গুৱাহাটী,5 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কটনে বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা ৰণহুংকাৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন সদৌ অসম পথ ব্যৱসায়ীৰ । ৬ ডিচেম্বৰত বন্ধ থাকিব গুৱাহাটীৰ পদপথৰ দোকান পোহাৰ । বৃহস্পতিবাৰে কেবক লৈ সংবাদমেল পাতি এই কথা ঘোষণা কৰে সদৌ অসম পথ ব্যৱসায়ী সংস্থাই ।
লগতে পঢ়ক:ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ: চৌদিশে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
সংবাদমেলত সদৌ অসম পথ ব্যৱসায়ী সংস্থাৰ সভাপতি নৰেন ৰাজবংশীয়ে জানিবলৈ দিয়ে যে সদৌ অসম পথ ব্যৱসায়ী সংস্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ে ৬ ডিচেম্বৰত লব লগা ৰণহুংকাৰক মুকলিকৈ সমৰ্থন জনোৱাৰ কথা জানিবলৈ দিয়ে । লগতে ৬ ডিচেম্বৰত পদপথৰ সকলো দোকান বন্ধ থাকিব লগতে প্ৰত্যক্ষ ভাবে ৰণ হুংকাৰত অংশ গ্ৰহণ কৰিব পথ ব্যৱসায়ী সকলে ৷
আনহাতে পথ ব্যৱসায়ী সকলক চৰকাৰে বৰ্তমানলৈ পঞ্জীয়ন নকৰাৰ লগতে অসমলৈ মন্ত্ৰী আমোলা অহাৰ নামত পদপথৰ দোকান সমূহ উঠোৱাৰ নামত যি অন্যায় কৰা হয় তাৰ বিৰোধিতা কৰে সদৌ অসম পথ ব্যৱসায়ী সংস্থাই । লগতে সদৌ অসম পথ ব্যৱসায়ী সংস্থাই 10 ডিচেম্বৰৰ পৰা পদপথৰ দোকান পোহাৰ বন্ধ কৰিবলৈ দিয়া জাননীক প্ৰত্যাহাৰ কৰিছে ।
আৰু চাওঁক:লংকেশ্বৰত কেবৰ প্ৰতিলিপি দাহ ছাত্ৰ সমাজৰ