ETV Bharat / state

Tree Plantation in Assam: ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত ৰোপণ কৰা হ'ব এক কোটি গছপুলি - হিমন্ত বিশ্ব শৰ্মা

অসমত গছপুলি ৰোপনৰ এক অভিলাষী তথা অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ অহা ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত একেলেগে এক কোটি গছপুলি ৰোপণ কৰাৰ উদ্দেশ্য অসম চৰকাৰৰ ৷ গছপুলি ৰোপণ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে বেংকৰ দ্বাৰা লাভ কৰিব 100 টকাকৈ ৷

Tree Plantation in Assam
Tree Plantation in Assam
author img

By

Published : Aug 2, 2023, 4:40 PM IST

১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত ৰোপণ কৰা হ'ব এক কোটি গছপুলি

গুৱাহাটী, ২ আগষ্ট: অসমত গছপুলি ৰোপনৰ কাৰ্যসূচীক এক ব্যাপক ৰূপ দিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে । এই অভিযানৰ অংশ হিচাপে অসমত একেদিনাই এক কোটি গছপুলি ৰোপনৰ এক অভিনৱ কাৰ্যসূচী ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে । বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত অহা ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত এক কোটি গছপুলি ৰোপনৰ এই অভিযানক ‘অমৃত বৃক্ষ আন্দোলন’ হিচাপে নামাকৰণ কৰিছে ।

এই উপলক্ষে বুধবাৰে দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে দুটা ৱেব পৰ্টেল মুকলি কৰে । ‘Amrit Brikhya Andolan’ আৰু WBI পৰ্টেল মুখ্যমন্ত্ৰীয়ে মুকলি কৰে । উল্লেখ্য যে অমৃত বৃক্ষ আন্দোলনৰ অভিযানত অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী , অংগনবাড়ী কৰ্মী, চাহ বাগিচাৰ কৰ্মচাৰী, শিক্ষানুষ্ঠান, বেচৰকাৰী সংস্থাৰ সদস্য লগতে ব্যক্তিগত লোকে অংশগ্ৰহণ কৰিব পাৰিব ।

অহা ১৭ ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰাৰ ফটোসহ সবিশেষ Amrit Brikhya Andolan পৰ্টেল আপলোড দিব লাগিব । গছপুলি ৰোপনৰ বাবদ চৰকাৰে বেংকৰ জৰিয়তে প্ৰতিজনলোকক ১০০ টকা আগবঢ়াব । তিনিবছৰ গছপুলি ডালক ভালদৰে প্ৰতিপালন কৰাৰ পিছত তিনিবছৰ পিছত ২০০ টকাকৈ আগবঢ়াব ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া এক বৃহৎ পদক্ষেপ । বাণিজ্যিক মূল্য থকা গছপুলি ৰোপণত গুৰুত্ব দিয়া হৈছে । গছপুলিসমূহ বন বিভাগে যোগান ধৰিব ৷ তেওঁ কয় যে অমৃত বৃক্ষ আন্দোলনৰ উদ্দেশ্য হ'ল অসমত এক বৃক্ষ অৰ্থনীতি গঢ়ি তোলা । লগতে কৃষি বনানীকৰণত গুৰুত্ব দিয়া ।

মুখ্যমন্ত্ৰীয়ে কয় যে অহা ২০২৪ চনত ৩ কোটি আৰু ২০২৫ চনত ৫ কোটি গছপুলি এনেদৰে ৰোপণ কৰাৰ লক্ষ্য লোৱা হৈছে । মুখ্যমন্ত্ৰীয়ে জনায় যে কাঠৰ উদ্যোগক সম্প্ৰসাৰিত কৰাৰ বাবে WBI পৰ্টেল মুকলি কৰা হৈছে । উদ্যোগীসকলে ইয়াৰ জৰিয়তে কাঠৰ উদ্যোগ তথা ব্যৱসায়ৰ সবিশেষ এই পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব ।

লগতে পঢ়ক: Gibbon Sanctuary: গিবনত গছপুলি ৰোপনৰ নামত NGOৰ লুণ্ঠনৰাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.