ETV Bharat / state

মডেল ভাড়াঘৰ আইনৰ জৰিয়তে ৰাম-টাঙোন বিজেপি চৰকাৰৰ - প্ৰদেশ কংগ্ৰেছ

বিজেপি চৰকাৰক কঠোৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র কুশল শৰ্মা আৰু মেহদী আলম বৰাৰ । হিমন্ত বিশ্ব শৰ্মাই মোডীক তোষামোদ কৰাৰ স্বাৰ্থতে অসমত ‘মডেল ভাড়াঘৰ আইন’ প্ৰযোজ্য কৰিবলৈ উঠিপৰি লাগিছে । ঘৰ ভাড়ালৈ দি জীৱন-জীৱিকাৰ বাট মোকলোৱা লোকসকলৰ কথা চৰকাৰে চিন্তা কৰা নাই বুলি কয় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মেহদী আলম বৰাই ।

Assam Pradesh Congress press conference
মডেল ভাড়াঘৰ আইনৰ জৰিয়তে ৰাম-টাঙোন বিজেপি চৰকাৰৰ
author img

By

Published : Nov 6, 2021, 7:17 PM IST

গুৱাহাটী, ৬ নৱেম্বৰ : "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তথাকথিত পৰিৱৰ্তনৰ নামত সৰ্বসাধাৰণ ৰাইজক এফালৰ পৰা কেকোঁৰা চেপা দিবলৈ আৰম্ভ কৰিছে ।" এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র কুশল শৰ্মা আৰু মেহদী আলম বৰাই এখন সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

মুখপাত্রদ্বয়ে কয় যে, প্ৰায় প্ৰতিদিনে ঘটি থকা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত চুড়ান্তভাৱে ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে চৰম ব্যৰ্থতাৰ পৰিচয় দিছে । অসমৰ বেলিকা নতুনত্বৰ চমক দিবলৈ গৈ কিছুদিনৰ আগতে গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ বাবে চৰকাৰী অনুমতি লোৱাৰ উপৰি গৃহ নিৰ্মাণৰ বাবদ চৰকাৰক মাচুল দিব লাগিব বুলি এক আইনী ব্যৱস্থা প্ৰৱৰ্তনৰ ঘোষণা কৰে ৷

মডেল ভাড়াঘৰ আইনৰ জৰিয়তে ৰাম-টাঙোন বিজেপি চৰকাৰৰ

ইয়াৰ পাচতে, সমগ্ৰ ৰাজ্যখনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাত বাধ্য হৈ চৰকাৰে সেই ব্যৱস্থা স্থগিত ৰাখিছিল । সেই উজুটিৰ পিছত শেহতীয়াকৈ অসম চৰকাৰে নিজৰ পয়াঁ লগা অৰ্থনৈতিক অৱস্থাটো টনকিয়াল কৰিবলৈ য’ত যেনেকৈ পাৰে তেনেকৈ নতুন নতুন কৰ-কাটল লগাই সৰ্বসাধাৰণ ৰাইজৰ ওপৰত চৰম হাৰাশাস্তি আৰম্ভ কৰিবলৈ লৈছে । তাৰে এক নমুনা হিচাপে ৰাজ্যখনৰ ভাড়াঘৰ সমূহৰ ওপৰত চকু দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ।

লগতে পঢ়ক: 75 বছৰ গৰকিলে শিৱসাগৰ মহাবিদ্যালয়ে:মুখ্যমন্ত্ৰীৰ 5 কোটি টকাৰ অনুদান ঘোষণা

সেই অনুসৰি, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে ‘মডেল ভাড়াঘৰ আইন’ অনুযায়ী ভাড়াঘৰৰ মালিকে নিৰ্ধাৰিত চুক্তিপত্ৰ সম্পাদন কৰিহে ঘৰ ভাড়ালৈ দি'ব পাৰিব । এটা ঘৰ ভাড়াত দিলে সেই সম্পৰ্কীয় সকলো তথ্য ঘৰৰ গৰাকীয়ে চৰকাৰক জনাব লাগিব আৰু ঘৰৰ গৰাকী আৰু ভাড়াতীয়াই একেলগে অথবা সুকীয়া সুকীয়াকৈ এই বিষয়ক প্ৰপত্ৰ চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব ।

মাহে কিমান টকাকৈ লৈ ঘৰটো ভাড়ালৈ দিয়া হৈছে বা কিমান টকাকৈ দি ভাড়ালৈ লোৱা হৈছে সেই তথ্য প্ৰ-পত্ৰত উল্লেখ থাকিব লাগিব আৰু গৰাকী আৰু ভাড়াতীয়াৰ মাজত সম্পাদিত চুক্তি ‘ৱেবচাইট’ত ‘আপল’ড’ কৰিব লাগিব । এনে কৰাৰ পিছত চৰকাৰে এটা বিশেষ পৰিচয় নম্বৰ প্ৰদান কৰিব ।

এই নতুন কৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘মডেল ভাড়াঘৰ আইন’ৰ অধীনত অসম চৰকাৰে ঘোষণা কৰিছে বুলি মুখপাত্ৰদ্বয়ে কয় । ৰাজ্যসমূহৰ বাবে এই ‘মডেল ভাড়াঘৰ আইন’ বাধ্যতামূলক নহয় । কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে মোডীক তোষামোদৰ স্বাৰ্থতে এইখন অসমত প্ৰযোজ্য কৰিবলৈ উঠিপৰি লাগিছে ।

লগতে পঢ়ক: কিয় আনন্দ মিশ্রৰ প্ৰশংসাৰ পাত্ৰ হ'ল SI তৰংগ পাটোৱাৰী ?

এই আইন কাৰ্যকৰী হলে ঘৰ এটা ভাড়ালৈ দি গৰাকীয়ে ভাড়াৰ বাবদ লাভ কৰা ধনৰ এটা নিৰ্দিষ্ট অংশ ‘কৰ’ হিচাপে চৰকাৰক আদায় দিয়াটো বাধ্যতামূলক হৈ পৰিব আৰু এইদৰে ‘কৰ’ পৰিশোধ নকৰিলে ঘৰৰ গৰাকীজন আইন মতে দণ্ডনীয় হ’ব ।
এটা বা দুটা কোঠালী ভাড়ালৈ দি দৈনন্দিন ভাত-কাপোৰৰ যোগাৰ কৰি কোনোমতে চলি থকা বহু অৱসৰপ্ৰাপ্ত বা বৃদ্ধ লোকৰ মূৰতো ৰাম-টাঙোন মাৰিবলৈ এইখন চৰকাৰে চক্ৰান্ত কৰিবলৈ অকণো দ্বিধাবোধ কৰা নাই বুলি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰদ্বয়ে চৰকাৰক সমালোচনা কৰে ।

বাকী নগৰ-চহৰ বাদ দিলেও কেৱল গুৱাহাটী মহানগৰীতে এনেকৈ ঘৰৰ এটা বা দুটা কোঠা ভাড়ালৈ দি কোনোমতে মাহটোৰ খৰছ উলিওৱা হেজাৰ হেজাৰ বৃদ্ধ লোক আছে । সেই সকলৰ দায়িত্ব এতিয়া কোনে ল’ব বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে । প্ৰদেশ কংগ্ৰেছে এনে জনবিৰোধী নীতিৰ তীব্ৰ বিৰোধীতা কৰাৰ লগতে অসমত এই ‘মডেল ভাড়াঘৰ আইন’ বলৱৎ নকৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ উন্নয়নৰ বাহনখন পিছুৱাইছে: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.