ETV Bharat / state

Bihu Distortion in G20 Summit :বিহু নৃত্যৰ বিকৃতকৰণ; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়সৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 4:17 PM IST

Updated : Sep 9, 2023, 5:39 PM IST

বিহু নৃত্যৰ বিকৃতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ ৷ বিশ্ববাসীৰ সমুখত সমগ্ৰ অসমবাসীক শাসক পক্ষই লজ্জানত কৰা ঘটনাৰ তদন্তৰ দাবী কৰিছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ৷

Assam TMC Criticizes CM Himanta Biswa
হিমন্ত বিশ্ব শৰ্মাৰ দায়সৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
বিহু নৃত্যৰ বিকৃতকৰণৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

গুৱাহাটী, 09 ছেপ্টেম্বৰ : G-20 শীৰ্ষ সন্মিলনত বিহু নৃত্যৰ বিকৃতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়সৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ ৷ G-20 শীৰ্ষ সন্মিলনত বিহু নৃত্যক বিকৃত ৰূপত প্ৰদৰ্শন কৰোৱাই বিশ্ববাসীৰ সমুখত সমগ্ৰ অসমবাসীক শাসক পক্ষই লজ্জানত কৰা ঘটনাৰ তদন্তৰ দাবী কৰিছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ৷

উল্লেখ্য যে G-20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে শুকুৰবাৰে দিল্লীত উপস্থিত হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক ৷ নতুন দিল্লী বিমান বন্দৰত বিহু নৃত্যৰে আদৰণি জনোৱা হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ কিন্তু দিল্লী বিমান বন্দৰত অসমীয়াৰ বিহু নৃত্যক চৰম বিকৃত ৰূপত প্ৰদৰ্শন কৰা দেখা যায় ৷ নতুন দিল্লীৰ বিমান বন্দৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সম্মুখত বিকৃত ৰূপত বিহু নৃত্য প্ৰদৰ্শন কৰা হয় ৷

মনকৰিবলীয়া যে বিভিন্ন বিষয়ত সততে সোচ্চাৰ হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পিচত সাংবাদিকে এই বিষয়ত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা দেখা গৈছিল ৷ মুখ্যমন্ত্ৰীয়ে স্পৰ্শকাতৰ আৰু অসমীয়াৰ আৱেগৰ লগত জড়িত বিষয়টো সন্দৰ্ভত বিশেষ কোনো মত নিদিয়াকৈ আঁতৰি থাকে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে এয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক ৷ বাৰে বাৰে বিহুক অপমান কৰা হৈছে ৷ এয়াই নহয়, 2022 চনৰ আগষ্টত এগৰাকী বিদেশৰ ৰাষ্ট্ৰপতিৰ আগত বিহুক বিকৃতকৰণ কৰা হৈছিল ৷

তেওঁ ‌কয় যে মুখ্যমন্ত্ৰীয়ে কৈছে বিহু বিতৰ্ক দুদিন পিছত কৰিব পৰা যাব ৷ তাৰ‌ বাবে সকলোকে দুদিন অপেক্ষা কৰিব দিছে ৷ তেওঁ কয় যে বিহু অসমীয়াৰ আৱেগ ৷ বিহু অসমীয়াৰ পৰিচয় ৷ শাসক পক্ষই বিহু নৃত্যক বিকৃত কৰি অসমীয়া জাতিক উপলুঙা কৰিছে ৷ ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব বুলি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই দাবী কৰে ৷

লগতে পঢ়ক : Bihu Distortion in G20: বিহু নৃত্যৰ বিকৃতকৰণ; মুখ্যমন্ত্ৰীৰ দায়সৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

Last Updated : Sep 9, 2023, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.