ETV Bharat / state

World Record with Bihu dance : মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক বিহুৰ নিমন্ত্ৰণ জনাবলৈ কোন মন্ত্ৰী যাব কোন ৰাজ্যলৈ ?

author img

By

Published : Mar 3, 2023, 2:25 PM IST

লক্ষ্য গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড । সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ (Over 11000 Bihu Dancers To Participate In Bohag Bihu 2023) । ইয়াৰ বাবে পূৰ্ণোদ্যমে চলিছে আখৰা । ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত প্ৰদৰ্শন কৰা হ’ব বিহুনাচ । প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকিব আন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল । অসম চৰকাৰৰ মন্ত্ৰীসকলে ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ ভিতৰত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ কৰি অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে নিমন্ত্ৰণ জনাব ৷

World Record with Bihu dance
লক্ষ্য গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড

গুৱাহাটী, ৩ মাৰ্চ : এঘাৰ হাজাৰ বিহুৱা-বিহুৱতীৰে বিহুনাচ প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্যত এতিয়া বিয়াগোম প্ৰস্তুতি চলিছে (World Record with Bihu dance) । অসম চৰকাৰৰ উদ্যোগত চলিছে এই বিয়াগোম প্ৰস্তুতি । অহা ১৪ এপ্ৰিলত ৰাজ্যৰ ১১ হাজাৰ শিল্পীয়ে একেলগে সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শন কৰিব বিহুনাচ (Over 11000 Bihu Dancers To Participate In Bohag Bihu 2023)।

World Record with Bihu dance
লক্ষ্য গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড

প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত বিহুনাচ প্ৰদৰ্শন কৰি বিশ্ব ৰেকৰ্ড কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে (Guinness World Record for largest Bihu performs) । ১৪ এপ্ৰিলৰ এই বিশাল আয়োজনৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Assam to attempt Guinness World Record for largest Bihu performs)। কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই নহয় দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল এই অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব ।

প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলক এই বিশ্ব অভিলেখৰ সাক্ষী হোৱাৰ বাবে সাদৰ নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে ইতিমধ্যে মন্ত্ৰীৰ এখন তালিকা প্ৰস্তুত কৰি দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CMs And Governors Of All States Will Be Invited For Bihu Celebrations In Guwahati)। তালিকাত থকা অসম চৰকাৰৰ মন্ত্ৰীসকলে সোঁশৰীৰে গৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলৰ পদূলিত শৰাই-তামোল থৈ বিহু চোৱাৰ বাবে সাদৰ নিমন্ত্ৰণ জনাব ।

World Record with Bihu dance
প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত বিহুনাচ প্ৰদৰ্শন কৰি বিশ্ব ৰেকৰ্ড কৰাৰ লক্ষ্য নিৰ্ধাৰণ

ইয়াৰ বাবে সাজু হৈছে মন্ত্ৰীসকলো । প্ৰতিগৰাকী মন্ত্ৰীক ৰাজ্যসমূহ ভাগ কৰি দিয়া হৈছে । সেই অনুসৰি হাতত শৰাই-তামোল লৈ শীঘ্ৰেই কেৰালা আৰু লাক্ষাদ্বীপলৈ উৰা মাৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মন্ত্ৰী অতুল বৰাৰ দায়িত্ব পৰিছে বিহাৰ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক বিহু চাবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ।

আনহাতে, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰক্ষ্ম মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ ওচৰলৈ যাব । সেইদৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যাব অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানালৈ । ঝাৰখণ্ড, জম্মু আৰু কাশ্মীৰ, লাডাখৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনোৱাৰ দায়িত্ব পৰিছে মন্ত্ৰী কেশৱ মহন্তৰ ।

মন্ত্ৰী ডাঃ ৰণোজ পেগু আন্দামান নিকোবৰ, তামিলনাডু আৰু পুডুচেৰীলৈ যাব নিমন্ত্ৰণী শৰাই লৈ । সেইদৰে মন্ত্ৰী অশোক সিংহল গোৱা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰলৈ উৰা মাৰিব শৰাই-তামোল লৈ । আনহাতে, মন্ত্ৰী যোগেন মহনে মেঘালয় আৰু মন্ত্ৰী সঞ্জয় কিষাণে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক সৰুসজাইত বিহু চাবলৈ নিমন্ত্ৰণ জনাবলৈ যাব ।

মন্ত্ৰী অজন্তা নেওগে ওডিশা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনাবলৈ যাব । মন্ত্ৰী পীযুষ হাজৰিকাই নিমন্ত্ৰণ জনাবলৈ যাব গুজৰাট, ৰাজস্থান, দাদৰানগৰ হাবেলী, দমন ডিউৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক । মন্ত্ৰী বিমল বড়াই ছত্তিশগড় আৰু মধ্যপ্ৰদেশ, মন্ত্ৰী নন্দিতা গাৰ্লোছাই অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ছিকিম, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, চণ্ডীগড় আৰু হিমাচল প্ৰদেশৰ মুখমন্ত্ৰীক সৰুসজাই ষ্টেডিয়ামলৈ নিমন্ত্ৰণ জনাব বিহু চাবলৈ ।

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰীক বিহু চাবলৈ নিমন্ত্ৰণ জনাবলৈ যাব মন্ত্ৰী পৰিমল শুক্লবৈদ্য । বিশ্ব অভিলেখৰ বিহুক লৈ এইকেইদিনত ব্যস্ততাৰ অন্ত নাই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ । মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলক নিমন্ত্ৰণৰ গধুৰ দ্বায়িত্ব লাভৰ পাচতে অসম চৰকাৰৰ মন্ত্ৰীসকল এতিয়া সাজু হৈছে ভ্ৰমণৰ বাবে । অসম চৰকাৰৰ মন্ত্ৰীসকলে ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ ভিতৰত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ কৰি অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে নিমন্ত্ৰণ জনাব ।

উল্লেখ্য যে, ১৪ এপ্ৰিলৰ অনুষ্ঠানৰ বাবে বৰ্তমান অসম চৰকাৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত চলি আছে বিহুনাচৰ আখৰা । ঢোল-পেঁপা-গগণাৰ মাতত ৰজনজনাই গৈছে সৰুসজাই ষ্টেডিয়ামৰ বাকৰি । সৰুসজাইত চলিছে মাষ্টাৰ ট্ৰেইনাৰৰ আখৰা । ইয়াৰ পাচত মাষ্টাৰ ট্ৰেইনাৰসকলে ৰাজ্যজুৰি ১১ হাজাৰ বিহুৱা-বিহুৱতীক দিব প্ৰশিক্ষণ ।
লগতে পঢ়ক : World Record with Bihu dance: সৰুসজাইত ১১১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ; দৰ্শক হ’ব প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.