহু উন্নত প্রযুক্তিৰ ব্যৱহাৰ কৰা হৈছে ৷ নৱ-নিৰ্মিত ভৱনটোৰ উদ্বোধনী অনুষ্ঠানলৈ সকলো মন্ত্ৰী, বিধায়ক, সাংসদ, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়কৰ লগতে ষষ্ঠ অনুসূচীৰ অধীনস্থ পৰিষদসমূহৰ অধ্যক্ষ, মুখ্য কার্যবাহী সদস্য, সদস্যসকল, জিলা পৰিষদৰ সদস্যসকলকো আমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দৈমাৰীয়ে সদৰী কৰে ৷
লগতে পঢ়ক: Love Jihad controversy: মহাভাৰতত লাভ জেহাদক লেটিয়াই অৱশেষত ঘোষাৰে ক্ষমা মাগিলে ভূপেন বৰাই