গুৱাহাটী, 8 ছেপ্তেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো আজি পালন কৰা হৈছে আন্তৰ্জাতিক সাক্ষৰতা দিৱস ৷ প্ৰতি বছৰে বিশ্বজুৰি ৮ ছেপ্তেম্বৰত অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক সাক্ষৰতা দিৱস ৷ ১৯৬৫ চনৰ ছেপ্তেম্বৰত তেহৰাণত নিৰক্ষৰতা দূৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীসকলৰ অনুষ্ঠিত বিশ্ব সন্মিলনত গ্ৰহণ কৰা প্ৰস্তাৱৰ পাছত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপন আৰম্ভ হৈছিল ৷
সন্মিলনত প্ৰস্তাৱ কৰা হৈছিল যে সন্মিলনৰ উদ্বোধনৰ তাৰিখ অৰ্থাৎ ৮ ছেপ্তেম্বৰত আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰূপে ঘোষণা কৰাৰ লগতে বিশ্বব্যাপী পালন কৰা হওক ৷ ইউনেস্ক’ৰ দ্বাৰা ১৯৬৬ চনৰ নৱেম্বৰত পেৰিছত আয়োজিত সাধাৰণ সন্মিলনৰ ১৪ সংখ্যক অধিৱেশনত ৮ ছেপ্তেম্বৰক আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰা হয় ৷ তাৰপাছৰে পৰা প্ৰত্যেক বছৰে দিৱসটো উদযাপন কৰা হয় ৷
ভাৰতবৰ্ষত বিশেষকৈ স্বাধীনতাৰ পাছৰ পৰা সাক্ষৰতা আৰু বিশেষভাৱে প্ৰাপ্তবয়স্ক শিক্ষাক এক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে বিবেচনা কৰি পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে ৷ নিৰক্ষৰতা দূৰীকৰণ আৰু প্ৰাপ্তবয়স্ক শিক্ষাক কাৰ্যকৰী সাক্ষৰতা আৰু আজীৱন শিক্ষা প্ৰদানৰ লক্ষ্যৰে ১৯৮৮ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান আৰম্ভ কৰিছিল ৷
অসমতো ১৯৯২-৯৩ চনৰ পৰা ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ অধীনত সাক্ষৰতা অভিযান আৰম্ভ হয় ৷ জিলা সাক্ষৰতা অভিযানৰ মূল লক্ষ্য হৈছে নিৰক্ষৰসকলক লিখা-পঢ়া আৰু সংখ্যাজ্ঞান প্ৰদান কৰা ৷ নিজে ক’ত ক’ত বঞ্চিত হৈছে তাক জনা, সংগঠিত হৈ উন্নয়নমূলক কামৰ জৰিয়তে নিজৰ আৰু দহৰ উন্নতি সাধন কৰা, জীৱন ধাৰণৰ মান আৰু অৰ্থনৈতিক অৱস্থা উন্নত কৰা ৷
একতা, পৰিৱেশ সংৰক্ষণ, নাৰী-পুৰুষৰ সমতা, সৰু পৰিয়াল আদিৰ যোগেদি প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ সাক্ষৰতা অভিযানৰ উক্ত লক্ষ্যসমূহ পূৰণৰ প্ৰয়াস চলোৱাৰ সমান্তৰালভাৱে নতুনকৈ নিৰক্ষৰ লোকৰ যাতে সৃষ্টি নহয়, তাৰ প্ৰতিও বিশেষ ব্যৱস্থা লোৱা হৈছে ৷ যিসকলে প্ৰাথমিক বিদ্যালয়ৰ চৌপাশ দেখাই নাই বা যিসকলে আধাতে বিদ্যালয় ত্যাগ কৰিছে তেওঁলোকৰো পুনৰ বিদ্যাৰম্ভৰ বাবে চেষ্টা চলোৱা হৈছে ৷
কিন্তু দেশৰ বৰ্তমান অর্থনৈতিক প্ৰেক্ষাপটত দৰিদ্ৰ জনসাধাৰণৰ মনত এনেধৰণৰ ধাৰণা দৃঢ়তাৰে সোমাই পৰিছে যে, এই প্ৰতিযোগিতাৰ যুগত লিখা-পঢ়া শিকিলেও তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে কোনোধৰণৰ সুযোগ-সুবিধা বা সংস্থান নাপায় ৷
চৰকাৰে নতুন নতুন প্ৰকল্প, আঁচনি আদিৰে নিৰক্ষৰতা দূৰীকৰণৰ প্ৰচেষ্টা চলাইছে যদিও ই অধিক কাৰ্যকৰী আৰু ফলপ্ৰসূ হোৱাৰ প্ৰয়োজন আছে ৷ চৰকাৰে গ্ৰহণ কৰা সাক্ষৰতা অভিযানৰ ফলত অসমত তুলনামূলকভাৱে বৃদ্ধি পাইছে সাক্ষৰতাৰ হাৰ ৷ মাত্ৰ এটা দশকৰ ভিতৰত সাক্ষৰতাৰ নিৰিখত দেশৰ ২৬ সংখ্যক ৰাজ্যৰ পৰা ২১ সংখ্যক স্থান আগুৱাই পঞ্চম স্থানলৈ উন্নত হৈছে অসম ৷
