গুৱাহাটী,১০ ডিচেম্বৰঃ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে আজি শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি শিশু সৰবৰাহ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এখন এদিনীয়া ৰাষ্ট্ৰীয় পর্যায়ৰ সন্মিলন অনুষ্ঠিত কৰে (National level meeting on child trafficking and uses of drugs) ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা সন্মিলনখনত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷
আদৰণি ভাষণত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা ড৹ সুনীতা চাংকাকতিয়ে শিশু সৰবৰাহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি কয় যে ইয়াৰ জৰিয়তে উৎস আৰু গন্তব্য ৰাজ্যৰ মাজৰ সমস্যাবোৰ কাৰ্যকৰীভাৱে সমাধান কৰাৰ বাবে ৰণনীতি বিকশিত কৰাৰ লগতে শিশু সৰবৰাহ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ ক্ষেত্ৰত নীতি-নিয়ম প্ৰস্তুতৰ ওপৰত গুৰুত্ব আৰোপ কৰাই হ'ল এই সন্মিলনৰ মুখ্য উদ্দেশ্য ৷
![National level meeting of State Child Right Protection](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-national-level-meeting-of-assam-state-child-rights-protection-commission-7209925_10122021183057_1012f_1639141257_606.jpg)
সন্মিলনৰ প্ৰথম কাৰিকৰী সত্ৰত ভাষণ দি অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ড৹ পি এম নায়াৰে শিশু সৰবৰাহ ৰোধত বিভিন্ন অংশীদাৰৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে ৷ তেওঁ কয় যে ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যৰ বাবেই শিশু সৰবৰাহ এক বৃহৎ সমস্যা (child trafficking is a major problem) যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে শিশু সৰবৰাহ এক বৃহৎ প্ৰত্যাহবান ৰূপে থিয় দিছে (Child trafficking stands as a huge challenge for the North East) ৷ সেইবাবে সকলোৱে এক হৈ শিশু সৰবৰাহ ৰোধ কৰাৰ বাবে কাম কৰিব লাগিব ৷ লগতে তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বর্তমান শিশু সৰবৰাহৰ ছবি খন দাঙি ধৰি ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক পৃথক আৰু বিশেষ বিভাগ গঠনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে ৷
![National level meeting of State Child Right Protection](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-national-level-meeting-of-assam-state-child-rights-protection-commission-7209925_10122021183057_1012f_1639141257_806.jpg)
আনহাতে প্ৰথম সত্ৰৰ দ্বিতীয় গৰাকী সমল ব্যক্তি ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ শ্বাইস্তা খান শ্বাহে শিশুসকলৰ মাজত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ(use of drugs and intoxicating elements increasing among children) প্ৰতিৰোধ আৰু অবৈধ সৰবৰাহৰ বিষয়ত যুটীয়া কর্ম আঁচনি ব্যাখ্যা কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী অসমৰ সহায়ক অধ্যাপক দেবজিৎ দাসে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু শিশু সৰবৰাহৰ আইনী ব্যৱস্থা ওপৰত আলোকপাত কৰে ৷
![National level meeting of State Child Right Protection](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-national-level-meeting-of-assam-state-child-rights-protection-commission-7209925_10122021183057_1012f_1639141257_1074.jpg)
সন্মিলনৰ দ্বিতীয় কাৰিকৰী সত্ৰত বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি ক্ৰমে অবনী হালৈ, ড৹ ৰশ্মি শর্মা, প্ৰেৰণা চাংকাকতি আৰু পেৰিন ক্ৰিষ্টোফাৰ আদি কৰি বিভিন্নজনে শিশু সৰবৰাহ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা ব্যাখ্যা কৰে ৷ অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিশু সৰবৰাহ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ত এই সন্মিলন অনুষ্ঠিত কৰা বাবে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগক ধন্যবাদ জনাই শিশু সৰবৰাহ ৰোধৰ ক্ষেত্ৰত সকলোকে আগভাগ লবলৈ আহ্বান জনায় ৷
আনহাতে তেওঁ অসমত বৰ্তমান নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ ভয়াবহতা আৰু ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত সমাজৰ কৰণীয়তাৰ বিষয়ে ভাষণত উল্লেখ কৰে ৷ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰিয়াংক কানুংগোয়ে অনলাইন মাধ্যমযোগে বিশেষ অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ সন্মিলনৰ তৃতীয় কাৰিকৰী সত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ, সদস্য আৰু পৰামৰ্শদাতা সকলে তেওঁলোকৰ আয়োগৰ কাৰ্যব্যৱস্থা আৰু কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে ৷ সন্মিলনত অসমৰ 33 খন জিলাৰ দুই শতাধিক প্ৰতিনিধি উপস্থিত আছিল ৷
লগতে পঢ়ক : চামগুৰিত "চল যাব স্কুল" শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা