ETV Bharat / state

Assam Police: গাৰ চৰ্বী খহাবলৈ যুদ্ধকালীন তৎপৰতা অসম আৰক্ষীৰ

author img

By

Published : Jul 23, 2023, 1:48 PM IST

মেদবহুল তথা পেটুৱা আৰক্ষীৰ লোক থাকিব নোৱাৰিব অসম আৰক্ষীত। ১৫ আগষ্টৰ ভিতৰত যিকোনো উপায়েৰে হ'লেও কমাব লাগিব পেট আৰু হ'ব লাগিব ফিট। ১৫ আগষ্টৰ পৰা বি এম আই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰক্ষীৰ লোক।

Assam Police Personnels
মেদবহুলতা হ্ৰাস কৰিবলৈ কঠোৰ অনুশীলন আৰক্ষীৰ

গুৱাহাটী, 23 জুলাই : অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে বহুতৰে নিদ্ৰা হৰণ কৰিছে ৷ বিশেষকৈ মেদবহুলতাৰ বাবে অভাৰৱেইট হৈ পৰা আৰক্ষীৰ লোকসকল এতিয়া নিজৰ স্বাস্থ্যক লৈ চিন্তাত পৰিছে ৷ কাৰণ ফিট নহ'লে ল'ব লাগিব অৱসৰ ৷ অৰ্থাৎ মেদবহুল তথা পেটুৱা আৰক্ষীৰ লোক থাকিব নোৱাৰিব অসম আৰক্ষীত ৷ চাকৰি ৰক্ষাৰ স্বাৰ্থত এতিয়া কষ্ট কৰিবলগীয়া হৈছে মেদবহুলতাৰ স্বীকাৰ হোৱা আৰক্ষীয়ে ৷ কাৰণ হাতত বেছি সময় নাই ৷

15 আগষ্টৰ ভিতৰত যিকোনো উপায়েৰে হ'লেও কমাব লাগিব পেট আৰু হ'ব লাগিব ফিট ৷ সেইবাবে এতিয়া পেটুৱা আৰক্ষীয়ে চাকৰি ৰক্ষাৰ বাবেই পুৱাই কঠোৰ শৰীৰ চৰ্চা কৰিব লগা হৈছে ৷ পেটুৱা আৰক্ষীৰ ক্ষেত্ৰত ডিজিপি জি পি সিঙে দিয়া কঠোৰ নিৰ্দেশৰ পিছত এতিয়া সকলোৱে জোৰদাৰ কচৰৎ আৰম্ভ কৰিছে ৷ 15 আগষ্ট যিমানেই ওচৰ চাপি আহিছে সিমানেই চিন্তা বাঢ়িছে পেটুৱা আৰক্ষীৰ ৷ যাৰ পৰিণতিত জিলাই জিলাই পুৱাই আৰক্ষীৰ একাংশ লোক কঠোৰ অনুশীলনত অৱতীৰ্ণ হৈছে ৷ আৰক্ষী অধীক্ষকৰ নেতৃত্বত পুৱাৰ ভাগত মেদবহুলতা হ্ৰাস কৰিবলৈ কঠোৰ অনুশীলন চলি আছে ৷

Assam Police Personnels
মেদবহুল আৰক্ষীৰ জোৰদাৰ অনুশীলন

গোলাঘাট জিলাত আৰক্ষী অধীক্ষক পুস্কিন জৈনৰ নেতৃত্বত চলি আছে কঠোৰ অনুশীলন ৷ অসম আৰক্ষীক দেশৰ শীৰ্ষ পৰ্যায়ৰ বাহিনী হিচাপে গঢ় দিয়াটো আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ এটা মিছন বুলি উল্লেখ কৰি গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে জনাই যে আৰক্ষী যেতিয়ালৈকে ফিট নাথাকে তেতিয়ালৈকে এই মিছন সফল নহয় ৷ সেই কাৰণে গোলাঘাটত নিয়মীয়া পি.টি চলি আছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইফালে নিজকে ফিট কৰাৰ বাবে বহু আৰক্ষীৰ লোকে নিজাকৈয়ো কঠোৰ অনুশীলনত ব্ৰতী হৈছে ৷ কাৰণ ফিট নহ'লে নাথাকিব চাকৰি ৷

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ চূড়ান্ত সময় সীমা 15 আগষ্ট সমাগত ৷ 15 আগষ্টৰ ভিতৰত পেটুৱা আৰক্ষী সকলে মেদবহুলতা হ্ৰাস কৰিবলৈ কঠোৰ অনুশীলনত নামি পৰিছে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জি পি সিঙৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীত চলিব পেটুৱা আৰক্ষী হাটাও অভিযান ৷ পেট কমাব নোৱাৰিলে আৰক্ষীৰ লোকে বাধ্যতামূলকভাৱে এৰিব লাগিব চাকৰি ৷ এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অলপতে পুনৰ টুইটাৰৰ জৰিয়তে সতৰ্কবাণী দিছে ৷ টুইটাৰত তেওঁ উল্লেখ কৰা অনুসৰি অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ৷ ইয়াৰ বাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে বৃত্তিগতভাৱে বডী মাছ ইনডেস্ক চমুকৈ বি এম আই পৰীক্ষা অনুষ্ঠিত কৰিব ৷

এই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ অৱতীৰ্ণ হ'ব লাগিব ৷ এই পৰীক্ষা অনুষ্ঠিত হ’ব আগষ্ট মাহত ৷ তাৰ বাবে প্ৰস্তুতি চলাবলৈ অসম আৰক্ষীৰ লোকসকলে মাজত 3 মাহ সময় পাব ৷ 15 আগষ্টত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে নিজেই প্ৰথমে এই পৰীক্ষাৰ সন্মুখীন হ’ব ৷ তাৰ পাছৰে পৰা পৰৱৰ্তী 15 দিনত সকলোৱে এই পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ শাৰীৰিক সক্ষমতাৰ প্ৰমাণ দাঙি ধৰিব লাগিব ৷ এই পৰীক্ষাত যিসকল পেটুৱা আৰক্ষী বি এম আই 30 শাখাৰ অন্তৰ্ভুক্ত হ’ব তেওঁলোকে নিজৰ পেট কমাবলৈ পুনৰ অতিৰিক্ত 3 মাহৰ সময় পাব ৷

তাৰ পাছতো যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব নোৱাৰে অথবা পেট কমাব নোৱাৰে তেওঁলোকে বাধ্যতামূলকভাৱে অৱসৰ গ্ৰহণ কৰিব লাগিব ৷ অৱশ্যে যিসকল আৰক্ষীৰ চিকিৎসাজনিত কাৰণৰ বাবে মেদবহুলতা হৈছে তথা পেট ওলাইছে তেওঁলোকক ইয়াৰ পৰা ৰেহাই দিয়া হ'ব ৷ লক্ষণীয় বিষয় যে, ইতিমধ্যে কেইবাগৰাকী আই পি এছ বিষয়াই নিজৰ অভাৰৱেট হ্ৰাস কৰি নিজকে 'ফিট' কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Reserve close to IC: হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.