ক'ভিড কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে ৰাজ্যৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে ৷ উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ আছিল ৭২.২ শতাংশ ৷ কিন্তু বিগত বৰ্ষত প্ৰকাশিত ৰাষ্ট্ৰীয় নমুনা সমীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে, অসমৰ সাক্ষৰতাৰ হাৰ ৮৫.৯ শতাংশলৈ বৃদ্ধি পাইছে ৷ ২০১১ চনত অসম দেশৰ ২৬ নম্বৰ ৰাজ্য আছিল আৰু এতিয়া ২০২০ চনৰ পৰিসংখ্যাত সাক্ষৰতাৰ হাৰত অসম দেশৰ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হ’ল ৷
উল্লেখযোগ্য কথাটো হৈছে যে, সামগ্ৰিকভাৱে অসমত মহিলা আৰু পুৰুষ উভয় শাখাতেই সাক্ষৰতাৰ হাৰ ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ক্ৰমে ৭৭.৮ আৰু ৬৬.৩ শতাংশ ৷ ২০২০ চনৰ পৰিসংখ্যাত দেখা গৈছে অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পালে ক্ৰমে ৯০.১০ আৰু ৮০.২০ শতাংশলৈ ৷
ৰাজ্যৰ ৭ বছৰৰ ঊৰ্ধৰ লোকৰ মাজত ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে চলাইছিল এই সমীক্ষা ৷ লক্ষণীয়ভাৱে ২০১১ চনৰ দৰে শেহতীয়া ২০২০ চনৰ সমীক্ষাতো দেশৰ আটাইতকৈ সাক্ষৰতাৰ হাৰ বেছি থকা ৰাজ্যখন হৈছে কেৰালা ৷ ২০১১ চনতো কেৰালাত সাক্ষৰতাৰ হাৰ আছিল ৯৬.২ শতাংশ আৰু শেহতীয়া সমীক্ষাতো দেখা গ’ল ৰাজ্যখনত সাক্ষৰতাৰ হাৰ ৯৬.২ শতাংশ অটুট আছে ৷ পিছে দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম স্থানত নতুন নতুন ৰাজ্যই উন্নত ফল প্ৰদর্শন কৰা পৰিলক্ষিত হৈছে ৷
২০১১ চনত সাক্ষৰতাৰ হাৰত দেশৰ দ্বিতীয়খন ৰাজ্য আছিল লাক্ষাদ্বীপ (৯১.৮) ৷ ২০২০ ৰ পৰিসংখ্যাত দ্বিতীয় স্থান লাভ কৰিছে দিল্লীয়ে (৮৮.৭) ৷ পূৰ্বতে তৃতীয় স্থানত আছিল মিজোৰাম (৯১.৩) আৰু এইবাৰ তৃতীয় স্থান দখল কৰিছে উত্তৰাখণ্ডই (৮৭.৬) ৷ চতুর্থ স্থানত আছিল গোৱা (৮৮.৭) আৰু এইবাৰ উক্ত স্থান লাভ কৰিছে হিমাচল প্ৰদেশে (৮৬.৬) ৷ ২০১১ চনত পঞ্চম স্থানত উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা (৮৭.২) আছিল যদিও এইবাৰ এই স্থান দখল কৰিছে অসমে ৷
তালিকাৰ অন্তিম ৫ টা স্থানতো ব্যাপক সালসলনি হোৱা পৰিলক্ষিত হৈছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি তালিকাৰ অন্তিম পাঁচখন ৰাজ্য আছিল ক্ৰমে বিহাৰ (৬১.৮), অৰুণাচল প্ৰদেশ (৬৫.৪), ৰাজস্থান (৬৬.১), ঝাৰখণ্ড (৬৬.৪) আৰু অন্ধ্ৰ প্ৰদেশ (৬৭.০) ৷ ২০২০ চনৰ পৰিসংখ্যা অনুসৰি অন্তিম পাঁচখন ৰাজ্য হৈছে ক্ৰমে অন্ধ্ৰ প্ৰদেশ (৬৬.৪), ৰাজস্থান (৬৯.৭), বিহাৰ (৭০.৯), তেলেংগানা (৭২.৮) আৰু উত্তৰ প্ৰদেশ (৭৩.০) ৷
লক্ষণীয়ভাৱে সৰ্বভাৰতীয় পৰ্যায়ত বিগত এক দশকত দেশৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ আছিল ৭৪.০৪ শতাংশ ৷ ২০২০ চনৰ সমীক্ষাত সৰ্বভাৰতীয় সাক্ষৰতাৰ হাৰ ৭৭.৭ শতাংশলৈ বৃদ্ধি পালে ৷