গুৱাহাটী, ৮ ছেপ্টেম্বৰ: ডিমৰীয়াৰ বগিবাৰীৰ বেচৰকাৰী সংস্থা কলং-কপিলীয়ে ৰাজ্যবাসীৰ বাবে কঢ়িয়াই আনিছে আন এক সুখবৰ । জাৰ্মান চৰকাৰৰ পৰা International Study Tour ৰ বাবে উত্তৰ পূব ভাৰতৰ একমাত্ৰ বেচৰকাৰী সংস্থা হিচাপে নিমন্ত্ৰণ লাভ কৰিছে কলং-কপিলীয়ে (Assam Kalong Kapili NGO)।
১০ ছেপ্টেম্বৰৰ পৰা ৮ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া জাৰ্মান চৰকাৰৰ এই বিশেষ কাৰ্যসূচীৰ বাবে ৯ তাৰিখে দুগৰাকী সতীৰ্থসহ সূদুৰ জাৰ্মানলৈ উৰা মাৰিব কলং-কপিলীৰ মুখ্য সঞ্চালক জ্যোতিষ তালুকদাৰ ।
উল্লেখ্য যে ডিমৰীয়াৰ বগিবাৰীস্থিত কলং-কপিলী নামৰ এই সংস্থাটোৱে ইতিমধ্যে মৎস্য বিপ্লৱৰ সূচনা কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে (Kalong Kapili NGO Selected For Germany Tour) ।
আনহাতে এই সংস্থাৰ যোগেৰেই ইতিমধ্যে বহুজনে দেখিছে স্বাৱলম্বনৰ নতুন পথ । সেয়েহে জাৰ্মান চৰকাৰৰ পৰা লাভ কৰা এই বিশেষ আমন্ত্ৰণত উৎফুল্লিত সংস্থাটোৰ বিষয়ববীয়াসকল ।