ETV Bharat / state

১৬ জানুৱাৰীত ৪২ লাখ লোকলৈ ৰেচন কাৰ্ড: অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালেও পাব ৰেচন কাৰ্ড - Himanta Biswa Sarma

Assam Ration Card: এতিয়াৰে পৰা অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেছন কাৰ্ড ৷ আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ডৰ জৰিয়তেও লাভ কৰিব ৷ ৰেচন কাৰ্ড থকা পৰিয়ালক মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা কৰোৱা হ’ব ৷

Ration Card Assam
১৬ জানুৱাৰীত ৪২ লাখ লোকলৈ ৰেচন কাৰ্ড
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 8:27 PM IST

১৬ জানুৱাৰীত ৪২ লাখ লোকলৈ ৰেচন কাৰ্ড

গুৱাহাটী, ১১ জানুৱাৰী : ৰাজ্যজুৰি অচিৰেই বিতৰণ কৰা হ’ব ৪২ লাখ ৰেচন কাৰ্ড ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

৪২,৮৫,৭৪৫ গৰাকী লোকক ১৬ জানুৱাৰীৰ পৰা অসমত ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব ৷ বৃহস্পতিবাৰে দিছপুৰত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা সদৰী কৰি কয় যে অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড ।

উল্লখযোগ্য যে ৰেচন কাৰ্ড থকাসকলে উজ্বলা যোজনাৰ চিলিণ্ডাৰৰ লগতে ৫ কেজি চাউল লাভ কৰিবলৈ সক্ষম হ’ব ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনাৰ কাৰ্ড লাভ কৰিব ৰেচন কাৰ্ড লাভ কৰাসকলে ৷ উল্লেখ্য যে ১৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰাৰ পিচতেই ৰাজ্যৰ প্ৰতিখন জিলাত একোজনকৈ মন্ত্ৰীয়ে শুভাৰম্ভ কৰিব ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৷ ১৬ জানুৱাৰীত আৰম্ভ হৈ ২৫ জানুৱাৰীত সমাপ্ত কৰা হ’ব ৰেচন কাৰ্ড বিতৰণপৰ্ব ৷ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে এই মাহৰ ২৫ৰ পৰা ৩০ তাৰিখৰ ভিতৰত চলিত মাহৰ সুলভ মূল্যৰ চাউলো লাভ কৰিব ৷

উল্লেখযোগ্য যে আয়ুষ্মান ভাৰতৰ কাৰ্ড যদি নাথাকে, ৰেচন কাৰ্ড থাকিলেও মেডিকেলৰ সুবিধা লাভ কৰিব ৷ লগতে ৰেচন কাৰ্ড থকা পৰিয়ালক মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা কৰোৱা হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

তদুপৰি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰো সুবিধা ৷ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি বৰ্তমান ৰাজ্যৰ মুঠ ৬৬ লাখ পৰিয়ালে সুবিধা লাভ কৰি আছে এই অৰুণোদয় আঁচনিৰ সুবিধা ।

লগতে পঢ়ক: টকা 10 হাজাৰ দিব মুখ্যমন্ত্ৰীয়ে: কেৱল হিচাপ মিলিব লাগিব সন্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.